আৰচিবিৰ খিতাপ জয়ৰ পিছতেই বিৰাট কোহলীৰ বিশেষ পোষ্ট…

ভাৰতৰ কিংবদন্তি বেটছমেন তথা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু তাৰকা বিৰাট কোহলীয়ে মহিলা দলটোক পুনৰবাৰ ট্ৰফী জয় কৰাৰ বাবে অভিনন্দন জনায়।

ফাইনেলত দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে।দ্বিতীয় বাৰৰ বাবে ডব্লিউ পি এলৰ খিতাপ দখল কৰিছে আৰ চি বিয়ে।

চেম্পিয়ন হোৱাৰ পিছৰে পৰা আৰ চি বিয়ে ক্ৰিকেট জগতৰ কিংবদন্তিসকলৰ পৰা অহৰহ অভিনন্দন লাভ কৰিছে। আৰচিবিৰ মহিলা দলৰ এই কৃতিত্বৰ বাবে বিৰাট কোহলীয়েও ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে আৰু দলটোক অভিনন্দন জ্ঞাপন কৰে।বিৰাট কোহলীয়ে আৰ চি বিক এই জয়ৰ যোগ্য বুলি কয়।

আৰ চি বি চেম্পিয়ন হোৱাৰ পিছতে বিৰাট কোহলীয়ে এটা হৃদয়স্পৰ্শী পোষ্ট শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰামত দলটোৰ উদযাপনৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘আমি আকৌ চেম্পিয়ন।

দলটোৰ খেলুৱৈসকলে আৰচিবিৰ পতাকাখন উৰুৱাই ৰাখিছে আৰু এয়াও তেনে এক কৃতিত্ব, যাৰ বাবে আপোনালোক সকলোৱে গৌৰৱ কৰিব পাৰে।

এই  জয়ৰ বাবে স্মৃতি মান্ধনা, সমগ্ৰ দল আৰু দল পৰিচালনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।আপোনালোক সকলোৱে এই জয়ৰ যোগ্য। এই মুহূৰ্তটো উপভোগ কৰক আৰু আমাৰ অনুৰাগীসকলৰ মৰম অনুভৱ কৰক।

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি; চতুৰ্থবাৰৰ বাবে স্বপ্নভংগ দিল্লী কেপিটেলছৰ

দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি; চতুৰ্থবাৰৰ বাবে স্বপ্নভংগ দিল্লী কেপিটেলছৰ

মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৬ৰ খিতাপ দ্বিতীয়বাৰৰ বাবে দখল কৰিলে আৰ চি বিয়ে। ফাইনেলত প্ৰৱেশ কৰি চতুৰ্থবাৰৰ বাবে নিৰাশ হ’ব লগা হ’ল দিল্লী কেপিটেলছৰ

স্মৃতি মান্ধনা নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰে।

৫ ফেব্ৰুৱাৰীত বাডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৬ৰ ফাইনেল মেচখন দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈছিল।

প্ৰথমে বেটিং কৰি জয়ৰ হ’বৰ বাবে দিল্লীয়ে আৰ চি বিক ২০৪ ৰানৰ লক্ষ্য বান্ধি দিছিল,যিটো আৰ চি বিয়ে শেষ অভাৰৰ চতুৰ্থ বলত অৰ্জন কৰিছিল।

চতুৰ্থবাৰৰ বাবে খিতাপ দখলৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল দিল্লী।চাৰিওটা ছিজনতে দিল্লী কেপিটেলছ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও শেষত হতাশ হ’ব লগা হয়।

উল্লেখ্য যে, ২০২৩ আৰু ২০২৫ চনৰ ডব্লিউ পি এল ছিজনত মুম্বাই ইণ্ডিয়ানছ (এম আই)য়ে জয়লাভ কৰাৰ লগতে ২০২৪ চনত আৰ চি বিয়ে জয়লাভ কৰিছিল।

মেচখনত আৰচিবিৰ আৰম্ভণি বৰ ভাল নাছিল।বিস্ফোৰক অ’পেনাৰ গ্ৰেচ হেৰিক পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত মুঠ স্ক’ৰত মাত্ৰ ৯ ৰান সংযোজন হয়।

ইয়াৰ পিছতে অধিনায়ক স্মৃতি মান্ধনাই জৰ্জিয়া ৱালৰ সৈতে যোগ দি ইনিংছটো সুস্থিৰ কৰি তুলিছিল। দুয়োগৰাকী বেটছমেনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই দলটোক স্মৰণীয় জয়ৰ দিশে আগুৱাই লৈ যায়।জৰ্জিয়া ৱালে ৫৪টা বলত ৭৯ ৰান সংগ্ৰহ কৰে। আনহাতে ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় স্মৃতি মান্ধনা।

লগতে পঢ়ক: ‘আমাৰ টিকট বুক হৈ গৈছে,আমি কলম্বোলৈ যাম’; IND vs PAK ৰ মেচক লৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত মুখামুখি হ’ব দিল্লী আৰু বেংগালুৰু

চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ দিল্লী কেপিটেলছৰ। স্মৃতি মান্ধনাৰ আৰচিবিৰ বিৰুদ্ধে খেলপথাৰত নামিব জেমিমাহ ৰড্ৰিগেজৰ টীম

মহিলা প্ৰিমিয়াৰ লীগ (WPL 2026)ৰ চতুৰ্থ সংস্কৰণৰ এলিমিনেটৰ মেচত দিল্লী কেপিটেলে গুজৰাট জায়েন্টছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি হ’ব,যিয়ে পইণ্ট টেবুলৰ শীৰ্ষ স্থান দখল কৰি পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিছিল।

দ্বিতীয় সংস্কৰণৰ বিজয়ী ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।২০২৪ চনত দলটোৱে দিল্লীক পৰাস্ত কৰি খিতাপ দখল কৰিছিল।

এই সংস্কৰণত আৰ চি বিয়ে পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰি প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰে। দলটোৱে ৮খন খেলৰ ভিতৰত ৬খন খেলত জয়লাভ কৰিছিল।দুখন খেলৰ ভিতৰত এখন খেলত দিল্লীৰ বিৰুদ্ধে পৰাস্ত হয় আৰ চি বি,যি এই ছিজনত তৃতীয় স্থানত থাকিল।

মহিলা প্ৰিমিয়াৰ লীগ (২০২৩)ৰ প্ৰথম সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰিছিল দিল্লী কেপিটেলছ, ইয়াৰ পিছত দিল্লীয়ে প্ৰতিটো সংস্কৰণতে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও কেতিয়াও খিতাপ দখল কৰিব নোৱাৰিলে।এতিয়া দিল্লীয়ে প্ৰথম খিতাপৰ বাবে আৰচিবিৰ সৈতে মুখামুখি হ’ব।

৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত ফাইনেল অনুষ্ঠিত হ’ব। মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা কোট্টাম্বিৰ বিচিএ ষ্টেডিয়ামত আৰম্ভ হ’ব।

লগতে পঢ়ক: ‘পাকিস্তানৰ এটা প্ৰজন্ম ধ্বংস হৈ যাব’; বিশ্বকাপ বিতৰ্কক লৈ কপিল দেৱৰ তীক্ষ্ণ সমালোচনা

লাইট, সংগীত, ক্ৰিকেট;  আজি উদ্বোধন হ’ব মহিলা প্ৰিমিয়াৰ লীগ ২০২৬

আজিৰে পৰা আৰম্ভ হ’ব মহিলা প্ৰিমিয়াৰ লীগ ২০২৬। উদ্বোধনী অনুষ্ঠানত বলীউডৰ তাৰকাই দিব চমক।

মহিলা ক্ৰিকেটৰ বৃহৎ মঞ্চ মহিলা প্ৰিমিয়াৰ লীগ পুনৰ নিজৰ ষ্টাইলত ঘূৰি আহিছে। মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ চতুৰ্থ ছিজন আজিৰে পৰা আৰম্ভ হ’ব।

প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ৯ জানুৱাৰীত এক ভৱ্য উদ্ধোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। য’ত ক্ৰিকেটৰ লগতে বলীউডৰ সোৱাদও দেখা যাব।

এই বিশেষ উপলক্ষে প্ৰথমখন মেচ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব।

মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ উদ্ধোধনী অনুষ্ঠান ৯ জানুৱাৰী শুকুৰবাৰে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল সন্ধিয়া ৭:৩০ বজাত (IST) আৰম্ভ হ’ব।

BCCI এ এইবাৰ এইবাৰ মুকলি অনুষ্ঠানটো বিশেষ কৰিবলৈ বলীউডৰ ডাঙৰ ডাঙৰ তাৰকাক আমন্ত্ৰণ জনোৱা হৈছে।বিখ্যাত গায়ক য়ো য়ো হানি সিঙে নিজৰ জনপ্ৰিয় গীতেৰে ষ্টেডিয়ামত পৰিৱেশ সৃষ্টি কৰিব।

তেওঁৰ উপৰিও বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজেও অভিনয় কৰিব।ইয়াৰ লগতে মিছ ইউনিভাৰ্ছ ২০২১ হৰনাজ সন্ধুৱেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব,যাৰ বাবে অনুষ্ঠানটোৰ গ্লেমাৰ আৰু বৃদ্ধি পাব।

WPL ২০২৬ ত মুঠ পাঁচটা দলে অংশগ্ৰহণ কৰিছে।সেই দলকেইটা হৈছে মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, দিল্লী কেপিটেলছ, গুজৰাট জায়েন্টছ আৰু ইউ পি ৱাৰিয়ৰ্ছ। এইবাৰ প্ৰতিযোগিতাখনত মুঠ ২২খন খেল অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: শেষ হোৱা নাই বাংলাদেশৰ নাটক; বিশ্বকাপৰ স্থান সলনি কৰিবলৈ আইচিচিলৈ দ্বিতীয়খন পত্ৰ

ঘোষণা কৰা হ’ল WPL ৰ সূচী; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছ-ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত সংঘৰ্ষ

ঘোষণা কৰা হ’ল WPL ৰ সূচী

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২৯ নৱেম্বৰ (শনিবাৰে) মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ সূচী প্ৰকাশ কৰে।৯ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব WPLৰ চতুৰ্থ ছিজন।

নৱী মুম্বাই আৰু বডোদৰাত অনুষ্ঠিত হ’ব এই খেল।ছিজনৰ উদ্বোধনী মেচখন নভি মুম্বাইত অনুষ্ঠিত হ’ব,য’ত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত মুখামুখি হ’ব।

৯ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ চলিবলগীয়া নভি মুম্বাই লেগত মুঠ ১১খন খেল অনুষ্ঠিত হ’ব।

ইয়াৰ পিছত লীগখন বাডোদাৰালৈ স্থানান্তৰিত হ’ব,য’ত প্লে অফকে ধৰি বাকী ১১খন মেচ অনুষ্ঠিত হ’ব।বাডোদাৰা লেগত প্ৰথমখন খেলত গুজৰাট জায়েন্টছ (জি জি) আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব।

ইয়াৰ পিছতে দিল্লী কেপিটেলছ (ডি চি) আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত সংঘৰ্ষ হ’ব,যিখন হ’ব ২০২৫ চনৰ ফাইনেলৰ ৰিমেচ।

লগতে পঢ়ক: টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত বৃদ্ধি পাইছে গৌতম গম্ভীৰৰ সমস্যা; টি-২০বিশ্বকাপৰ পিছতে BCCI এ ল’ব পাৰে সিদ্ধান্ত!

WPL মেগা নিলামৰ মাজতে আহি গ’ল সূচী; ২৮ দিন ধৰি চলিব মেচ

WPL মেগা নিলামৰ মাজতে আহি গ’ল সূচী

নতুন দিল্লীত চলি আছে মহিলা প্ৰিমিয়াৰ লীগ ( WPL) ৰ প্ৰথমটো মেগা নিলাম।এই নিলামত ভাৰতৰ দীপ্তি শৰ্মাই সৰ্বাধিক বিড লাভ কৰিছে।তেওঁক ইউ পি ৱাৰিয়ৰ্ছে ৩.২০ কোটি টকাত ক্ৰয় কৰিছে।

মুম্বাই ইণ্ডিয়ানছে ৩ কোটি টকাত তেওঁলোকৰ দলত যোগ কৰিলে নিউজিলেণ্ডৰ আমেলিয়া কেৰক।লগতে ২.৪০ কোটি টকাত শিখা পাণ্ডেক সংযোজন কৰে ইউ পিয়ে।

নিউজিলেণ্ডৰ ছফী ডেভাইনক ২ কোটি টকাত ক্ৰয় কৰিছে গুজৰাটে।দিল্লীক তিনিবাৰকৈ ফাইনেললৈ লৈ যোৱা অধিনায়ক মেগ লেনিঙে ১.৯০ কোটি টকাৰে ইউ পিৰ অংশ হৈ পৰে।

মধ্য প্ৰদেশৰ ভোপালৰ নিবাসী ৰাহিলা ফিৰদৌছক মুম্বাই ইণ্ডিয়ানে ১০ লাখ টকাত ক্ৰয় কৰিছে।ভাৰতীয় অল ৰাউণ্ডাৰ পূজা বষ্ট্ৰকাৰক ৮৫ লাখ টকাৰ সফল বিডেৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলত যোগ কৰা হৈছে।

মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ ( WPL) ৰ নিলামৰ মাজতে বিচিচিআইয়ে ছিজনৰ সূচী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।৯ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব মহিলা প্ৰিমিয়াৰ লীগ ২০২৬।

বিচিচিআইৰ তথ্য অনুসৰি অহা ছিজনৰ মেচসমূহ নৱী মুম্বাই আৰু বড়োদাৰাত অনুষ্ঠিত হ’ব।নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়াম আৰু বড়োদাৰাৰ বি চি এ ষ্টেডিয়ামত খেল অনুষ্ঠিত হোৱাৰ লগতে তাতে ফাইনেল খেলখনো অনুষ্ঠিত হ’ব।

নৱী মুম্বাই যোৱা কেইবছৰমানৰ পৰা মহিলাৰ আন্তঃৰাষ্ট্ৰীয় মেচ আৰু মহিলা প্ৰিমিয়াৰ লীগৰ এক অতি গুৰুত্বপূৰ্ণ স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে।মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ লীগৰ চতুৰ্থ ছিজন হ’ব।

এই লীগ ২০২৩ চনত আৰম্ভ হৈছিল।যোৱা তিনিটা ছিজনত দুবাৰকৈ মুম্বাই ইণ্ডিয়ানছ চেম্পিয়ন হৈ পৰিছে,আনহাতে দিল্লী কেপিটেলছ তিনিওটা ছিজনতে ৰানাৰ্ছ আপ হৈ আছে।

লগতে পঢ়ক: টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ; সামাজিক মাধ্যমত আৱেগিক পোষ্ট