টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত বৃদ্ধি পাইছে গৌতম গম্ভীৰৰ সমস্যা; টি-২০বিশ্বকাপৰ পিছতে BCCI এ ল’ব পাৰে সিদ্ধান্ত!

টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত বৃদ্ধি পাইছে গৌতম গম্ভীৰৰ সমস্যা; টি-২০বিশ্বকাপৰ পিছতে BCCI এ ল’ব পাৰে সিদ্ধান্ত!

টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত বৃদ্ধি পাইছে গৌতম গম্ভীৰৰ সমস্যা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰাজয়ক লৈ ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ সুখী নহয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)। ইডেন গাৰ্ডেনছত ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত

টেষ্ট শৃংখলাত পৰাজয়ৰ পিছত বৃদ্ধি পাইছে গৌতম গম্ভীৰৰ সমস্যা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰাজয়ক লৈ ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ সুখী নহয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)।

ইডেন গাৰ্ডেনছত ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত ৩০ ৰানৰ লজ্জাজনক পৰাজয়ৰ সন্মুখীন হৈছিল।

আনহাতে ইয়াৰ পিছত গুৱাহাটী টেষ্টত ভাৰতে ৪০৮ ৰানৰ ক্ৰুচিং পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে গম্ভীৰক লৈ সুখী নহয় ব’ৰ্ড।কিন্তু বৰ্তমান সময়ত কোনো ব্যৱস্থা লোৱাৰ সম্ভাৱনা নাই।

২০২৬ চনত যদি ঘৰুৱা দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাত ব্যৰ্থ হয় তেন্তে তাৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব পাৰে গম্ভীৰ।

কলকাতা টেষ্টৰ পিছত খেলপথাৰ সন্দৰ্ভত গম্ভীৰৰ বক্তব্যও চৰ্চা চলি আছে।কলকাতা খেলপথাৰত ভাৰতৰ মুখ্য প্ৰশিক্ষক গৰাকীৰ বক্তব্যত বিচিচিআই সম্পূৰ্ণৰূপে সুখী নহয়।

অৱশ্যে বৰ্তমান ব’ৰ্ডে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত আছে।বৰ্তমান বিকল্পৰ অভাৱত  এই দায়িত্বত গম্ভীৰকেই অব্যাহত ৰাখিব পাৰে।

চলিত বৰ্ষৰ শেষৰ ফালে ঘৰুৱা টি-২০ বিশ্বকাপত যদি ভাৰতে ভাল প্ৰদৰ্শন নকৰে তেন্তে তেওঁৰ স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব পাৰে।

লগতে পঢ়ক; টিম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনক লৈ দুখ প্ৰকাশ ঋষভ পণ্টৰ; সামাজিক মাধ্যমত আৱেগিক পোষ্ট

শেহতীয়া প্ৰৱন্ধসমূহ