RCB ৰ বিজয় পেৰেডত ভয়ংকৰ ঘটনা; পদপৃষ্ট হৈ ১০জনৰ মৃত্যু

RCB ৰ বিজয় পেৰেডত ভয়ংকৰ ঘটনা

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত জনসমাগমৰ বাবে এক ভয়ংকৰ ঘটনা সংঘটিত হয়।আই পি এল ২০২৫ ৰ চেম্পিয়ন হোৱা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু (RCB) দলটোৰ বাবে ইয়াত বিজয়ৰ পেৰেড অনুষ্ঠিত কৰিছিল।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুয়ে (RCB) ipl 2025 জয় কৰাৰ পিছত আৰচিবিৰ সকলো খেলুৱৈসকলক এক বিশেষ সম্বৰ্ধনা জনাবৰ বাবে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ উদ্যোগত আজি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

আৰচিবিৰ লাখ লাখ অনুৰাগীয়ে তেওঁলোকৰ দলৰ বিজয়ী খেলুৱৈক চাবৰ বাবে  এম চিন্নাস্বামী ষ্টেডিয়ামত উপস্থিত হৈছিল।

কিন্তু পৰিস্থিতি ইমানেই অনিয়ন্ত্ৰিত হৈ পৰিল যে বহু লোকে দেৱাল আৰু বেৰিকেডৰ ওপৰেৰে জপিয়াই ষ্টেডিয়ামত প্ৰৱেশৰ চেষ্টা আৰম্ভ কৰিলে,যাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়।

বৰ্তমানলৈ পোৱা তথ্য অনুসৰি পদপৃষ্ট হৈ প্ৰায় ১০ জন লোকৰ মৃত্যু হৈছে আৰু ২৫ তকৈ অধিক লোক আহত হৈছে। মৃতকৰ ভিতৰত এটা শিশুও আছে।

বৰ্তমান উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে আৰু আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

২ লাখ লোক আহিব বুলি আশা কৰা হৈছিল যদিও ৬ লাখ লোক আহিছিল।

বাংগালুৰুত RCBৰ ঐতিহাসিক জয়ৰ উদযাপন শোকলৈ পৰিণত হ’ল। জানিব পৰা মতে প্ৰশাসনে অনুমান কৰিছিল যে অনুষ্ঠানটোত ২ লাখ মান লোক উপস্থিত হ’ব কিন্তু তাত প্ৰায় ৬ লাখ লোকৰ সমাগম ঘটিল।

পৰিস্থিতি এনেকুৱা হৈ পৰিল যে ৩২০০০ ক্ষমতা থকা ষ্টেডিয়ামখনত লাখ লাখ লোক উপস্থিত হয়। ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ বাবে কেইবাখনো গেট আছিল যদিও একেখন গেটতে ভিৰ বৃদ্ধি হৈ বিশৃংখলতাৰ সৃষ্টি হয়।

আৰক্ষী আৰু ষ্টেডিয়াম প্ৰশাসনে ৰাইজক বাধা দিয়াৰ চেষ্টা কৰে,কিন্তু উপস্থিত লোক সকলে কাৰো কথা শুনা নাছিল।ইয়াৰ পিছত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া হয়, যাৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

চিন্নাস্বামীৰ ভয়াবহতা সন্দৰ্ভত কি ক’লে ডি কে?

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয়, ‘RCB আৰু কৰ্ণাটকক লৈ আমি অতি গৌৰৱান্বিত।মই ভাবো এইটো নিয়ন্ত্ৰিত ভিৰ নাছিল।মই বেংগালুৰু আৰু কৰ্ণাটকৰ সকলোৰে ওচৰত ক্ষমা বিচাৰিছো,আমি শোভাযাত্ৰা উলিয়াব বিচাৰিছিলো, কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল।

শোকৰ মাজতো আৰ চি বিৰ প্ৰতি সন্মান!

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে বিধান সৌধাত আই পি এল ২০২৫ বিজয়ী ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দলটোক সম্বৰ্ধনা জনায়।

আই পি এল ২০২৫ বিজয়ী ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দলৰ বিষয়ে শিৱকুমাৰে কয়, ‘গোটেই কৰ্ণাটক অতি সুখী।মই বিৰাট কোহলীক অভিনন্দন জনাইছো।আশা কৰোঁ এয়া আৰম্ভণি আৰু অনাগত বছৰবোৰত আৰ চি বিয়ে পুনৰ আই পি এলৰ ট্ৰফী জয় কৰিব’।

লগতে পঢ়ক: ১৭ বছৰৰ পিছত পুনৰ টেলিভিচনলৈ স্মৃতি ইৰাণী;  তুলসী চৰিত্ৰত কৰিব অভিনয়

আই পি এল চেম্পিয়ন আৰ চি বিৰ ওপৰত টকাৰ বৰষুণ; পঞ্জাৱ কিংছলৈয়ো কোটি টকা…

আই পি এল চেম্পিয়ন আৰ চি বিৰ ওপৰত টকাৰ বৰষুণ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ১৮ সংখ্যক ছিজনৰ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে । ৩ জুনত (মঙলবাৰ) আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে । ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে আৰ চি বি আই পি এল চেম্পিয়ন হোৱাৰ বিপৰীতে পঞ্জাব কিংছৰ প্ৰথম খিতাপ জয়ৰ অপেক্ষা এতিয়াও অব্যাহত আছে ।

২০২৫ চনৰ আই পি এলৰ ফাইনেলৰ পাছত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলৰ ওপৰত ধনৰ বৰষুণ হয় । ইয়াৰ উপৰিও প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক বঁটা প্ৰদান কৰা হয় । আই পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ২০ কোটি টকা লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ পঞ্জাব কিংছে ১২.৫০ কোটি টকা লাভ কৰে ।

আই পি এল ২০২৫ত শীৰ্ষ ৪ দলৰ পুৰস্কাৰৰ ধন

-আই পি এল চেম্পিয়ন (ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু)- ২০ কোটি টকা

-ৰানাৰ্ছ আপ (পাঞ্জাব কিংছ)- ১২.৫ কোটি টকা

-তৃতীয় স্থানৰ দল (মুম্বাই ইণ্ডিয়ানছ)- ৭ কোটি টকা

-চতুৰ্থ স্থানৰ দল (গুজৰাট টাইটানছ)- ৬.৫ কোটি টকা

এইসকলেও লাভ কৰিলে বঁটা-

ছিজনৰ সৰ্বাধিক ৰান (অৰেঞ্জ কেপ)- ছাই সুদৰ্শন (৭৫৯ ৰান), ১০ লাখ টকা

ছিজনৰ সৰ্বাধিক উইকেট (পাৰ্পল কেপ)- প্ৰসিদ্ধ কৃষ্ণ (২৫ উইকেট), ১০ লাখ টকা

ছিজনৰ উদীয়মান খেলুৱৈ- ছাই সুদৰ্শন, ১০ লাখ টকা

ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ- সূৰ্য্যকুমাৰ যাদৱ, ১৫ লাখ টকা

ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ- বৈভৱ সূৰ্য্যবংশী, টাটা কাৰ্ভ ইভি কাৰ

ছিজনৰ সৰ্বাধিক ছয়- নিকোলাছ পোৰাণ, ১০ লাখ টকা

ছিজনত সৰ্বাধিক ডট বল – মহম্মদ চিৰাজ, ১০ লাখ টকা

ছিজনৰ শ্ৰেষ্ঠ কেচ – কামিন্দু মেণ্ডিছ, ১০ লাখ টকা

ছিজনৰ সৰ্বাধিক চাৰি- সাই সুদৰ্শন, ১০ লাখ টকা

ফেয়াৰ প্লে বঁটা- চেন্নাই ছুপাৰ কিংছ

পিটচ এণ্ড গ্ৰাউণ্ড বঁটা- ডি ডি চিএ (দিল্লী ডিষ্ট্ৰিক্ট আৰু ক্ৰিকেট সন্থা), ৫০ লাখ টকা

ফাইনেলত অসাধাৰণ প্ৰদৰ্শনৰ বাবে বঁটা-

খেলৰ শ্ৰেষ্ঠ খেলুৱৈ : ক্ৰুনাল পাণ্ডিয়া

মেচৰ ছুপাৰ ষ্ট্ৰাইকাৰ : জিতেশ শৰ্মা

ফেণ্টাচি প্লেয়াৰ অৱ দ্য মেচৰ : শশাংক সিং

 খেলৰ ছুপাৰ ছয়: শশাংক সিং

মেচৰ গ’-4s: ক্ৰুনাল পাণ্ডিয়া

মেচৰ গ্ৰীণ ডট বল : ক্ৰুনাল পাণ্ডিয়া

লগতে পঢ়ক : অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ আধিপত্য; উজলিল ছাই সুদৰ্শন আৰু প্ৰসিদ্ধ কৃষ্ণ

এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন;  আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত পাঞ্জাৱ কিংছে জয় লাভ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পাঞ্জাৱ কিংছে কোৱালিফায়াৰ-২ত পাঁচবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ফাইনেলত প্ৰৱেশ কৰিছে।

পাঞ্জাৱ কিংছে শেষবাৰৰ বাবে ২০১৪ চনত আই পি এলৰ ফাইনেল খেলিছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল।

আই পি এলৰ ইতিহাসত এইটো মাত্ৰ দ্বিতীয়টো সুযোগ যেতিয়া পাঞ্জাৱ দলটোৱে প্লে অফ আৰু ফাইনেলত প্ৰৱেশ কৰিছে।

এতিয়া ৩ জুনত খিতাপৰ যুঁজত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰজত পাটিদাৰৰ নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব পাঞ্জাৱ কিংছে।

এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে লাভ কৰিব নতুন চেম্পিয়ন, কাৰণ পাঞ্জাৱ কিংছ আৰু আৰ চি বি দুয়োটাই প্ৰথমটো আই পি এল খিতাপলৈ অপেক্ষা কৰি আছে।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে দশমবাৰৰ বাবে আই পি এল প্লে অফত প্ৰৱেশ কৰিছে, কিন্তু তেওঁলোকে কেতিয়াও খিতাপ জয় কৰাৰ সুযোগ পোৱা নাই।

ইফালে এইবাৰ চতুৰ্থবাৰৰ বাবে আৰ চি বিৰ দলে আইপিএলৰ ফাইনেল খেলিব।ইয়াৰ পূৰ্বে ক্ৰমে ২০০৯, ২০১১ আৰু ২০১৬ চনত ফাইনেলত ক্ৰমে: ডেকান চাৰ্জাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আধুনিক যুগৰ ক্ৰিকেট কিংবদন্তি বিৰাট কোহলী আই পি এল কেৰিয়াৰৰ আৰম্ভণিৰে পৰা আৰ চি বিৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকেও প্ৰথমটো আই পি এল ট্ৰফীৰ বাবে অপেক্ষা কৰি আছে।

শ্ৰেয়াছে নিজৰ অধিনায়কত্বত পাঞ্জাৱক ফাইনেললৈ লৈ গৈ ইতিহাস ৰচনা কৰিলে।তেওঁ তিনিটা ভিন্ন দলক নেতৃত্ব দি আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ২০২০ চনত তেওঁ দিল্লী কেপিটেলছক খিতাপ মেচত আগুৱাই লৈ গৈছিল।তেতিয়া মুম্বাই ইণ্ডিয়ানে তেওঁলোকক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।

ইয়াৰ পিছত ২০২৪ চনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছক ফাইনেললৈ লৈ যায় আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি খিতাপ দখল কৰে।

লগতে পঢ়ক: সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp

‘ভালেই হ’ল পৰাজয় হ’লো কাৰণ…’; পৰাস্ত হোৱাৰ পিছত কিয় এই কথা ক’লে আৰ চি বিৰ অধিনায়কে?

আৰ চি বি

ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত শুকুৰবাৰে লক্ষ্ণৌত আই পি এলৰ মেচখন অনুষ্ঠিত হয়।ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰি ঈশান কিষানৰ ৯৪ ৰানৰ সৈতে ২৩১/৬ ৰান সংগ্ৰহ কৰে।

ইয়াৰ উত্তৰ দিবলৈ খেলপথাৰলৈ নমা আৰ চি বিয়ে মেচখনত বহু ভুল কৰিছিল, যাৰ বাবে মেচখনত তেওঁলোক পৰাস্ত হৈছিল।আৰচিবি ১৮৯ ৰানত অল আউট হৈছিল আৰু এইদৰে ৪২ ৰানত পৰাস্ত হয়।

এই খেলখনত আৰচিবিৰ নিয়মীয়া অধিনায়ক ৰজত পাটিদাৰৰ ঠাইত উইকেটকীপাৰ-বেটছমেন জিতেশ শৰ্মাই কমাণ্ডৰ দায়িত্ব লয়।

দলটোৰ নিয়মীয়া অধিনায়ক ৰজত পাটিদাৰ সম্পূৰ্ণ ফিট নাছিল, তেওঁ কেৱল বেটিংহে কৰিব পাৰিছিল, গতিকে তেওঁক বিকল্প খেলুৱৈৰ তালিকাত ৰখা হৈছিল।

অৱশ্যে খেলৰ অন্তত জিতেশ শৰ্মাই দলৰ প্ৰদৰ্শনৰ কথা কয়।তেওঁ স্বীকাৰ কৰে যে তেওঁৰ দলটোৱে প্ৰায় ২০-৩০টা অতিৰিক্ত ৰান হেৰুৱাই আৰু আৰম্ভণিতে আশা কৰা ধৰণৰ গতি দেখুৱাব পৰা নাছিল।

জিতেশে কয়, “মই ভাবো আমি ২০-৩০ ৰান বেছি দিলোঁ, তেওঁ উজ্জ্বল বেটিং কৰিছিল, তেওঁলোকৰ আক্ৰমণৰ মোৰ হাতত কোনো উত্তৰ নাছিল, আমি অলপ দুৰ্বল আছিলো আৰু আৰম্ভণিতে আমাৰ প্ৰদৰ্শন দেখা পোৱা নাছিল।দলৰ বলিঙৰ প্ৰশংসা কৰি জিতেশে কয় যে ডেথ অভাৰত দলটোৱে উজ্জ্বলভাৱে বলিং কৰিছিল।

মেচৰ পিছত হোৱা কথা-বতৰাত জিতেশে এনেকুৱা এটা কথা ক’লে যিটোৰ বিষয়ে বহুলভাৱে চৰ্চা চলি আছে।জিতেশে এই পৰাজয়ক এক গুৰুত্বপূৰ্ণ শিক্ষা হিচাপে লৈছিল।

তেওঁ ক’লে- কেতিয়াবা মেচত পৰাস্ত হোৱাটোও এটা ভাল লক্ষণ, কাৰণ আপুনি নিজৰ অভাৱ বিশ্লেষণ কৰিব পাৰে, ভাল কথাটো হ’ল সকলো খেলুৱৈয়ে অৰিহণা যোগাইছে, এই পৰাজয়ৰ পিছত আমি পুনৰ কথাবোৰ পৰ্যালোচনা কৰাৰ সুযোগ পাইছো, আমি ইয়াৰ পৰা আগবাঢ়ি যাম।

লগতে পঢ়ক:‘নিৰ্দোষী লোকক হত্যা, ধৰ্মীয় স্থানক লক্ষ্য কৰাটো ভণ্ডামি…’; ৰাষ্ট্ৰসংঘত ভাৰতে PAKক দিলে ধমক