আৰ চি বি

এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন;  আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত পাঞ্জাৱ কিংছে জয় লাভ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পাঞ্জাৱ কিংছে কোৱালিফায়াৰ-২ত পাঁচবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ফাইনেলত প্ৰৱেশ কৰিছে।

আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত পাঞ্জাৱ কিংছে জয় লাভ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পাঞ্জাৱ কিংছে কোৱালিফায়াৰ-২ত পাঁচবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ফাইনেলত প্ৰৱেশ কৰিছে।

পাঞ্জাৱ কিংছে শেষবাৰৰ বাবে ২০১৪ চনত আই পি এলৰ ফাইনেল খেলিছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল।

আই পি এলৰ ইতিহাসত এইটো মাত্ৰ দ্বিতীয়টো সুযোগ যেতিয়া পাঞ্জাৱ দলটোৱে প্লে অফ আৰু ফাইনেলত প্ৰৱেশ কৰিছে।

এতিয়া ৩ জুনত খিতাপৰ যুঁজত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰজত পাটিদাৰৰ নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব পাঞ্জাৱ কিংছে।

এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে লাভ কৰিব নতুন চেম্পিয়ন, কাৰণ পাঞ্জাৱ কিংছ আৰু আৰ চি বি দুয়োটাই প্ৰথমটো আই পি এল খিতাপলৈ অপেক্ষা কৰি আছে।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে দশমবাৰৰ বাবে আই পি এল প্লে অফত প্ৰৱেশ কৰিছে, কিন্তু তেওঁলোকে কেতিয়াও খিতাপ জয় কৰাৰ সুযোগ পোৱা নাই।

ইফালে এইবাৰ চতুৰ্থবাৰৰ বাবে আৰ চি বিৰ দলে আইপিএলৰ ফাইনেল খেলিব।ইয়াৰ পূৰ্বে ক্ৰমে ২০০৯, ২০১১ আৰু ২০১৬ চনত ফাইনেলত ক্ৰমে: ডেকান চাৰ্জাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আধুনিক যুগৰ ক্ৰিকেট কিংবদন্তি বিৰাট কোহলী আই পি এল কেৰিয়াৰৰ আৰম্ভণিৰে পৰা আৰ চি বিৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকেও প্ৰথমটো আই পি এল ট্ৰফীৰ বাবে অপেক্ষা কৰি আছে।

শ্ৰেয়াছে নিজৰ অধিনায়কত্বত পাঞ্জাৱক ফাইনেললৈ লৈ গৈ ইতিহাস ৰচনা কৰিলে।তেওঁ তিনিটা ভিন্ন দলক নেতৃত্ব দি আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ২০২০ চনত তেওঁ দিল্লী কেপিটেলছক খিতাপ মেচত আগুৱাই লৈ গৈছিল।তেতিয়া মুম্বাই ইণ্ডিয়ানে তেওঁলোকক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।

ইয়াৰ পিছত ২০২৪ চনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছক ফাইনেললৈ লৈ যায় আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি খিতাপ দখল কৰে।

লগতে পঢ়ক: সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp

শেহতীয়া প্ৰৱন্ধসমূহ