এছিয়া কাপ ২০২৫ : দলৰ পৰা বাদ পৰিল আই পি এল ২০২৫ৰ অৰেঞ্জ আৰু পাৰ্পল কেপ বিজয়ী খেলুৱৈ

এছিয়া কাপ ২০২৫

এছিয়া কাপ ২০২৫ৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতীয় দল । এইবাৰ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । ১৫ জনীয়া দলটোত কিছুমান অপ্ৰত্যাশিত নামো আছে । কোৱা হয় যে আই পি এলৰ প্ৰদৰ্শন টি-২০ৰ বাবেও বিবেচনা কৰা হয় । কিন্তু এইবাৰ নিৰ্বাচনত আই পি এল ২০২৫ৰ অৰেঞ্জ কেপ বা পাৰ্পল কেপ লাভ কৰা খেলুৱৈক দলত স্থান দিয়া হোৱা নাই । একে সময়তে লীগত ২৬১ ৰান সংগ্ৰহ কৰা এজন খেলৱৈকহে অন্তৰ্ভুক্ত কৰা হৈছে । কেৱল এয়াই নহয়, আই পি এলত নিজৰ দলটোক দুবাৰকৈ ফাইনেললৈ লৈ যোৱা অধিনায়ক শ্ৰেয়াছ আয়াৰেও স্থান লাভ কৰা নাই ।

এছিয়া কাপৰ দলত আছে আই পি এল ২০২৫ৰ শীৰ্ষ ৭ৰ দুগৰাকী ভাৰতীয় বেটছমেন-

২০২৫ চনৰ আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলা ছাই সুদৰ্শনে সৰ্বাধিক ৰান সংগ্ৰহ কৰে । ১৫খন মেচৰ ১৫টা ইনিংছত গড়ে ৫৪.২১ আৰু ষ্ট্ৰাইক ৰেট ১৫৬.১৭ত ৭৫৯ ৰান সংগ্ৰহ কৰে তেওঁ । ইয়াৰ ভিতৰত এটা শতক আৰু ছটা অৰ্ধশতকো আছে । একে সময়তে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা সূৰ্য্যকুমাৰ যাদৱ ভাৰতীয় দলৰ অধিনায়ক । ২০২৫ চনৰ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল সূৰ্য্যকুমাৰে । ১৬খন মেচৰ ১৬ টা ইনিংছত গড়ে ৬৫.১৮ আৰু ষ্ট্ৰাইক ৰেট ১৬৭.৯১ ৰে ৭১৭ ৰান সংগ্ৰহ কৰিছিল তেওঁ । ইয়াৰ ভিতৰত পাঁচটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে ।

একে সময়তে ৬৫৭ ৰানেৰে তৃতীয় স্থানত আছিল বিৰাট কোহলী, ৬৫০ ৰানেৰে চতুৰ্থ স্থানত শুভমন গীল আৰু ৬২৭ ৰানেৰে পঞ্চম স্থানত মিচেল মাৰ্ছ আছিল । আই পি এল ২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা সামগ্ৰিকভাৱে শীৰ্ষ ১০ গৰাকী খেলুৱৈৰ ভিতৰত ৭ গৰাকী ভাৰতীয় আছিল আৰু ইয়াৰে মাত্ৰ দুজন ভাৰতীয় খেলুৱৈ বৰ্তমানৰ এছিয়া কাপৰ দলত আছে । টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিৰাটে । আই পি এল ২০২৫ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা শীৰ্ষ ১০ খেলুৱৈৰ ভিতৰত সুদৰ্শন, সূৰ্যকুমাৰ আৰু গীলৰ উপৰিও শ্ৰেয়াছ আয়েৰে ছয় নম্বৰ, যশস্বী জয়ছোৱাল সাত নম্বৰ, প্ৰভসিমৰন সিং আঠ নম্বৰত আৰু কে এল ৰাহুল নৱম স্থানত আছে । জছ বাটলাৰ দশম স্থানত আছিল ।

আই পি এল ২০২৫ৰ শীৰ্ষ ৭ ভাৰতীয় বলাৰৰ ভিতৰত তিনিগৰাকী দলত আছে-

একে সময়তে আই পি এল ২০২৫ৰ সৰ্বাধিক উইকেট দখলকাৰী আছিল প্ৰসিদ্ধ কৃষ । ১৫খন মেচত ২৫টা উইকেট দখল কৰে তেওঁ । তেওঁৰ ইকনমি ৰেট আছিল ৮.২৭ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৪.১৬ । নুৰ আহমেদে ২৪ উইকেট দখল কৰি দুই নম্বৰত, জোছ হেজলউডে ২২টা উইকেটৰে তিনি নম্বৰত, ট্ৰেণ্ট বৌল্টে ২২টা উইকেটৰে চতুৰ্থ নম্বৰত, অৰ্শদীপ সিঙ পাঁচ নম্বৰত, সাই কিশোৰে ১৯টা উইকেটৰে ছয় নম্বৰত, যশপ্ৰীত বুমৰাহ ১৮টা উইকেটৰে সাত নম্বৰত, বৰুণ চক্ৰৱৰ্তীয়ে ১৭টা উইকেটৰে অষ্টম নম্বৰত, ১৭ উইকেটেৰে ক্ৰুনাল পাণ্ডিয়া নৱম স্থানত আৰু দহ নম্বৰত উইকেটৰে ভুৱনেশ্বৰ কুমাৰ আছিল । বিদেশী বলাৰক আঁতৰলে শীৰ্ষ ১০ বলাৰত সাতজন ভাৰতীয় আছিল । ইয়াৰে এছিয়া কাপৰ দলত স্থান লাভ কৰিছে মাত্ৰ তিনিজন বলাৰে ।

২৬১ ৰান সংগ্ৰহ কৰি দলত জিতেশ শৰ্মা, ৬০৪ ৰান সংগ্ৰহ কৰাৰ পিছতো অন্তৰ্ভুক্ত নহ’ল শ্ৰেয়াছ-

২০২৫ চনৰ আই পি এলত মাত্ৰ ২৬১ ৰান সংগ্ৰহ কৰা জিতেশ শৰ্মাক এছিয়া কাপৰ দলত স্থান দিয়া হৈছে । কিছু মেচত তেওঁ আৰ চি বিৰ অধিনায়কত্বও কৰিছিল । তেওঁ আৰ চি বিৰ হৈ মেচ ফিনিছাৰৰ ভূমিকা পালন কৰিছিল । এই সময়ছোৱাত তেওঁৰ গড় ৩৭.২৯ আৰু ষ্ট্ৰাইক ৰেট আছিল ১৭৬.৩৫ । জিতেশে কম ৰান কৰিছিল যদিও তেওঁৰ ইনিংছ ফলপ্ৰসূ আৰু মেচ জয়ী আছিল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে তেওঁ মাত্ৰ ৩৩টা বলত অপৰাজিত ৮৫ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক ২২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰাত সহায় কৰে ।

আটাইতকৈ আচৰিত সিদ্ধান্ত আছিল শ্ৰেয়াছ আয়াৰক এছিয়া কাপলৈ নিৰ্বাচন নকৰাটো । ২০২৫ চনৰ আই পি এলত উজ্জ্বল প্ৰদৰ্শনৰ পিছতো তেওঁ দলত স্থান লাভ নকৰিলে । এই ছিজনত তেওঁ ১৭খন মেচত গড়ে ৫০.৩৩ আৰু ১৭৫.০৭ ষ্ট্ৰাইক ৰেটত ৬০৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ ভিতৰত ছটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে । অৱশ্যে শ্ৰেয়াছৰ বেটিং পজিচন তিনি বা চাৰি নম্বৰত । অধিনায়ক সূৰ্যকুমাৰে তিনি নম্বৰত বেটিং কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাত একেৰাহে দুটা শতক অৰ্জন কৰা তিলক বাৰ্মাই চাৰি নম্বৰত খেলে । শেহতীয়াকৈ কাউন্টি ক্ৰিকেটতো তিলকে উজ্জ্বল বেটিং কৰিছিল । তেওঁৰ ফৰ্মলৈ চাই এই মুহূৰ্তত তেওঁক দলৰ পৰা বাদ দিয়াটো সম্ভৱ নহ’ল ।

কোন আই পি এল  ফ্ৰেঞ্চাইজিৰ পৰা কোন খেলুৱৈ আছে-

এছিয়া কাপ টি-২০ৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ ভাৰতীয় দলত সৰ্বাধিক চাৰিজন খেলুৱৈ আছে । অধিনায়ক সূৰ্যকুমাৰৰ উপৰি তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । একে সময়তে কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা দলত আছে তিনিজন খেলুৱৈ । ৰিংকু সিঙৰ উপৰিও হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী দলত আছে । একে সময়তে দিল্লী কেপিটেলছৰ দলত আছে কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলৰ ৰূপত দুজন খেলুৱৈ । এছিয়া কাপৰ বাবে ভাৰতীয় দলটোত গুজৰাট টাইটানছ (গীল), ৰাজস্থান ৰয়েলছ (চেমছন), ছানৰাইজাৰ্ছ হায়দৰাবাদ (অভিষেক), চেন্নাই ছুপাৰ কিংছ (শিৱম), ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (জিতেশ) আৰু পঞ্জাব কিংছ (অৰ্শদীপ)ৰ পৰা এজনকৈ খেলুৱৈ আছে ।

লগতে পঢ়ক : এদিনীয়া বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল… কোনে কোনে পালে স্থান ?

এইবাৰ আইপিএলে লাভ কৰিব নতুন চেম্পিয়ন;  আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

আৰ চি বি-পাঞ্জাৱৰ মাজত খিতাপৰ যুঁজ

আই পি এল ২০২৫ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত পাঞ্জাৱ কিংছে জয় লাভ কৰে। অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত পাঞ্জাৱ কিংছে কোৱালিফায়াৰ-২ত পাঁচবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) ফাইনেলত প্ৰৱেশ কৰিছে।

পাঞ্জাৱ কিংছে শেষবাৰৰ বাবে ২০১৪ চনত আই পি এলৰ ফাইনেল খেলিছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল।

আই পি এলৰ ইতিহাসত এইটো মাত্ৰ দ্বিতীয়টো সুযোগ যেতিয়া পাঞ্জাৱ দলটোৱে প্লে অফ আৰু ফাইনেলত প্ৰৱেশ কৰিছে।

এতিয়া ৩ জুনত খিতাপৰ যুঁজত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰজত পাটিদাৰৰ নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব পাঞ্জাৱ কিংছে।

এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে লাভ কৰিব নতুন চেম্পিয়ন, কাৰণ পাঞ্জাৱ কিংছ আৰু আৰ চি বি দুয়োটাই প্ৰথমটো আই পি এল খিতাপলৈ অপেক্ষা কৰি আছে।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে দশমবাৰৰ বাবে আই পি এল প্লে অফত প্ৰৱেশ কৰিছে, কিন্তু তেওঁলোকে কেতিয়াও খিতাপ জয় কৰাৰ সুযোগ পোৱা নাই।

ইফালে এইবাৰ চতুৰ্থবাৰৰ বাবে আৰ চি বিৰ দলে আইপিএলৰ ফাইনেল খেলিব।ইয়াৰ পূৰ্বে ক্ৰমে ২০০৯, ২০১১ আৰু ২০১৬ চনত ফাইনেলত ক্ৰমে: ডেকান চাৰ্জাৰ্ছ, চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

আধুনিক যুগৰ ক্ৰিকেট কিংবদন্তি বিৰাট কোহলী আই পি এল কেৰিয়াৰৰ আৰম্ভণিৰে পৰা আৰ চি বিৰ সৈতে জড়িত হৈ আছে আৰু তেওঁলোকেও প্ৰথমটো আই পি এল ট্ৰফীৰ বাবে অপেক্ষা কৰি আছে।

শ্ৰেয়াছে নিজৰ অধিনায়কত্বত পাঞ্জাৱক ফাইনেললৈ লৈ গৈ ইতিহাস ৰচনা কৰিলে।তেওঁ তিনিটা ভিন্ন দলক নেতৃত্ব দি আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে ২০২০ চনত তেওঁ দিল্লী কেপিটেলছক খিতাপ মেচত আগুৱাই লৈ গৈছিল।তেতিয়া মুম্বাই ইণ্ডিয়ানে তেওঁলোকক পৰাস্ত কৰি ট্ৰফী লাভ কৰে।

ইয়াৰ পিছত ২০২৪ চনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছক ফাইনেললৈ লৈ যায় আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি খিতাপ দখল কৰে।

লগতে পঢ়ক: সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো বিপৰ্যয়; ৮ ৰান সংগ্ৰহ কৰিয়েই আউট ৰোহিত শৰ্মা

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো বিপৰ্যয়

আজি আই পি এল ২০২৫ৰ কোৱালিফায়াৰ ২ মেচখনত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু পঞ্জাব কিংছ (পি বি কে এছ)ৰ মাজত খেলি থকা হৈছে।

এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।এই মেচত টছ জয় কৰাৰ পাছত পঞ্জাৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

এই মেচত মুম্বাই দলে প্ৰথমে বেটিং কৰিছে।বৰষুণৰ বাবে এই মেচখন প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হৈছে।৬ অভাৰত ১ টা উইকেট হেৰুৱাই ৬৫ ৰান সংগ্ৰহ কৰিছে মুম্বাই ইণ্ডিয়ানছে।

টছৰ পিছত হঠাৎ হোৱা বৰষুণৰ বাবে এই মেচখন প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হৈছিল।ৰোহিত শৰ্মা আৰু বেইৰষ্টোৱে ইনিংছ আৰম্ভ কৰিছিল যদিও মুম্বাইৰ আৰম্ভণি ভাল নাছিল।

তৃতীয় অভাৰত ষ্টয়নিছে ৰোহিত শৰ্মাৰ উইকেট দখল কৰে।এই ছিজনৰ এইটোৱেই আছিল ষ্টয়নিছৰ প্ৰথমটো উইকেট।ৰোহিতৰ বেটৰ পৰা মাত্ৰ ৮ ৰানহে আহে।ইয়াৰ পিছত তিলক ভাৰ্মা আৰু বেয়াৰষ্টোৱে মুম্বাইৰ দায়িত্ব লয়।

এই খেলখন ছেমি ফাইনেলৰ দৰে হ’ব,য’ত দুয়োটা দলৰ বাবে পৰাজয়ৰ অৰ্থ হ’ব প্ৰতিযোগিতাখনৰ পৰা ওলাই অহা।আজি বিজয়ী দলটোৱে ৩ জুনত ফাইনেলত পোনপটীয়াকৈ আৰচিবিৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক: হোৰাহোৰে বাঢ়িছে পানী; দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

‘খেলত হে হাৰিছো, যুদ্ধত নহয়…; পৰাস্ত হোৱাৰ পাছত  খেলপথাৰক দোষাৰোপ শ্ৰেয়াছ আয়াৰৰ

খেলত হে হাৰিছো, যুদ্ধত নহয়

আই পি এল ২০২৫ৰ প্ৰথমখন কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত আঠ উইকেটত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে দলটোৰ দুৰ্বল বেটিং স্বীকাৰ কৰি কয় যে আমি ‘খেলত হে হাৰিছো, যুদ্ধত নহয়’।

মুলনপুৰত অনুষ্ঠিত হোৱা কোৱালিফায়াৰ প্ৰথমখন খেলত আৰচিবিয়ে ১৪.১ অভাৰত মাত্ৰ ১০১ ৰান সংগ্ৰহ কৰি পঞ্জাবক অল আউট কৰে আৰু তাৰ পিছত মাত্ৰ ১০ অভাৰতে এই সহজ লক্ষ্যত উপনীত হ’ল।

মেচৰ পিছৰ প্ৰেজেণ্টেচনত পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে স্বীকাৰ কৰিলে যে, আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে তেওঁৰ দলটোৱে ৮ উইকেটত পৰাজয়ৰ সময়ত দলটোৱে খেলপথাৰৰ প্ৰকৃতিৰ ওপৰত সঁচাকৈয়ে “আচৰিত” হোৱা যেন লাগিছিল।

পঞ্জাব কিংছে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ তেতিয়া পাব যেতিয়া তেওঁলোক কোৱালিফায়াৰ ২ত এলিমিনেটৰৰ বিজয়ী গুজৰাট টাইটানছ বা মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব।

আৰচিবিৰ পেচাৰ জোছ হেজলউড এণ্ড কো আৰু লেগ স্পিনাৰ সুৱাশ শৰ্মাৰ বিৰুদ্ধে বহু দায়িত্বহীন শ্বট খেলাৰ বাবে বেটিং স্তব্ধ হৈ পৰিল, কিন্তু শ্ৰেয়াছে নিজৰ অন ফিল্ডৰ সিদ্ধান্তবোৰ ভুল বুলি অস্বীকাৰ কৰে।

এই সময়ত শ্ৰেয়াছে মুলনপুৰ ষ্টেডিয়ামৰ বিষয়ে কয় যে,-‘মোৰ সিদ্ধান্তক লৈ মই সন্দেহ কৰা নাই।আমি আমাৰ বেটিঙত বিশেষকৈ এনে পিটচত কাম কৰিব লাগিব, ইয়াত খেলা সকলো মেচতে আমি কিছু অসমান বাউন্স দেখিছো’।

‘কিন্তু আমি এনে অজুহাত দিব নোৱাৰো কাৰণ আমি পেছাদাৰী খেলুৱৈ হয় আৰু আমি পৰিস্থিতি অনুসৰি খেলিব লাগিব, আৰু একে স্তৰতে প্ৰদৰ্শন কৰিব লাগিব’।

শ্ৰেয়াছে লগতে কয় যে, ‘এইটো পাহৰিব নোৱাৰা দিন নহয়, কিন্তু আমি ড্ৰয়িং বৰ্ডলৈ উভতি যাব লাগিব।আমি বহুত সোনকালে কেইবাটাও উইকেট হেৰুৱালোঁ।আমি আকৌ বহুত কথাত গুৰুত্ব দিব লাগিব’।’

‘আমি যি পৰিকল্পনা কৰিছিলোঁ, খেলপথাৰৰ বাহিৰত যি পৰিকল্পনা কৰিছিলোঁ, সকলোবোৰ ঠিকেই আছিল।আমি মাত্ৰ সেই পৰিকল্পনা সমূহ খেলপথাৰত কাৰ্যকৰী কৰিব পৰা নাছিলো।বলাৰসকলকো দোষ দিব নোৱাৰি, কাৰণ টাৰ্গেট অতি কম আছিল’।

লগতে পঢ়ক: ৯ বছৰৰ পিছত ফাইনেলত প্ৰৱেশ RCBৰ ; কোৱালিফায়াৰ-১ত মুখ ঠেকেচা পাঞ্জাৱ কিংছৰ

৯ বছৰৰ পিছত ফাইনেলত প্ৰৱেশ RCBৰ ; কোৱালিফায়াৰ-১ত মুখ ঠেকেচা পাঞ্জাব কিংছৰ

৯ বছৰৰ পিছত ফাইনেলত প্ৰৱেশ RCBৰ

দুৰ্দান্ত প্ৰদৰ্শনেৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰে

২৯ মে’ বৃহস্পতিবাৰে মুলানপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত আৰচিবিয়ে পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে

মেচখনত আৰ চি বিক জয়ৰ বাবে ১০২ ৰানৰ লক্ষ্য বান্ধি দিয়া হৈছিল, যিটো মাত্ৰ ১০ অভাৰতে দলটোৱে লাভ কৰিছিল।

চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।ইয়াৰ পূৰ্বে ২০০৯, ২০১১ আৰু ২০১৬ ছিজনত ফাইনেলত প্ৰৱেশ কৰিছিল।

২০১৬ চনত বিৰাট কোহলীৰ অধিনায়কত্বত আৰচিবিয়ে শেষবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছিল।অৱশ্যে তিনিওবাৰেই পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰ চি বি।

লক্ষ্য খেদি ফুৰাৰ সময়ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ আৰম্ভণি ভাল নহ’ল আৰু ৩০ ৰানৰ স্ক’ৰত প্ৰথমটো বিপৰ্যয় লাভ কৰে।বিৰাট কোহলী বেগী বলাৰ কাইল জেমিছনে উইকেটৰক্ষক জোছ ইংলিছৰ হাতত আউট হয়।

কোহলীয়ে ১০০ ষ্ট্ৰাইক ৰেটত আৰু দুটা চাৰিৰ সহায়ত ১২ ৰান সংগ্ৰহ কৰে।কোহলীৰ আউট হোৱাৰ পিছত ফিল ছল্ট আৰু ইমপেক্ট চাব মায়ংক আগৰৱালৰ মাজত ৫৪ ৰানৰ অংশীদাৰিত্ব আছিল, যিয়ে মেচখন সম্পূৰ্ণৰূপে পঞ্জাব কিংছৰ পৰা কাঢ়ি লৈ ​​গ’ল।

পঞ্জাৱ কিংছৰ বেটছমেনৰ লজ্জাজনক প্ৰদৰ্শন

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ১৪.১ অভাৰত মাত্ৰ ১০১ ৰান সংগ্ৰহ কৰি পঞ্জাৱ কিংছৰ সমগ্ৰ দলটো ঢলি পৰে।পাঞ্জাব কিংছৰ আৰম্ভণি বেয়া আছিল আৰু পাৱাৰপ্লেতে ৪ উইকেট হেৰুৱাইছিল।

দ্বিতীয় অভাৰতে তেওঁলোকৰ প্ৰথমটো উইকেট পৰিল, যশ দয়ালে প্ৰিয়ংশ আৰ্য্যক (৭ ৰান) আউট কৰে।তাৰ পাছত ভুৱনেশ্বৰ কুমাৰেও দ্বিতীয় অ’পেনাৰ প্ৰভ্সীৰ্মান সিঙক (১৮ ৰান) পেভিলিয়নলৈ প্ৰেৰণ কৰে।

খেলুৱৈৰ পৰা অনুৰাগীলৈকে এতিয়া সকলোৱে আৰ চি বিয়ে ট্ৰফীটো লোৱাৰ বাবে অপেক্ষা কৰি আছে, যিটো এই দল আৰু তেওঁলোকৰ অনুৰাগীসকলে যোৱা ১৭টা ছিজনৰ পৰা অপেক্ষা কৰি আহিছে।

লগতে পঢ়ক: ‘পাকিস্তানী গুলীচালনাৰ ফলত প্ৰভাৱিত অঞ্চলত…’; ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ লিখিলে পত্ৰ

কোৱালিফায়াৰত আৰচিবিৰ দুৰ্দান্ত প্ৰদৰ্শন; ১০১ ৰানত অল আউট পঞ্জাৱ কিংছ

কোৱালিফায়াৰত আৰচিবিৰ দুৰ্দান্ত প্ৰদৰ্শন

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ কোৱালিফায়াৰ-১ মেচত আজি পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত খেল হৈ আছে।

খেলখন মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।এই মেচত পঞ্জাব কিংছে আৰ চি বিক ১০২ ৰানৰ লক্ষ্য বান্ধি দিছে।পঞ্জাৱৰ দলটো ১৪.১ অভাৰত ১০১ ৰান কৰিয়েই থমকিব লগা হয়।

খেলখনত পঞ্জাৱৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে মাৰ্কাছ ষ্টয়নিছে।তেওঁ ১৭টা বলত ২৬ ৰান সংগ্ৰহ কৰে। ফাইনেলত প্ৰৱেশ কৰিবলৈ আৰ চি বিয়ে মাত্ৰ ১০২ ৰানহে কৰিব লাগিব।আৰচিবিৰ হৈ জোছ হেজলউড আৰু সুয়াশ শৰ্মাই তিনিটাকৈ উইকেট দখল কৰে।

পইণ্ট তালিকাত ১ নম্বৰত আছিল পাঞ্জাব কিংছ, আনহাতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে দ্বিতীয় স্থান দখল কৰিছে।এই মেচখনত যিটো দলে জয় লাভ কৰিব তেওঁলোকে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব।আনহাতে পৰাজিত দলটোৱে কোৱালিফায়াৰ-২ খেলিব।

লগতে পঢ়ক: ফাইনেলৰ বাবে আজি আৰ চি বি-পঞ্জাৱৰ যুঁজ… জানক দুয়ো দলৰ সাম্ভাব্য মূল একাদশ

LSG দলৰ বিৰুদ্ধে বিচিচিআইয়ে বিহিলে জৰিমনা; ঋষভ পন্তে ভৰিব লাগিব ৩০ লাখ টকা

ঋষভ পন্তে ভৰিব লাগিব ৩০ লাখ টকা

আই পি এল-২০২৫ৰ অন্তিমখন লীগ মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্তে শতক অৰ্জন কৰাৰ পিছত অতি সুখী দেখা গৈছিল।

ঋষভ পন্তে আনন্দ কৰি আছিল যদিও এই মেচৰ ফলাফল তেওঁৰ পক্ষত নাছিল, কেৱল এয়াই নহয়, তেওঁ জৰিমনাও দিব লগা হৈছিল।

দৰাচলতে এল এছ এলৰ অধিনায়ক ঋষভ পণ্টে মঙলবাৰে লক্ষ্ণৌত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে খেলখনৰ সময়ত তেওঁৰ দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে ৩০ লাখ টকা জৰিমনা বিহা হৈছে।

এই ছিজনত এল এছ জিৰ এইটো আছিল তৃতীয়টো অপৰাধ। অভাৰ-ৰেটৰ সৈতে জড়িত আই পি এলৰ আচৰণ বিধি অনুসৰি ঋষভ পণ্টে ভৰিব লাগিব ৩০ লাখ টকাৰ জৰিমনা ।

তদুপৰি, ইমপেক্ট প্লেয়াৰকে ধৰি বাকী খেলা একাদশ সদস্যসকলক ব্যক্তিগতভাৱে ১২ লাখ টকা বা তেওঁলোকৰ মেচ মাচুলৰ ৫০ শতাংশ (যিটো কম) জৰিমনা বিহা হৈছে।

২৭ কোটি টকাত বিক্ৰী হোৱা পণ্টৰ এইটো আছিল তৃতীয়টো অপৰাধ, অৱশ্যে ইয়াৰ পিছতো তেওঁক নিলম্বন কৰা নহ’ব, যিদৰে ২০২৪ চনলৈকে আই পি এলত হৈছিল।

আই পি এল ২০২৫ৰ পূৰ্বে এই নিয়ম সংশোধন কৰা হৈছিল, অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এই ছিজনৰ আৰম্ভণি মেচ খন খনৰ পৰা বাহিৰত আছিল কিয়নো তেওঁৰ নিলম্বন পূৰ্বৰ ছিজনৰ পৰা আগবাঢ়ি গৈছিল।

লগতে পঢ়ক:‘পত্নীৰ সৈতে এবাৰ পাকিস্তানলৈ যোৱাটো সঁচা’; গৌৰৱ গগৈৰ অকপট স্বীকাৰোক্তি

‘ভালেই হ’ল পৰাজয় হ’লো কাৰণ…’; পৰাস্ত হোৱাৰ পিছত কিয় এই কথা ক’লে আৰ চি বিৰ অধিনায়কে?

আৰ চি বি

ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত শুকুৰবাৰে লক্ষ্ণৌত আই পি এলৰ মেচখন অনুষ্ঠিত হয়।ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰি ঈশান কিষানৰ ৯৪ ৰানৰ সৈতে ২৩১/৬ ৰান সংগ্ৰহ কৰে।

ইয়াৰ উত্তৰ দিবলৈ খেলপথাৰলৈ নমা আৰ চি বিয়ে মেচখনত বহু ভুল কৰিছিল, যাৰ বাবে মেচখনত তেওঁলোক পৰাস্ত হৈছিল।আৰচিবি ১৮৯ ৰানত অল আউট হৈছিল আৰু এইদৰে ৪২ ৰানত পৰাস্ত হয়।

এই খেলখনত আৰচিবিৰ নিয়মীয়া অধিনায়ক ৰজত পাটিদাৰৰ ঠাইত উইকেটকীপাৰ-বেটছমেন জিতেশ শৰ্মাই কমাণ্ডৰ দায়িত্ব লয়।

দলটোৰ নিয়মীয়া অধিনায়ক ৰজত পাটিদাৰ সম্পূৰ্ণ ফিট নাছিল, তেওঁ কেৱল বেটিংহে কৰিব পাৰিছিল, গতিকে তেওঁক বিকল্প খেলুৱৈৰ তালিকাত ৰখা হৈছিল।

অৱশ্যে খেলৰ অন্তত জিতেশ শৰ্মাই দলৰ প্ৰদৰ্শনৰ কথা কয়।তেওঁ স্বীকাৰ কৰে যে তেওঁৰ দলটোৱে প্ৰায় ২০-৩০টা অতিৰিক্ত ৰান হেৰুৱাই আৰু আৰম্ভণিতে আশা কৰা ধৰণৰ গতি দেখুৱাব পৰা নাছিল।

জিতেশে কয়, “মই ভাবো আমি ২০-৩০ ৰান বেছি দিলোঁ, তেওঁ উজ্জ্বল বেটিং কৰিছিল, তেওঁলোকৰ আক্ৰমণৰ মোৰ হাতত কোনো উত্তৰ নাছিল, আমি অলপ দুৰ্বল আছিলো আৰু আৰম্ভণিতে আমাৰ প্ৰদৰ্শন দেখা পোৱা নাছিল।দলৰ বলিঙৰ প্ৰশংসা কৰি জিতেশে কয় যে ডেথ অভাৰত দলটোৱে উজ্জ্বলভাৱে বলিং কৰিছিল।

মেচৰ পিছত হোৱা কথা-বতৰাত জিতেশে এনেকুৱা এটা কথা ক’লে যিটোৰ বিষয়ে বহুলভাৱে চৰ্চা চলি আছে।জিতেশে এই পৰাজয়ক এক গুৰুত্বপূৰ্ণ শিক্ষা হিচাপে লৈছিল।

তেওঁ ক’লে- কেতিয়াবা মেচত পৰাস্ত হোৱাটোও এটা ভাল লক্ষণ, কাৰণ আপুনি নিজৰ অভাৱ বিশ্লেষণ কৰিব পাৰে, ভাল কথাটো হ’ল সকলো খেলুৱৈয়ে অৰিহণা যোগাইছে, এই পৰাজয়ৰ পিছত আমি পুনৰ কথাবোৰ পৰ্যালোচনা কৰাৰ সুযোগ পাইছো, আমি ইয়াৰ পৰা আগবাঢ়ি যাম।

লগতে পঢ়ক:‘নিৰ্দোষী লোকক হত্যা, ধৰ্মীয় স্থানক লক্ষ্য কৰাটো ভণ্ডামি…’; ৰাষ্ট্ৰসংঘত ভাৰতে PAKক দিলে ধমক