মুম্বাই ইণ্ডিয়ানছ

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো বিপৰ্যয়; ৮ ৰান সংগ্ৰহ কৰিয়েই আউট ৰোহিত শৰ্মা

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো বিপৰ্যয় আজি আই পি এল ২০২৫ৰ কোৱালিফায়াৰ ২ মেচখনত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু পঞ্জাব কিংছ (পি বি কে এছ)ৰ মাজত খেলি থকা হৈছে। এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।এই মেচত টছ জয় কৰাৰ পাছত পঞ্জাৱে প্ৰথমে বলিং কৰাৰ

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো বিপৰ্যয়

আজি আই পি এল ২০২৫ৰ কোৱালিফায়াৰ ২ মেচখনত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু পঞ্জাব কিংছ (পি বি কে এছ)ৰ মাজত খেলি থকা হৈছে।

এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।এই মেচত টছ জয় কৰাৰ পাছত পঞ্জাৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

এই মেচত মুম্বাই দলে প্ৰথমে বেটিং কৰিছে।বৰষুণৰ বাবে এই মেচখন প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হৈছে।৬ অভাৰত ১ টা উইকেট হেৰুৱাই ৬৫ ৰান সংগ্ৰহ কৰিছে মুম্বাই ইণ্ডিয়ানছে।

টছৰ পিছত হঠাৎ হোৱা বৰষুণৰ বাবে এই মেচখন প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হৈছিল।ৰোহিত শৰ্মা আৰু বেইৰষ্টোৱে ইনিংছ আৰম্ভ কৰিছিল যদিও মুম্বাইৰ আৰম্ভণি ভাল নাছিল।

তৃতীয় অভাৰত ষ্টয়নিছে ৰোহিত শৰ্মাৰ উইকেট দখল কৰে।এই ছিজনৰ এইটোৱেই আছিল ষ্টয়নিছৰ প্ৰথমটো উইকেট।ৰোহিতৰ বেটৰ পৰা মাত্ৰ ৮ ৰানহে আহে।ইয়াৰ পিছত তিলক ভাৰ্মা আৰু বেয়াৰষ্টোৱে মুম্বাইৰ দায়িত্ব লয়।

এই খেলখন ছেমি ফাইনেলৰ দৰে হ’ব,য’ত দুয়োটা দলৰ বাবে পৰাজয়ৰ অৰ্থ হ’ব প্ৰতিযোগিতাখনৰ পৰা ওলাই অহা।আজি বিজয়ী দলটোৱে ৩ জুনত ফাইনেলত পোনপটীয়াকৈ আৰচিবিৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক: হোৰাহোৰে বাঢ়িছে পানী; দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ