সমীৰ ৰিজৱীৰ বেটিং ধুমুহাত নিস্তেজ মুম্বাই, ক্ৰমাগত দ্বিতীয়টো জয় দিল্লী কেপিটেলছৰ

দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰে

আই পি এল ২০২৬ৰ শনিবাৰে অনুষ্ঠিত হোৱা এখন মেচত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰে । দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি মুম্বাইয়ে ১৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত সমীৰ ৰিজৱীৰ ৯০ ৰানৰ সহায়ত ১৯ অভাৰত দিল্লীয়ে লক্ষ্যত উপনীত হয় । আই পি এল ২০২৬ত দিল্লীৰ এয়া একেৰাহে দ্বিতীয়টো জয় ।

সমীৰ ৰিজৱীৰ বেটিং ধুমুহা-

১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি আৰম্ভণিতে দিল্লী কেপিটেলছ শলঠেকত পৰে, কিয়নো অ’পেনাৰ কে এল ৰাহুল মাত্ৰ এটা ৰানতে পেভিলিয়নমুখী হোৱাৰ বিপৰীতে নীতিশ ৰাণাই নিজৰ একাউণ্ট খুলিবলৈয়ো সক্ষম নহ’ল ।

কিন্তু সমীৰ ৰিজৱীয়ে খেলপথাৰত নামিয়েই মুম্বাইৰ বলাৰৰ বিৰুদ্ধে তাণ্ডৱ আৰম্ভ কৰে । তেওঁ বিস্ফোৰক বেটিংঙৰ সহায়ত ৩১টা বলত অৰ্ধ শতক অৰ্জন কৰে । ইয়াৰ পিছতে ৰিজৱীৰ বেটে ধুমুহাৰ সৃষ্টি কৰে । তেওঁ ৭টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৫১টা বলত ৯০ ৰান সংগ্ৰহ কৰে । চলিত আই পি এলত ৰিজভীয়ে মাত্ৰ ২খন মেচতে ১৬০ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধেও বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰিছিল তেওঁ । ৰিজভীয়ে পাথুম নিছাংকাৰ সৈতে ৬৬ ৰানৰ অংশীদাৰিত্ব আৰু ডেভিদ মিলাৰৰ সৈতে ৭৮ ৰানৰ অংশীদাৰিত্ব গঢ়ে ।

ইফালে মুম্বাই ইণ্ডিয়ানছৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াই অসুস্থতাৰ বাবে এই মেচত খেলা নাছিল । তেওঁৰ ঠাইত অধিনায়কৰ দায়িত্ব পালন কৰিছিল সূৰ্যকুমাৰ যাদৱে । তেওঁ ৫১ ৰানৰ ইনিংছ খেলে । ৰোহিত শৰ্মাইও ৩৫ ৰানৰ বৰঙণি আগবঢ়াইছিল যদিও সমীৰ ৰিজৱীৰ স্মৰণীয় ৯০ ৰানৰ ইনিংছত সকলো অথলে যায় ।

উল্লেখ্য যে, অক্ষৰ পেটেলৰ অধিনায়কত্বত দিল্লী কেপিটেলছে আই পি এল ২০২৬ৰ অভিযানত এক দৃষ্টিনন্দন আৰম্ভণি কৰিছে । প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৬ উইকেটত পৰাস্ত কৰে দলটোৱে । এতিয়া মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰি ছিজনৰ একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰিছে দিল্লীয়ে ।

লগতে পঢ়ক : আই পি এলক লৈ বিতৰ্ক; আদালতৰ দুৱাৰত টোকৰ তাৰকা খেলুৱৈৰ

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো বিপৰ্যয়; ৮ ৰান সংগ্ৰহ কৰিয়েই আউট ৰোহিত শৰ্মা

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো বিপৰ্যয়

আজি আই পি এল ২০২৫ৰ কোৱালিফায়াৰ ২ মেচখনত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু পঞ্জাব কিংছ (পি বি কে এছ)ৰ মাজত খেলি থকা হৈছে।

এই খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।এই মেচত টছ জয় কৰাৰ পাছত পঞ্জাৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

এই মেচত মুম্বাই দলে প্ৰথমে বেটিং কৰিছে।বৰষুণৰ বাবে এই মেচখন প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হৈছে।৬ অভাৰত ১ টা উইকেট হেৰুৱাই ৬৫ ৰান সংগ্ৰহ কৰিছে মুম্বাই ইণ্ডিয়ানছে।

টছৰ পিছত হঠাৎ হোৱা বৰষুণৰ বাবে এই মেচখন প্ৰায় দুঘণ্টা পলমকৈ আৰম্ভ হৈছিল।ৰোহিত শৰ্মা আৰু বেইৰষ্টোৱে ইনিংছ আৰম্ভ কৰিছিল যদিও মুম্বাইৰ আৰম্ভণি ভাল নাছিল।

তৃতীয় অভাৰত ষ্টয়নিছে ৰোহিত শৰ্মাৰ উইকেট দখল কৰে।এই ছিজনৰ এইটোৱেই আছিল ষ্টয়নিছৰ প্ৰথমটো উইকেট।ৰোহিতৰ বেটৰ পৰা মাত্ৰ ৮ ৰানহে আহে।ইয়াৰ পিছত তিলক ভাৰ্মা আৰু বেয়াৰষ্টোৱে মুম্বাইৰ দায়িত্ব লয়।

এই খেলখন ছেমি ফাইনেলৰ দৰে হ’ব,য’ত দুয়োটা দলৰ বাবে পৰাজয়ৰ অৰ্থ হ’ব প্ৰতিযোগিতাখনৰ পৰা ওলাই অহা।আজি বিজয়ী দলটোৱে ৩ জুনত ফাইনেলত পোনপটীয়াকৈ আৰচিবিৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক: হোৰাহোৰে বাঢ়িছে পানী; দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

অভিষেক মেচতে উজলিল অশ্বিনী কুমাৰ… কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ বৃহৎ জয়

আই পি এল ২০২৫ৰ দ্বাদশ মেচখন মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হয় । সোমবাৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত মুম্বাই ইণ্ডিয়ানছে ৮ উইকেটত জয়লাভ কৰে । মুম্বাই ইণ্ডিয়ানছে জয়ী হ’বলৈ ১১৭ ৰানৰ সহজ লক্ষ্য লাভ কৰে, যিটো তেওঁলোকে মাত্ৰ ১২.৫ অভাৰতে উপনীত হয় । মুম্বাইৰ জয়ৰ নায়ক আছিল বেগী বলাৰ অশ্বিনী কুমাৰ, যিয়ে আই পি এলত অভিষেক মেচতে ৪টা উইকেট দখল কৰে । মুম্বাইৰ হৈ ৰিয়ান ৰিকেল্টনেও অপৰাজিত অৰ্ধশতক (৬২) অৰ্জন কৰে ।

মুম্বাই ইণ্ডিয়ানছৰ প্ৰথম জয়…

চলিত ছিজনত পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ এইটোৱেই প্ৰথমটো জয় । উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে মুম্বাই ইণ্ডিয়ানছ । আনহাতে, ডিফেণ্ডিং চেম্পিয়ন কে কে আৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাস্ত হোৱাৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে একপক্ষীয় জয় লাভ কৰে । এতিয়া দলটো চলিত ছিজনত দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ।

লক্ষ্য অনুসৰণ ‘ইমপেক্ট ছাব’ ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেল্টনে মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল আৰম্ভণি কৰে । দুয়োজনে প্ৰথম উইকেটৰ বাবে ৫.২ অভাৰত ৪৬ ৰানৰ অংশীদাৰিত্ব কৰে । ৰোহিতক ফৰ্মত দেখা গৈছিল যদিও ভাল আৰম্ভণিক ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । আন্দ্ৰে ৰাছেলৰ বলত হৰ্ষিত ৰাণাই ৰোহিতক কেচ আউট কৰে ।

এটা ৬ৰ সহায়ত ১২টা বলত ১৩ ৰান সংগ্ৰহ কৰে ৰোহিত শৰ্মাই । ইয়াৰ পৰা ৰিয়ান ৰিকেল্টনে কলকাতা নাইট ৰাইডাৰ্ছক কোনো সুযোগ নিদি বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ ৰিকেল্টনে ৫টা চাৰি আৰু চাৰিটা ৬ৰ সহায়ত ৪১টা বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰে । সূৰ্যকুমাৰ যাদৱেও ২৭ ৰানত অপৰাজিত হৈ থাকে । কে কে আৰৰ হৈ আন্দ্ৰে ৰাছেলে দুয়োটা উইকেট দখল কৰে ।

অশ্বিনী কুমাৰে সৃষ্টি কৰিলে ইতিহাস… ৰাছেল, ৰিংকু সকলো ব্যৰ্থ-

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ বাছনি কৰাৰ পিছত কলকাতা ১৬.২ অভাৰত ১১৬ ৰান সংগ্ৰহ কৰি অল আউট হয় । কলকাতা নাইট ৰাইডাৰ্ছৰ আৰম্ভণি শোচনীয় আছিল আৰু পাৱাৰ প্লে’তেই ৪ উইকেট হেৰুৱাইছিল । ইয়াৰ পূৰ্বে বাওঁহাতৰ পেচাৰ ট্ৰেণ্ট ব’ল্টে ক্লীন বল্ড কৰিছিল সুনীল নাৰিনক (০) । ইয়াৰ পাছতে দীপক চহৰে উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি ককক আউট কৰে । ইয়াৰ পিছত অশ্বিনী কুমাৰে অভিষেক মেচৰ প্ৰথমটো বলত অধিনায়ক অজিংক্য ৰাহানেক পেভিলিয়নৰ বাট দেখুৱাই । আনহাতে দীপক চহৰে ভেংকটেশ আয়াৰক আউট কৰে (৩) । ভেংকটেশ আউট হোৱাৰ সময়ত কে কে আৰৰ স্ক’ৰ আছিল ৪১ ৰান ।

অংকৃশ ৰঘুবংশীয়ে কিছু চেষ্টা কৰিছিল যদিও হাৰ্দিক পাণ্ডিয়াৰ বলত এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি নমন ধীৰৰ হাতত কেচ তুলি আউট হয় তেওঁ । ৰঘুবংশীয়ে ৩টা চাৰি আৰু এটা ৬ৰ সহায়ত ১৬টা বলত ২৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছতে অশ্বনী কুমাৰে ৰিংকু সিং (১৭), ‘ইমপেক্ট চাব’ মনীষ পাণ্ডে (১৯) আৰু আন্দ্ৰে ৰাছেল (৫)ক আউট কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং মেৰুদণ্ড ভাঙি পেলায় । তাৰ পাছত হৰ্ষিত ৰানাক বিগনেশ পুথুৰে পেভিলিয়নমুখী কৰে । আনহাতে ২২ ৰান সংগ্ৰহ কৰি মিচেল ছাণ্টনাৰৰ বলি হয় ৰমনদীপ সিং ।

মুম্বাই ইণ্ডিয়ানছৰ হৈ অশ্বিনী কুমাৰে ২৪ ৰানত ৪টা উইকেট দখল কৰাৰ বিপৰীতে দীপক চহৰে দুটা উইকেট লাভ কৰে । ইয়াৰ উপৰিও ট্ৰেণ্ট ব’ল্ট, হাৰ্দিক পাণ্ডিয়া, ভিগনেশ পুথুৰ আৰু মিচেল ছাণ্টনাৰে এটাকৈ উইকেট লাভ কৰে ।

উল্লেখ্য যে, আই পি এলত অভিষেক ঘটাই চাৰিটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ অশ্বিনী কুমাৰ । আই পি এলত অভিষেক ঘটাই শ্ৰেষ্ঠ বলিঙৰ অভিলেখ অৰ্জন কৰিছে আলজাৰী জোচেফ । ২০১৯ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ হৈ ১২ ৰানত ৬টা উইকেট দখল কৰিছিল তেওঁ । আই পি এলৰ অভিষেক মেচত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰা অশ্বিনী হৈছে ষষ্ঠজন বলাৰ ।

পুনৰ WPL চেম্পিয়ন হ’ল মুম্বাই ইণ্ডিয়ানছ…ছিন্নভিন্ন হৈ পৰিল দিল্লীৰ সপোন, একেৰাহে তৃতীয়বাৰৰ বাবে ফাইনেলত পৰাস্ত

উজ্জ্বল প্ৰদৰ্শনেৰে মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ত জয়লাভ কৰিবলৈ সক্ষম হৈছে মুম্বাই ইণ্ডিয়ানছ । ১৫ মাৰ্চত (দেওবাৰে) ব্ৰাবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে । ফাইনেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক জয়ী হ’বলৈ ১৫০ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও দলটোৱে ৯ উইকেটত মাত্ৰ ১৪১ ৰানহে কৰিবলৈ সক্ষম হয় ।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দ্বিতীয়বাৰৰ বাবে WPL খিতাপ দখল কৰিছে । ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হোৱা ডব্লিউ পি এলৰ প্ৰথম ছিজনতো জয়ী হৈছিল দলটো । আনহাতে, দিল্লী কেপিটেলছৰ দল একেৰাহে তৃতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হৈছে । উল্লেখ্য যে WPLৰ দ্বিতীয় ছিজনত দিল্লী কেপিটেলছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)য়ে জয়লাভ কৰিছিল ।

চূড়ান্ত খেলখনত লক্ষ্য খেদি যোৱাৰ সময়তে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল দিল্লী কেপিটেলছে । এটা সময়ত দিল্লী কেপিটেলছৰ স্ক’ৰ ৬ উইকেটৰ বিনিময়ত ৮৩ ৰান আছিল আৰু তেওঁলোকে ডাঙৰ পৰাজয়ৰ দিশে আগবাঢ়িছিল । কিন্তু দক্ষিণ আফ্ৰিকাৰ অল ৰাউণ্ডাৰ মাৰিজান কেপে ধুমুহাময় ইনিংছ খেলি মেচখনক এক ৰোমাঞ্চকৰ ৰূপলৈ লৈ যায় । অৱশ্যে ১৮ নং অভাৰত হেলি মেথিউছে কেপক আউট কৰি দিল্লীৰ আশাত চেঁচা পানী ঢালে ।

কেপে ৫টা চাৰি আৰু ২টা ৬ৰ সহায়ত ২৬টা বলত ৪০ ৰান সংগ্ৰহ কৰে । কেপৰ বাহিৰেও জেমিমা ৰড্ৰিগেছে ৩০ ৰান আৰু নিকি প্ৰসাদে ২৫ ৰানত অপৰাজিত হৈ থাকে । মুম্বাই ইণ্ডিয়ানছৰ হৈ নেট স্কাইভাৰ-ব্ৰাণ্টে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । আনহাতে আমেলিয়া কেৰে দুটা সফলতা লাভ কৰে । ছাইকা ইছাক, হেলি মেথিউছ আৰু শ্বাবনিম ইছমাইলেও এটাকৈ সফলতা লাভ কৰে ।

শক্তিশালী ইনিংছ খেলে এম আইৰ অধিনায়ক হৰমনপ্ৰীতে-

ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে ৭ উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে । অধিনায়ক হৰমনপ্ৰীত কৌৰে ৪৪টা বলত ৬৬ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে য’ত ৯টা চাৰি আৰু ২টা ছয় আছিল । একে সময়তে ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ নেট স্কাইভাৰ-ব্ৰাণ্টে চাৰিটা চাৰিৰ সহায়ত ২৮টা বলত ৩০ ৰানৰ বৰঙণি আগবঢ়ায় । দিল্লী কেপিটেলছৰ হৈ জেছ জ’নাচেন, মাৰিজান কেপ আৰু নাল্লাপুৰেডী চৰণীয়ে দুটাকৈ উইকেট দখল কৰে । ইফালে এনাবেল চাথাৰলেণ্ডে সফলতা লাভ কৰে ।