শিক্ষানুষ্ঠান বন্ধ

হোৰাহোৰে বাঢ়িছে পানী; দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ বৰাকত বানে লৈছে ভয়ংকৰ ৰূপ।বিচ্ছিন্ন হৈছে বৰাক-ব্ৰহ্মপুত্ৰ সংযোগ। ভয়াৱহ বান পৰিস্থিতিৰ বাবে বৰাকত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাটাও অঞ্চলত জনজীৱন ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ

দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ

বৰাকত বানে লৈছে ভয়ংকৰ ৰূপ।বিচ্ছিন্ন হৈছে বৰাক-ব্ৰহ্মপুত্ৰ সংযোগ। ভয়াৱহ বান পৰিস্থিতিৰ বাবে বৰাকত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাটাও অঞ্চলত জনজীৱন ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২ আৰু ৩ জুনত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী অনুসৰি আগন্তুক দিনতো বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰৱল।

ফলত প্লাবিত হোৱাৰ সম্ভাৱনা পৰিপ্ৰেক্ষিতত দুৰ্যোগ পৰিস্থিতিত সৃষ্টি হ’ব পাৰে। এই পৰিস্থিতিৰ বাবেই  সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয় সোমবাৰ আৰু মঙলবাৰে বন্ধ থাকিব বুলি ঘোষণা কৰিছে জিলা আয়ুক্ত মৃদুল যাদৱে।

লগতে পঢ়ক: সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp