হোৰাহোৰে বাঢ়িছে পানী; দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ

বৰাকত বানে লৈছে ভয়ংকৰ ৰূপ।বিচ্ছিন্ন হৈছে বৰাক-ব্ৰহ্মপুত্ৰ সংযোগ। ভয়াৱহ বান পৰিস্থিতিৰ বাবে বৰাকত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত কাছাৰ জিলাৰ কেইবাটাও অঞ্চলত জনজীৱন ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২ আৰু ৩ জুনত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী অনুসৰি আগন্তুক দিনতো বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰৱল।

ফলত প্লাবিত হোৱাৰ সম্ভাৱনা পৰিপ্ৰেক্ষিতত দুৰ্যোগ পৰিস্থিতিত সৃষ্টি হ’ব পাৰে। এই পৰিস্থিতিৰ বাবেই  সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয় সোমবাৰ আৰু মঙলবাৰে বন্ধ থাকিব বুলি ঘোষণা কৰিছে জিলা আয়ুক্ত মৃদুল যাদৱে।

লগতে পঢ়ক: সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp

বিচ্ছিন্ন হ’ব বৰাক উপত্যকাৰ সৈতে সংযোগ,যিকোনো মূহুৰ্ততে ভাঙি পৰিব পাৰে কাটিগড়াৰ গেমন দলং

এখন দলঙক লৈ এতিয়া চিন্তিত হৈ পৰিছে শ্ৰীভূমি জিলাৰ লোকসকল। কিয়নো যিকোনো মুহূৰ্তত ভাঙিব পাৰে বৰাক উপত্যকাৰ কাটিগড়াৰ গেমন দলং খন। হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।

যাৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিছে জনতা। যিকোন মুহূৰ্তত ভাঙি পৰিব পাৰে বৰাক উপত্যকাৰ কাটিগড়া-বদৰপুৰ সংযোগী গেমন দলং।

দৰাচলতে  ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটিগড়া আৰু বদৰপুৰ সংযোগী গেমন দলং খন দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে।ইয়াক লৈ সংশ্লিষ্ট বিভাগে জাৰি কৰিছে নিষেধাজ্ঞা।

কিন্তু সেই নিষেধাজ্ঞাক আওকাণ কৰি ৰাতিৰ আন্ধাৰত কাছাৰত ধনৰ বিনিময়ত কাটিগড়া  আৰক্ষীক মেনেজ কৰি ২০ টনৰ অধিক বোজা ভৰ্তি ট্ৰাক পাৰ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

যাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এই দলঙখন খহি পৰিলে গুৱাহাটীৰ সৈতে বৰাক উপত্যকাৰ শ্ৰীভূমি, হাইলাকান্দিকে ধৰি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ,মিজোৰাম, মনিপুৰৰ লগত যোগাযোগ‌‌ ব্যৱস্থা সংযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে। সেয়ে মুখ্যমন্ত্ৰীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনায় ৰাইজে।।