আৰচিবি

কোৱালিফায়াৰত আৰচিবিৰ দুৰ্দান্ত প্ৰদৰ্শন; ১০১ ৰানত অল আউট পঞ্জাৱ কিংছ

কোৱালিফায়াৰত আৰচিবিৰ দুৰ্দান্ত প্ৰদৰ্শন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ কোৱালিফায়াৰ-১ মেচত আজি পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত খেল হৈ আছে। খেলখন মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।এই মেচত পঞ্জাব কিংছে আৰ চি বিক ১০২ ৰানৰ লক্ষ্য বান্ধি

কোৱালিফায়াৰত আৰচিবিৰ দুৰ্দান্ত প্ৰদৰ্শন

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ কোৱালিফায়াৰ-১ মেচত আজি পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত খেল হৈ আছে।

খেলখন মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।এই মেচত পঞ্জাব কিংছে আৰ চি বিক ১০২ ৰানৰ লক্ষ্য বান্ধি দিছে।পঞ্জাৱৰ দলটো ১৪.১ অভাৰত ১০১ ৰান কৰিয়েই থমকিব লগা হয়।

খেলখনত পঞ্জাৱৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে মাৰ্কাছ ষ্টয়নিছে।তেওঁ ১৭টা বলত ২৬ ৰান সংগ্ৰহ কৰে। ফাইনেলত প্ৰৱেশ কৰিবলৈ আৰ চি বিয়ে মাত্ৰ ১০২ ৰানহে কৰিব লাগিব।আৰচিবিৰ হৈ জোছ হেজলউড আৰু সুয়াশ শৰ্মাই তিনিটাকৈ উইকেট দখল কৰে।

পইণ্ট তালিকাত ১ নম্বৰত আছিল পাঞ্জাব কিংছ, আনহাতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে দ্বিতীয় স্থান দখল কৰিছে।এই মেচখনত যিটো দলে জয় লাভ কৰিব তেওঁলোকে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব।আনহাতে পৰাজিত দলটোৱে কোৱালিফায়াৰ-২ খেলিব।

লগতে পঢ়ক: ফাইনেলৰ বাবে আজি আৰ চি বি-পঞ্জাৱৰ যুঁজ… জানক দুয়ো দলৰ সাম্ভাব্য মূল একাদশ

শেহতীয়া প্ৰৱন্ধসমূহ