বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; ইণ্ডিয়া এ টীমৰ পৰা বাহিৰ হ’ল ৰিয়ান পৰাগ

বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; ইণ্ডিয়া এ টীমৰ পৰা বাদ পৰিল ৰিয়ান পৰাগ

শ্ৰীলংকাত ৯ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ট্ৰাই-চিৰিজত ভাৰতীয়-এ দলৰ পৰা বাহিৰ হ’ল ৰিয়ান পৰাগ। ৯ জুনৰ পৰা শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ট্ৰাই-চিৰিজত ভাৰতীয়-এ দলে অংশগ্ৰহণ কৰিব, যাৰ বাবে বিচিচিআইৰ তৰফৰ পৰা বহু পূৰ্বেই দল ঘোষণা কৰা হৈছিল। এই ট্ৰাই-চিৰিজত অধিনায়কত্বৰ দায়িত্ব য’ত তিলক বাৰ্মাক

শ্ৰীলংকাত ৯ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ট্ৰাই-চিৰিজত ভাৰতীয়-এ দলৰ পৰা বাহিৰ হ’ল ৰিয়ান পৰাগ।

৯ জুনৰ পৰা শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া ট্ৰাই-চিৰিজত ভাৰতীয়-এ দলে অংশগ্ৰহণ কৰিব, যাৰ বাবে বিচিচিআইৰ তৰফৰ পৰা বহু পূৰ্বেই দল ঘোষণা কৰা হৈছিল। এই ট্ৰাই-চিৰিজত অধিনায়কত্বৰ দায়িত্ব য’ত তিলক বাৰ্মাক অৰ্পণ কৰাৰ লগতে ৰিয়ান পৰাগক সহ-অধিনায়ক অৰ্পণ কৰিছিল। এতিয়া বিচিচিআইয়ে দলটোত এক ডাঙৰ সালসলনিৰ কথা ঘোষণা কৰিছে, য’ত ৰিয়ান পৰাগ এই এদিনীয়া ট্ৰাই-চিৰিজৰ পৰা বাহিৰ হৈছে। তেওঁৰ স্থানত ৰুতুৰাজ গাইকোৱাৰক দলত অন্তৰ্ভুক্ত কৰাৰ লগতে সহ-অধিনায়কো পতা হৈছে।ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰা গাইকৱাদে এতিয়া ইণ্ডিয়া এ দলৰ উপ-অধিনায়কৰ দায়িত্বও কান্ধত ল’ব।

বিচিচিআইৰ তৰফৰ পৰা ইণ্ডিয়া-এ দলত কৰা এই সালসলনিৰ সৈতে জনোৱা হৈছে যে হামষ্ট্ৰিঙৰ আঘাতৰ বাবে এই এদিনীয়া ট্ৰাই ছিৰিজৰ পৰা বাহিৰ হৈছে ৰিয়ান পৰাগ।হামষ্ট্ৰিঙৰ আঘাত সুস্থ নোহোৱালৈকে ৰিয়ান পৰাগ এতিয়া বেংগালুৰুস্থিত ‘চেণ্টাৰ অৱ এক্সেলেন্স’ত থাকিব, য’ত তেওঁ ৰিহেবিলিটেচনত সময় কটাব। উল্লেখ্য যে, আইপিএল ২০২৬ ৰ ছিজনত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছ দলৰ অধিনায়কত্ব চম্ভালিছিল, য’ত তেওঁৰ নেতৃত্বত দলটোৰ যাত্ৰা কোৱালিফায়াৰ-২ মেচত পৰাজয়েৰে সমাপ্ত হৈছিল।

এদিনীয়া ট্ৰাই ছিৰিজৰ বাবে ইণ্ডিয়া এৰ আপডেট দল

তিলক বাৰ্মা (অধিনায়ক), ৰুতুৰাজ গাইকোৱাৰ (সহ-অধিনায়ক), প্ৰিয়াংশ আৰ্য, বৈভৱ সূৰ্যবংশী, আয়ুষ বাদোনী, নিশাদ সিন্ধু, সূৰ্যাংশ শ্বেদগে, প্ৰভসিমৰন সিং (উইকেটকীপাৰ), কুমাৰ কুশাগ্ৰ (উইকেটকীপাৰ), বিপ্ৰাজ নিগম, যশ ঠাকুৰ, যুদ্ধবীৰ সিং, অংশুল কম্বোজ, আৰ্শদ খান, অনুকূল ৰয়।

লগতে পঢ়ক: ‘তেওঁক ভাৰতীয় দলত চাবলৈ বিচাৰো’; বৈভৱ সূৰ্যবংশীক প্ৰশংসা শচীন টেণ্ডুলকাৰৰ