ৰজত পাটিদাৰে সলনি কৰিলে আৰচিবিৰ ইতিহাস; আই পি এলত গঢ়িলে অভিলেখ

ৰজত পাটিদাৰৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) এ গুজৰাট টাইটানছক পৰাস্ত কৰি একেৰাহে দ্বিতীয় বছৰৰ বাবে আই পি এলৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

ৰজত পাটিদাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)ক একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰোৱাই ইতিহাস ৰচনা কৰিছে। মঙলবাৰে (২৬ মে’) ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত আইপিএল ২০২৬ৰ প্ৰথমটো কোৱালিফায়াৰ মেচত আৰচিবিয়ে গুজৰাট টাইটান্সক ৯২ ৰানৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে বেংগালুৰুৱে এতিয়া অহা দেওবাৰে (৩১ মে’) আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খিতাপ যুঁজত অৱতীৰ্ণ হ’ব।

বেংগালুৰু দলটোৰ বাবে ইতিহাসত এয়া পঞ্চমটো ফাইনেল হ’ব। ইয়াৰ পূৰ্বে ‘মেন ইন ৰেড এণ্ড গ’ল্ড’ বাহিনীয়ে ২০০৯, ২০১১, ২০১৬ আৰু ২০২৫ চনত ফাইনেল খেলিছিল। প্ৰথম তিনিখন ফাইনেলত পৰাজিত হোৱাৰ পিছত, যোৱা বছৰ পঞ্জাৱ কিংছক (PBKS) হৰুৱাই বেংগালুৰুৱে প্ৰথমটো খিতাপ দখল কৰিছিল। এতিয়া দলটোৱে একেৰাহে দ্বিতীয় বছৰৰ বাবে খিতাপ জয়ৰ নিচেই কাষ চাপিছে।

ৰজত পাটিদাৰ বেংগালুৰুৰ ইতিহাসত আই পি এল বিজয়ী একমাত্ৰ অধিনায়ক। তেওঁ এতিয়া দলটোক পুনৰ এবাৰ খিতাপ জয়ৰ দিশে আগুৱাই লৈ গৈছে। ইয়াৰ লগতে তেওঁ দলটোক দুখন আইপিএল ফাইনেললৈ লৈ যোৱা প্ৰথমজন অধিনায়ক হিচাপেও পৰিগণিত হৈছে।

তেওঁৰ পূৰ্বে অনিল কুম্বলে (২০০৯), ডেনিয়েল ভেট্টৰী (২০১১) আৰু বিৰাট কোহলীৰ (২০১৬) অধিনায়কত্বত দলটোৱে ফাইনেলত স্থান লাভ কৰিছিল। পাটিদাৰে এতিয়া এই তিনিওজনকে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

আৰচিবিৰ ইতিহাসলৈ চালে ৰজত দুখন ফাইনাল খেলা তৃতীয়জন অধিনায়ক। তেওঁৰ পূৰ্বে ভেট্টৰী (২০১১ চেম্পিয়নছ লীগ টি-২০) আৰু স্মৃতি মন্ধানাই (ডব্লিউপিএলৰ দুখন ফাইনেল) এই কৃতিত্ব অৰ্জন কৰিছিল। ইয়াৰ উপৰিও, পাটিদাৰ বেংগালুৰুৰ এনে প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছে যিয়ে নিজৰ অধিনায়কত্বৰ প্ৰথম দুয়োটা ছিজনতে দলটোক আইপিএলৰ ফাইনেললৈ লৈ গৈছে।

ৰজতৰ নেতৃত্বত বেংগালুৰুৱে এতিয়ালৈকে তিনিখন প্লে-অফ মেচত জয়লাভ কৰিছে, যিটো এই ফ্ৰেঞ্চাইজিৰ যিকোনো অধিনায়কৰ বাবে সৰ্বাধিক জয়। ইয়াত যোৱা বছৰৰ প্ৰথম কোৱালিফায়াৰ, ফাইনেল আৰু এই বছৰৰ শেহতীয়া জয়টো অন্তৰ্ভুক্ত হৈ আছে।

৩২ বছৰীয়া ৰজত পাটিদাৰ আইপিএল ইতিহাসৰ দ্বিতীয়জন এনে অধিনায়ক, যিয়ে নিজৰ প্ৰথম দুটা ছিজনতে দলটোক ফাইনেললৈ লৈ গৈছে। তেওঁৰ পূৰ্বে কেৱল হাৰ্দিক পাণ্ডিয়াইহে এই সফলতা লাভ কৰিছিল। ইয়াৰ লগতে বেংগালুৰু এতিয়া চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটান্সৰ পিছত একেৰাহে দুখন ফাইনেল খেলা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে।

লগতে পঢ়ক: আই পি এলত বিৰাট ইতিহাস! কিং কোহলীয়ে গঢ়িলে অভূতপূৰ্ব অভিলেখ

ধৰ্মশালাত আই পি এলৰ ‘মহাযুঁজ’! কাৰ ভাগ্যত ফাইনেলৰ প্ৰথমটো টিকট

আই পি এল ২০২৬ৰ আটাইতকৈ ডাঙৰ আৰু নকআউট সপ্তাহ আজিৰ পৰা আৰম্ভ হ’ব। ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত কোৱালিফায়াৰ ১ত মুখামুখি হ’ব পইণ্ট টেবুলৰ শীৰ্ষ দুটা দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ।

সামৰণি পৰিল আই পি এল ২০২৬ৰ লীগ পৰ্যায়। এতিয়া সকলোৰে দৃষ্টি কোৱালিফায়াৰ মেচবোৰৰ ওপৰত নিবদ্ধ হৈ আছে ।২৬ মে’ মঙলবাৰে ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব আই পি এল কোৱালিফায়াৰ ১ৰ খেলখন।পইণ্ট টেবুলৰ শীৰ্ষ দুটা স্থান দখল কৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছ কোৱালিফায়াৰ ১ৰ মেচত মুখামুখি হ’ব।

আমোদজনক কথাটো হ’ল দুয়োটা দলে ১৮ পইণ্টকৈ লীগ পৰ্যায়ত অন্ত পেলায়।পইণ্ট তালিকাত ১৮ পইণ্টেৰে প্ৰথম স্থানত আছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু ১৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে গুজৰাট টাইটানছ। পাৰ্থক্য  মাথোঁ নেট ৰাণ ৰেটৰ আছিল, যিয়ে আৰ চি বিক শীৰ্ষ স্থানলৈ নিয়ে। কিন্তু এতিয়া পইণ্ট টেবুলৰ কোনো তাৎপৰ্য্য নাই।এতিয়া মাত্ৰ ৪০ অভাৰতে সিদ্ধান্ত ল’ব কোনে আই পি এল ২০২৬ৰ ফাইনেলৰ প্ৰথম টিকট লাভ কৰিব।

কোৱালিফায়াৰ প্ৰথম মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰ আৰু গুজৰাট টাইটানছৰ অধিনায়ক শুভমীন গিল সন্ধিয়া ৭:০০ বজাত টছৰ বাবে খেলপথাৰলৈ আহিব। কোৱালিফায়াৰ ১ মেচৰ পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন আৰচিবিৰ বাবে খেলুৱৈৰ আঘাত এক ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে।ইংলেণ্ডৰ অল ৰাউণ্ডাৰ জেকব বেথেলে আঙুলিৰ আঘাতৰ বাবে সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আছে।যিটো আৰচিবিৰ বাবে এক বৃহৎ আঘাত বুলি বিবেচনা কৰা হৈছে।

আই পি এলৰ পৰা বাহিৰ হৈ আৱেগিক ঋষভ পন্ত; অনুৰাগীলৈ বিশেষ ভিডিঅ’ শ্বেয়াৰ

ঋষভ পন্তৰ বাবে আই পি এল ২০২৬ অত্যন্ত হতাশাজনক বুলি প্ৰমাণিত হ’ল।আই পি এলৰ পৰা বাহিৰ হোৱাৰ পিছত ২৭ কোটি টকীয়া অধিনায়কগৰাকীয়ে অনুৰাগীৰ বাবে এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক ছিজন ঋষভ পন্তৰ বাবে পাহৰিব নোৱাৰা ছিজন বুলি প্ৰমাণিত হ’ল ।ঋষভ পন্তে না বেটেৰে দুৰ্দান্ত প্ৰদৰ্শন কৰিব পাৰিলে না  তেওঁৰ অধিনায়কত্ব সঠিক আছিল।লক্ষ্ণৌ চুপাৰ জায়েন্টছ (এল এছ জি)ৰ একেৰাহে পৰাজয়, দুৰ্বল অধিনায়কত্ব, ফ্লপ বেটিং, আৰু ক্ৰমবৰ্ধমান হেঁচাৰ মাজত এতিয়া ঋষভ পন্তৰ এটা আৱেগিক ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোৱে অনুৰাগীৰ মাজত চৰ্চা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।

২০২৬ চনৰ আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ১৪খন খেলৰ ভিতৰত মাত্ৰ ৪খন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু পইণ্ট তালিকাৰ তলত স্থান দখল কৰিছিল।যোৱা ছিজনত সপ্তম স্থান দখল কৰাৰ পিছত এইবাৰ দলটোৱে টেবুলৰ তললৈ নামি অহাটো ফ্ৰেঞ্চাইজিৰ বাবে এক ডাঙৰ আঘাত হিচাপে গণ্য কৰা হৈছে। ২০২৫ চনৰ মেগা নিলামৰ সময়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে পন্তক ২৭ কোটি টকাত ক্ৰয় কৰিছিল; ফলস্বৰূপে দলটোৱে তেওঁৰ পৰা বহু আশা কৰিছিল।

ছিজন সমাপ্ত হোৱাৰ পিছত অনুৰাগীসকলক আৱেগিকভাৱে সম্বোধন কৰি ঋষভ পন্তে কয়-“অশেষ ধন্যবাদ। এই ছিজনটো আমাৰ বাবে যথেষ্ট কঠিন হৈ পৰিছিল।আমি বহুত কষ্ট কৰিলোঁ। প্ৰতিটো পৰিস্থিতিৰ মাজেৰে দলটোক সহায় কৰাৰ বাবে ধন্যবাদ।আমি কামবেক কৰিম। দলটোৰ ওপৰত বিশ্বাস ৰাখক।” পন্তৰ এই ভিডিঅ’টো এতিয়া কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: ভাৰতৰ নতুন স্প্ৰিণ্ট কিং!ভাৰতীয় নৌসেনা জোৱান গুৰিন্দৰৱীৰ সিঙৰ নতুন ইতিহাস

মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত ৰাজস্থান ৰয়েলছৰ…

চলিত আই পি এল ছিজনৰ প্লে অফৰ ছবিখন এতিয়া সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে। দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছে প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে।

আই পি এল ২০২৬ৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলৰ পূৰ্বে প্লে অফত স্থান দখল কৰা চাৰিটা দল নিশ্চিত হৈছে।ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে।দেওবাৰে (২৪ মে’) লীগৰ অন্তিমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ৩০ ৰানত পৰাস্ত কৰে।

ইয়াৰ লগে লগে পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ দুয়োটাৰে বাবে প্লে অফৰ দুৱাৰ বন্ধ হৈ পৰিছে। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, আৰু গুজৰাট টাইটানছৰ পিছত ৰাজস্থান ৰয়েলছ প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে। ৰিয়ান পৰাগ নেতৃত্বাধীন দলটোৱে অহা ২৭ মে’ত এলিমিনেটৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব।এই খেলখন মুলনপুৰৰ নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।

এতিয়া আই পি এল ২০২৬ত অহা ২৬ মে’ত (মঙলবাৰ) ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত কোৱালিফায়াৰ ১ অনুষ্ঠিত হ’ব লাগে।সেই মেচখনৰ বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ আগবাঢ়িব।আনহাতে কোৱালিফায়াৰ ১ত পৰাস্ত হোৱা দলটোৱে আন এটা সুযোগ পাব আৰু কোৱালিফায়াৰ ২ খেলিব।ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এলিমিনেটৰ মেচত জয়ী হোৱা দলটোৱে, কোৱালিফায়াৰ ২ত খেলাৰ সুযোগ পাব।

লগতে পঢ়ক: ভাৰতৰ নতুন স্প্ৰিণ্ট কিং!ভাৰতীয় নৌসেনা জোৱান গুৰিন্দৰৱীৰ সিঙৰ নতুন ইতিহাস

পৰাজয়, হতাশা, আৰু খং; খেলপথাৰত হাৰ্দিক পাণ্ডিয়াৰ অভব্য আচৰণ,IPL এ বিহিলে জৰিমনা

আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে হাৰ্দিক পাণ্ডিয়াক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে।

হাৰ্দিক পাণ্ডিয়াই আকৌ এবাৰ শিৰোনাম দখল কৰিছে কিন্তু এইবাৰ কাৰণ তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শন নহয়, বৰঞ্চ খেলপথাৰত প্ৰদৰ্শিত হতাশাৰ প্ৰকাশ হে। আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে। ইয়াৰ লগতে তেওঁ ডেমেৰিট পইণ্টো লাভ কৰিছে।

এই ঘটনাটো বুধবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা মেচখনৰ সৈতে জড়িত, য’ত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ৪ উইকেটত পৰাজয়ৰ সন্মুখীন হৈছিল এম আই। মেচৰ সময়ত হাৰ্দিকে নিজৰ স্পেলত ছন্দ বিচাৰি উলিয়াব পৰা নাছিল।এই হতাশাত নিজৰ ৰান আপলৈ উভতি অহাৰ সময়তে তেওঁ বলপূৰ্বক উইকেটৰ জামিন পেলাই দিয়ে।

আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে হাৰ্দিক পাণ্ডিয়াই আই পি এলৰ আচৰণ বিধিৰ ২.২ অনুচ্ছেদ উলংঘা কৰিছে।এই নিয়মটো খেলৰ সময়ত ক্ৰিকেটৰ সঁজুলি, কাপোৰ, গ্ৰাউণ্ড ইকুইপমেণ্ট বা অন্যান্য ফিটিংছৰ অপব্যৱহাৰৰ সৈতে জড়িত। এইটোক লেভেল ১ অপৰাধ বুলি গণ্য কৰা হৈছিল আৰু হাৰ্দিকে মেচ ৰেফাৰীয়ে দিয়া শাস্তি গ্ৰহণ কৰি নিজৰ ভুল স্বীকাৰ কৰিছিল।

আই পি এলত খেলুৱৈৰ অনুশাসন সন্দৰ্ভত কঠোৰতা ধাৰাবাহিকভাৱে বলবৎ হৈ আছে।ইয়াৰ পূৰ্বেও খেলপথাৰত আক্ৰমণাত্মক আচৰণ বা সঁজুলিৰ অপব্যৱহাৰৰ বাবে কেইবাজনো খেলুৱৈক জৰিমনা বিহা হৈছে।হাৰ্দিকৰ ওপৰত আৰোপ কৰা জৰিমনাকো এই একেটা ক্ৰমৰ অংশ হিচাপে চোৱা হৈছে।

লগতে পঢ়ক: আগষ্টত ঐতিহাসিক শুভাৰম্ভ: অসম প্ৰিমিয়াৰ লীগৰ বাবে সাজু অসম ক্ৰিকেট সন্থা

অন্তিমবাৰৰ বাবে আই পি এলত খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে?  তীব্ৰতৰ হৈ পৰিছে অৱসৰৰ জল্পনা-কল্পনা

মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ ৫ বাৰকৈ আই পি এল চেম্পিয়ন হৈছিল।আজি আই পি এল ২০২৬ত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত এখন মেচ হ’ব। বিশ্বাস কৰা হৈছে যে এইখন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ কেৰিয়াৰৰ অন্তিমখন মেচ বুলি প্ৰমাণিত হ’ব।

এই পৰ্যন্ত আই পি এল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ) ২০২৬ ছিজনত এখনো মেচ খেলিব নোৱাৰা মহেন্দ্ৰ সিং ধোনীয়ে চৰ্চা লাভ কৰিছে। সোমবাৰে (১৮ মে’) চেপাউকত চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন এতিয়া কেৱল প্লে অফৰ যুঁজ হৈ থকা নাই। বৰং ই সম্পূৰ্ণৰূপে ধোনীৰ উভতি অহাৰ আশা আৰম্ভ হৈছে।

অনুৰাগীৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল আজি চেন্নাই খেলপথাৰত হালধীয়া জাৰ্চি পিন্ধি ‘কেপ্তেইন কুল’ক আকৌ এবাৰ দেখা যাব নেকি? ছিজন আৰম্ভ হোৱাৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰকাশ কৰিছিল যে এম এছ ধোনীয়ে ষ্ট্ৰেইনৰ সৈতে যুঁজি আছে আৰু তেওঁ প্ৰাৰম্ভিক মেচবোৰ খেলিব নোৱাৰিব, কিন্তু লাহে লাহে এই অপেক্ষা দীঘলীয়া হৈ থাকিল।বিষয়টো কেৱল বেটিংতে সীমাবদ্ধ নাছিল।

এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ এক বক্তব্যই সমগ্ৰ ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে।নিজৰ ইউটিউব চেনেলত ভাষণ দি অশ্বিনে কয়: মই ভাবো যে ধোনীয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা আছে।শুনা মতে তেওঁ যোৱা ২-৩ মেচ খেলিবলৈও সাজু আছিল।’

২০২১ চনত ধোনীয়ে দিয়া এক বক্তব্যই এই মেচখনৰ পূৰ্বে নতুন আশাৰ সঞ্চাৰ কৰিছে।তেওঁ কৈছিল, “মই মোৰ ক্ৰিকেটৰ পৰিকল্পনা সদায় কৰি আহিছো।মোৰ শেষৰখন টি-২০ মেচ চেন্নাইত হ’ব।সেয়া লাগিলে অহা বছৰ হ’ব বা পাঁচ বছৰৰ পিছত হ’ব, মই নাজানো। ” এতিয়া প্ৰায় পাঁচ বছৰৰ মূৰত চেন্নাইত চি এছ কেৰ লীগৰ অন্তিমখন খেল অনুষ্ঠিত হৈছে আৰু গোটেই ছিজনটো ধোনী খেলপথাৰৰ পৰা আঁতৰত আছে।এই কাৰণেই অনুৰাগীসকলে এই মেচখনক সম্ভাৱ্য বিদায়ৰ খেল হিচাপে লৈছে, যদিও ধোনীয়ে অৱসৰৰ সন্দৰ্ভত একো কোৱা নাই।

লগতে পঢ়ক: ‘তেওঁ মোতকৈ ভাল খেলুৱৈ…’; বৈভৱ সূৰ্য্যবংশীৰ বেটিঙত মন্ত্ৰমুগ্ধ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক

দ্বিতীয় বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া; আই পি এলৰ মাজতে মহিকা শৰ্মাৰ সৈতে বহিব বিবাহত

আই পি এল ২০২৬ৰ মাজতে সামাজিক মাধ্যমত হাৰ্দিক পাণ্ডিয়াৰ বিবাহৰ এটা খবৰ বনজুইৰ দৰে বিয়পি পৰিছে। চলিত মাহতে দ্বিতীয়বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া।

টিম ইণ্ডিয়াৰ তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে। তাৰকা অলৰাউণ্ডাৰগৰাকীৰ বিয়াৰ খবৰ এতিয়া ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে।তাৰ মাজতে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজতে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ ব্যক্তিগত জীৱনক লৈ ডাঙৰ খবৰ ওলাইছে।

জানিব পৰা মতে দ্বিতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে হাৰ্দিক পাণ্ডিয়া।বৰ্তমান হাৰ্দিকে মডেল তথা অভিনেত্ৰী মহিকা শৰ্মাৰ সৈতে ডেটিং কৰি আছে।দুয়োকে প্ৰায়ে একেলগে দেখা যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্ট অনুসৰি অহা ২২ মে’ত ব্যক্তিগত অনুষ্ঠানত হাৰ্দিক আৰু মহিকাই বিবাহপাশত আবদ্ধ হ’ব পাৰে।

ইয়াৰ পূৰ্বে ২০২০ চনৰ ৩১ মে’ত নাটাছা ষ্টেনকভিচৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ প্ৰথম বিবাহ হৈছিল।কিন্তু তেওঁলোকৰ বিবাহৰ মাত্ৰ চাৰি বছৰৰ পিছত দুয়ো বিচ্ছেদ হ’ল।বিবাহ বিচ্ছেদৰ পিছত হাৰ্দিকে কেইবাগৰাকীও মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যদিও এতিয়া অৱশেষত মহিকা শৰ্মাক বিয়া কৰাবলৈ ওলাইছে।

আঘাতৰ বাবে আই পি এল ২০২৬ৰ পৰা হাৰ্দিক পাণ্ডিয়া বাহিৰ হৈছে, আৰু ইয়াৰ মাজতে তেওঁৰ বিবাহৰ খবৰে অনুৰাগীক আচৰিত কৰি তুলিছে।

লগতে পঢ়ক: ‘ইমান কষ্টৰ পিছতো নিজৰ প্ৰমাণ দিব লগীয়া হোৱাটো…’;২০২৭ ৰ বিশ্বকাপ সন্দৰ্ভত বিৰাট কোহলীৰ ডাঙৰ মন্তব্য

আই পি এলৰ মাজতে কন্যা সন্তানৰ পিতৃ হ’ল সূৰ্যকুমাৰ যাদৱ

ভাৰতীয় টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ঘৰলৈ এটি দেৱশিশুৰ আগমন হৈছে।তেওঁৰ পত্নী দেৱীশা শ্বেট্টীয়ে এটি কন্যা সন্তান জন্ম দিছে।

২০২৬ চনৰ আই পি এল ছিজনৰ মাজতে ভাৰতীয় টি-২০ দলৰ অধিনায়ক তথা মুম্বাই ইণ্ডিয়ানছৰ তাৰকা বেটছমেন সূৰ্যকুমাৰ যাদৱৰ ঘৰত সুখে টোকৰ মাৰিছে।   সূৰ্যকুমাৰৰ পত্নী দেৱীশা শেট্টীয়ে এটি কন্যা সন্তান জন্ম দিছে।

প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হৈছে এই তাৰকা দম্পতী। সূৰ্য্যই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন মৰমলগা ছবি পোষ্ট কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে। ২০১৬ চনত সূৰ্য্যই দেৱীশা শ্বেট্টীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।এই খবৰটো বিয়পি পৰাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগী আৰু ক্ৰিকেটাৰে সূৰ্য্যক অভিনন্দন জনাইছে।

সূৰ্যকুমাৰ যাদৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত তেওঁৰ কণমানি কন্যাৰ আঙুলিত ধৰি আছে। এই মৰমলগা ফটোখনৰ লগতে সূৰ্য্যই কেপচনত লিখিছে, ‘হাঁহি, প্ৰেম আৰু অগণন সপোনেৰে—আমি আমাৰ সৰু দেৱদূতক আদৰণি জনাইছো।’  

লগতে পঢ়ক: ক্ৰিকেটাৰ বন্ধু অমনপ্ৰীত সিং গিলৰ মৃত্যুত বিৰাট কোহলী আৱেগিক পোষ্ট

ক’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল মেচ? বিচিচিআইৰ ডাঙৰ ইউ-টাৰ্ণ

আই পি এল ২০২৬ৰ প্লে অফৰ স্থান সন্দৰ্ভত এক বৃহৎ পৰিৱৰ্তন পোহৰলৈ আহিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)২০২৬ ৰ প্লে অফৰ স্থান সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে,যিটোৱে অনুৰাগীৰ মাজত এক চৰ্চা লাভ কৰিছে। বিচিচিআই এ যি সূচী প্ৰকাশ কৰিছিল, তাত লীগৰ পিছৰ মেচৰ তাৰিখ আৰু স্থান নিৰ্দিষ্ট কৰা হোৱা নাছিল।এতিয়া কোৱালিফায়াৰ আৰু এলিমিনেটৰ মেচ ক’ত অনুষ্ঠিত হ’ব সেয়াও সিদ্ধান্ত লোৱা হৈছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজনৰ লীগ পৰ্যায়ৰ অন্তিমখন খেল ২৪ মে’ত অনুষ্ঠিত হ’ব। এই দিনটোত প্ৰথমখন খেল মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হ’ব,যিখন খেল মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।দ্বিতীয়খন খেলত কেকেআৰ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হ’ব।যিখন ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।ইয়াৰ লগে লগে লীগ পৰ্যায়ৰ সামৰণি পৰিব।১০টা দলৰ ভিতৰত ছটা দল বাহিৰ হ’ব, যাৰ ফলত খিতাপৰ দৌৰত বাকী থাকিব মাত্ৰ চাৰিটা দল।কোৱালিফায়াৰ ১ ধৰ্মশালাত অনুষ্ঠিত হ’ব, আনহাতে এলিমিনেটৰ আৰু কোৱালিফায়াৰ ২ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।

ইয়াৰ পিছত দুটা কোৱালিফায়াৰ, এটা এলিমিনেটৰ, আৰু তাৰ পিছত ফাইনেল খেলিব।ফাইনেল মেচখন  ৩১ মে’, নৰেন্দ্ৰ মোডী ষ্টেডিয়াম, আহমেদাবাদত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, আই পি এলৰ নিয়ম অনুসৰি চূড়ান্ত খেলখন ডিফেণ্ডিং চেম্পিয়ন দলৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লাগিছিল।এনে পৰিস্থিতিত বেংগালুৰু এই দৌৰত আগত আছিল,কিন্তু শেহতীয়াকৈ টিকট বিতৰ্কই সমীকৰণটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে।টিকট বিক্ৰীৰ সৈতে জড়িত সমস্যা আৰু ইয়াৰ লগত জড়িত পৰিচালনাৰ চিন্তাৰ বাবে বিচিচিআইয়ে স্থান সলনি কৰাৰ সিদ্ধান্ত লয়।এই কাৰণেই এতিয়া আহমেদাবাদত অনুষ্ঠিত হ’ব ফাইনেল মেচ।

লগতে পঢ়ক: আই পি এলত সঞ্জু চেমছনৰ ইতিহাস; বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ