চলিত আই পি এল ছিজনৰ প্লে অফৰ ছবিখন এতিয়া সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে। দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছে প্লে অফত নিজৰ স্থান নিশ্চিত কৰিছে।
আই পি এল ২০২৬ৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলৰ পূৰ্বে প্লে অফত স্থান দখল কৰা চাৰিটা দল নিশ্চিত হৈছে।ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত কৰে।দেওবাৰে (২৪ মে’) লীগৰ অন্তিমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ৩০ ৰানত পৰাস্ত কৰে।
ইয়াৰ লগে লগে পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ দুয়োটাৰে বাবে প্লে অফৰ দুৱাৰ বন্ধ হৈ পৰিছে। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, আৰু গুজৰাট টাইটানছৰ পিছত ৰাজস্থান ৰয়েলছ প্লে অফত প্ৰৱেশ কৰা চতুৰ্থটো দল হিচাপে পৰিগণিত হৈছে। ৰিয়ান পৰাগ নেতৃত্বাধীন দলটোৱে অহা ২৭ মে’ত এলিমিনেটৰ মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব।এই খেলখন মুলনপুৰৰ নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।
এতিয়া আই পি এল ২০২৬ত অহা ২৬ মে’ত (মঙলবাৰ) ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত কোৱালিফায়াৰ ১ অনুষ্ঠিত হ’ব লাগে।সেই মেচখনৰ বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ আগবাঢ়িব।আনহাতে কোৱালিফায়াৰ ১ত পৰাস্ত হোৱা দলটোৱে আন এটা সুযোগ পাব আৰু কোৱালিফায়াৰ ২ খেলিব।ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এলিমিনেটৰ মেচত জয়ী হোৱা দলটোৱে, কোৱালিফায়াৰ ২ত খেলাৰ সুযোগ পাব।
লগতে পঢ়ক: ভাৰতৰ নতুন স্প্ৰিণ্ট কিং!ভাৰতীয় নৌসেনা জোৱান গুৰিন্দৰৱীৰ সিঙৰ নতুন ইতিহাস









