'আমি কোৱালিফাই কৰিবই নালাগিছিল...'; পৰাজয়ৰ পিছত ৰিয়ান পৰাগৰ বক্তব্য

‘আমি কোৱালিফাই কৰিবই নালাগিছিল…’; পৰাজয়ৰ পিছত ৰিয়ান পৰাগৰ অদ্ভূত মন্তব্য

অৱশেষত আই পি এল ২০২৬ত ৰাজস্থান ৰয়েলছৰ যাত্ৰাৰ অন্ত পৰিল।কোৱালিফায়াৰ ২ত গুজৰাট টাইটানছে ৭ উইকেটত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে। আইপিএল ২০২৬ৰ ফাইলিষ্ট দুটা দল নিশ্চিত হৈছে। কোৱালিফায়াৰ-১ত পৰাস্ত হোৱাৰ পিছত, গুজৰাট টাইটানছ পুনৰ এবাৰ আৰচিবিৰ সৈতে খিতাপ জয়ৰ বাবে যুঁজিবলৈ সাজু হৈছে।শুকুৰবাৰে কোৱালিফায়াৰ-২ত গুজৰাট টাইটানছে

অৱশেষত আই পি এল ২০২৬ত ৰাজস্থান ৰয়েলছৰ যাত্ৰাৰ অন্ত পৰিল।কোৱালিফায়াৰ ২ত গুজৰাট টাইটানছে ৭ উইকেটত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে।

আইপিএল ২০২৬ৰ ফাইলিষ্ট দুটা দল নিশ্চিত হৈছে। কোৱালিফায়াৰ-১ত পৰাস্ত হোৱাৰ পিছত, গুজৰাট টাইটানছ পুনৰ এবাৰ আৰচিবিৰ সৈতে খিতাপ জয়ৰ বাবে যুঁজিবলৈ সাজু হৈছে।শুকুৰবাৰে কোৱালিফায়াৰ-২ত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰে। এই পৰাজয়ৰ পিছত ৰিয়ান পৰাগে এক মন্তব্য আগবঢ়ায়। তেওঁ নিজৰ দলৰ প্ৰশংসা কৰাৰ লগতে পৰাজয়ৰ কাৰণো স্পষ্ট কৰি দিয়ে। প্লে অফত সৰ্বাধিক স্ক’ৰ (২১৪) গঢ়াৰ পিছতো ৰাজস্থান ৰয়েলছৰ দলটোৱে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

মেচৰ অন্তত পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰি ৰিয়ান পৰাগে কয়, “ই এটা গড় স্ক’ৰ আছিল। মই ভাবো ২১৫ ৰান কৰিব পৰা গ’লহেঁতেন, কিন্তু মোৰ অনুভৱ হৈছিল যে দ্বিতীয় ইনিংছত হেভী ৰ’লাৰ চলোৱাৰ পিছত উইকেটৰ কিছু উন্নতি ঘটে।প্ৰথম ইনিংছত স্পিনাৰসকলে অধিক গ্ৰিপ পাইছিল আৰু চুটি, লেহেমীয়া বলবোৰ আৰু লেহেমীয়া হৈ আহিছিল। সেয়ে মই ভাবো ই এটা ঠিক-ঠাক স্ক’ৰ আছিল, কিন্তু ই আৰু উন্নত হ’ব পাৰিলেহেঁতেন। এটা সময়ত এনে লাগিছিল যে ২৩৫ ৰান হ’ব, যিটো এনে ডাঙৰ মেচত পাৰ্থক্য গঢ়িব পাৰিলেহেঁতেন, সেই অতিৰিক্ত ১৫-২০ ৰান। মই ভাবো যদি ২৩০-২৪০ ৰান হ’লহেঁতেন, তেন্তে লক্ষ্যত উপনিত হোৱাটো সঁচাকৈয়ে অতি কঠিন হ’লহেঁতেন।”

তেওঁ লগতে কয়, “আমি জানিছিলো যে আমি অপেনাৰসকলক সোনকালে আউট কৰিব লাগিব, যিটো আমি কৰিব নোৱাৰিলোঁ আৰু তাৰ পিছত কামটো কঠিন হোৱাটো খাটাং আছিল। ই এটা ভাল ছিজন আছিল, বহুতো ইতিবাচক দিশ আছিল। কিন্তু যদি এটা শাৰীত ক’বলৈ যাওঁ, তেন্তে মোৰ অনুভৱ হৈছে যে আমি কোৱালিফাই কৰিবই নালাগিছিল। আমাৰ দলত বহুতো যুৱ মুখ আছিল, যিসকলৰ অভিজ্ঞতা কম আছিল। তেওঁলোকে আইপিএলত কম ক্ৰিকেট খেলিছে আৰু আমি বহু নতুন পৰিৱৰ্তন আৰু সংমিশ্ৰণ চেষ্টা কৰিলোঁ আৰু পৰীক্ষা কৰিলোঁ। কিন্তু ল’ৰাবোৰে যি ধৰণৰ প্ৰদৰ্শন দেখুৱালে আৰু আমি আৰু আজি আমি য’ত উপস্থিত হৈছো,মই ভাবো আগন্তুক দীঘলীয়া যাত্ৰাৰ বাবে এয়া এক উৎকৃষ্ট আৰম্ভণি।”

ৰিয়ান পৰাগে বৈভৱ সূৰ্যবংশীৰ ভূয়সী প্ৰশংসা কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। বৈভৱে একেৰাহে দুখন মেচত ‘নাৰ্ভাছ নাইনটিজ’ৰ (নব্বৈৰ ঘৰত আউট) বলি হৈছে। তেওঁ হায়দৰাবাদৰ বিৰুদ্ধে ৯৭ ৰানৰ এক অভিলেখ গঢ়া ইনিংছ খেলিছিল। আনহাতে, গুজৰাটৰ বিৰুদ্ধেও বৈভৱ ৰৈ নাথাকিল আৰু বিধ্বংসী ৯৬ ৰান সংগ্ৰহ কৰিলে। অৱশ্যে, আউট হোৱাৰ পিছত বৈভৱক যথেষ্ট আৱেগিক হৈ পৰা দেখা গৈছিল।

লগতে পঢ়ক: ফাইনেললৈ গুজৰাট টাইটানছ; অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দুৰ্দান্ত বেটিং