টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বি চি চি আইৰ ৫টা ডাঙৰ সিদ্ধান্ত... যিয়ে আচৰিত কৰিছে সকলোকে

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বি চি চি আইৰ ৫টা ডাঙৰ সিদ্ধান্ত… যিয়ে আচৰিত কৰিছে সকলোকে

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে দল নিৰ্বাচনত লোৱা পাঁচটা সিদ্ধান্তই সকলোকে আচৰিত কৰিছে। কি এই পাঁচটা সিদ্ধান্ত জানক… ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ টি-২০ বিশ্বকাপ আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা কৰিছে । বিশ্বকাপৰ বাবে ৫টা

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে দল নিৰ্বাচনত লোৱা পাঁচটা সিদ্ধান্তই সকলোকে আচৰিত কৰিছে। কি এই পাঁচটা সিদ্ধান্ত জানক…

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ টি-২০ বিশ্বকাপ আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়া ঘোষণা কৰিছে । বিশ্বকাপৰ বাবে ৫টা আশ্চৰ্যজনক সিদ্ধান্ত লৈছে বি চি চি আইয়ে । ইয়াৰ ভিতৰত শুভমন গীলক দলৰ পৰা বাদ দিয়াটোও অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ অংশ নোহোৱা ৰিংকু সিঙক টি-২০ বিশ্বকাপ দলৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

বাদ পৰিল শুভমন গীল-

দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা শুভমন গীলক টি-২০ বিশ্বকাপৰ দলৰ পৰা বাদ দিয়া হৈছে । বি চি চি আইৰ এই সিদ্ধান্তই সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে, কিয়নো শেহতীয়াকৈ গীলক ভৱিষ্যতৰ অধিনায়ক হিচাপে প্ৰচাৰ কৰা হৈছিল । টেষ্ট আৰু এদিনীয়া খেলতো তেওঁ টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰে যদিও ধাৰাবাহিকভাৱে দুৰ্বল ফৰ্ম আৰু লেহেমীয়া বেটিংৰ বাবে তেওঁক বিশ্বকাপৰ দলৰ পৰা বাদ দিয়া হৈছে ।

ঈশান কিষনৰ প্ৰত্যাৱৰ্তন-

২০২৩ চনৰ পৰা ভাৰতৰ টি-২০ দলৰ পৰা বাহিৰ হৈ থকা ঈশান কিষনৰ আই পি এল ২০২৫ত বিশেষ প্ৰদৰ্শন নাছিল যদিও ঘৰুৱা ক্ৰিকেটত তেওঁ ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছিল । সদ্য সমাপ্ত ২০২৫ চনৰ চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীত ঈশান কিষনে মাত্ৰ ১০খন খেলত ৫১৭ ৰান সংগ্ৰহ কৰে । তেওঁৰ আকৰ্ষণীয় ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি বি চি চি আইয়ে তেওঁক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰে । ঈশানৰ বাছনিয়ে সঁচাকৈয়ে আচৰিত কৰি তুলিছে সকলোকে ।

বাহিৰ হ’ল জিতেশ শৰ্মা-

মিষ্টাৰ ফিনিছাৰ নামেৰে পৰিচিত জিতেশ শৰ্মাকো বিশ্বকাপৰ দলৰ পৰা আঁতৰাই ৰখা হৈছে । ২০২৫ চনৰ আই পি এলত উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা জিতেশে আৰ চি বিৰ খিতাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ইয়াৰ পিছতে তেওঁ ভাৰতৰ টি-২০ দললৈ উভতি আহে । অৱশ্যে এতিয়া বিশ্বকাপৰ দলৰ পৰা বাদ পৰিছে জিতেশ ।

অক্ষৰ পেটেলক পুনৰ সহ-অধিনায়ক নিযুক্তি-

ভাৰতৰ টি-২০ দলৰ সহ-অধিনায়ক হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে স্পীন অল ৰাউণ্ডাৰ অক্ষৰ পেটেলক । নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ লগতে ২০২৬ চনৰ টি-২০ বিশ্বকাপতো ভাৰতক নেতৃত্ব দিব । ইয়াৰ পূৰ্বে শুভমন গীলক সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল । বি চি চি আইৰ এই সিদ্ধান্তও আশ্চৰ্যজনক ।

ৰিংকু সিঙৰ দলত অন্তৰ্ভুক্তি-

এই পৰ্যন্ত ভাৰতৰ হৈ ভাগ্যৱান বুলি প্ৰমাণিত হোৱা ৰিংকু সিঙক ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপ দলৰো অংশ আছিল যদিও কোনো মেচত খেলাৰ সুযোগ পোৱা নাছিল ৰিংকু সিঙে । ২০২৫ চনৰ এছিয়া কাপৰ দলৰো অংশ থকা ৰিংকুৱে কেৱল ফাইনেলতহে খেলিছিল । খিতাপৰ মেচখনত তেওঁ চাৰি কোবাই দলক বিজয় সাব্যস্ত কৰাত সহায় কৰিছিল । বি চি চি আইয়ে ২০২৬ চনৰ বিশ্বকাপৰ দলত ৰিংকুক অন্তৰ্ভুক্ত কৰি সকলোকে আচৰিত কৰি তুলিছে, কিয়নো প্ৰথমতে তেওঁক পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল ।

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া দলঃ

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষন (উইকেটকীপাৰ), ৰিংকু সিং, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল (সহ-অধিনায়ক), অৰ্শদ্বীপ সিং, যশপ্ৰীত বুমৰাহ, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক : বিশ্বকাপ দলৰ পৰা কিয় বাদ পৰিল শুভমন গীল ? জনালে মুখ্য নিৰ্বাচক অজিত আগৰকাৰে