শ্ৰেয়াছ আয়াৰৰ কান্ধত অধিনায়কত্বৰ গুৰু দায়িত্ব,আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে সাজু বৈভৱ সূৰ্যবংশী

সূৰ্যকুমাৰৰ স্থানত এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাবে মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়াছ আয়াৰক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে

 ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) শনিবাৰে আগন্তুক ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতৰ শক্তিশালী টি-২০ দল ঘোষণা কৰিছে । এই দল ঘোষণাত আটাইতকৈ ডাঙৰ আচৰিত কৰা সিদ্ধান্তটো হ’ল শেহতীয়াকৈ ভাৰতক ২০২৬ চনৰ টি-২০ বিশ্বকাপ উপহাৰ দিয়া তাৰকা বেটাৰ তথা অধিনায়ক সূৰ্যকুমাৰ যাদৱক দলৰ পৰা বাদ দিয়া হৈছে । সূৰ্যকুমাৰৰ স্থানত এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাবে মিডল অৰ্ডাৰ বেটাৰ শ্রেয়াছ আয়াৰক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । যুৱ খেলুৱৈ তিলক বাৰ্মাক দলৰ সহ-অধিনায়কৰ গুৰু দায়িত্ব দিয়া হৈছে ।

ভাৰতীয় দললৈ আই পি এলৰ তাৰকা বৈভৱ সূৰ্যবংশী-

চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL 2026)ত নিজৰ ধুমুহা সদৃশ বেটিঙেৰে ক্ৰিকেট বিশ্বক চমকিত কৰা যুৱ বেটিং তাৰকা বৈভৱ সূৰ্যবংশীয়ে অৱশেষত লাভ কৰিছে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ নিমন্ত্ৰণ । সূৰ্যবংশীয়ে আই পি এল ২০২৬ ত ২৩৭.৩০ ৰ এক অবিশ্বাস্য ষ্ট্ৰাইক ৰেটত ৭৭৬ ৰান সংগ্ৰহ কৰি বৰ্ষটোৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী (Orange Cap বিজয়ী) হৈছিল । তেওঁৰ লগতে ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত গতিৰে আকৰ্ষিত কৰা যুৱ দ্ৰুতবেগী বলাৰ প্ৰিন্স যাদৱেও প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে ।

বিস্ফোৰক টপ অৰ্ডাৰ আৰু সুষম মিডল অৰ্ডাৰ-

ঘোষিত দলটোৰ বেটিং বিভাগটো অত্যন্ত আক্ৰমণাত্মক হিচাপে সজোৱা হৈছে । দলৰ টপ অৰ্ডাৰত অভিষেক শৰ্মা, নৱাগত বৈভৱ সূৰ্যবংশী, উইকেটৰক্ষক বেটাৰ সঞ্জু চেমচন আৰু ঈশান কিষাণৰ দৰে বিস্ফোৰক খেলুৱৈ আছে । আনহাতে, মিডল অৰ্ডাৰৰ দায়িত্ব থাকিব অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী, অভিজ্ঞ ৱাশ্বিংটন সুন্দৰ আৰু বিধ্বংসী হাৰ্ড-হিটাৰ শিৱম ডুবেৰ কান্ধত ।

স্পীন আৰু পেচ ইউনিট: বুমৰাহক জিৰণি

অহা কেইটামান মাহৰ ব্যস্ত সূচীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মুখ্য দ্ৰুতবেগী বলাৰ যশপ্ৰীত বুমৰাহক আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ পৰা সম্পূৰ্ণ জিৰণি দিয়া হৈছে । বুমৰাহৰ অনুপস্থিতিত পেচ বিভাগটো পৰিচালনা কৰিব অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, নতুন মুখ প্ৰিন্স যাদৱ আৰু মহম্মদ চিৰাজে । আনহাতে, স্পীন বিভাগত ৱাশ্বিংটন সুন্দৰৰ উপৰিও স্থান পাইছে অভিজ্ঞ অক্ষৰ পেটেল, মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণৈয়ে । উল্লেখযোগ্য যে, বিশ্বকাপ বিজয়ী দলৰ অংশ থকা ৰিংকু সিং আৰু কুলদীপ যাদৱকো এই ভ্ৰমণৰ দলৰ পৰা বাহিৰত ৰখা হৈছে ।

খেলৰ সূচী-

ভাৰতে এই ভ্ৰমণৰ আৰম্ভণি আয়াৰলেণ্ডৰ বিৰুদ্ধে কৰিব । বেলফাষ্টত ২৬ আৰু ২৮ জুনত দুখন টি-২০ মেচ খেলাৰ পিছত ভাৰতীয় দলটো ইংলেণ্ডলৈ ৰাওনা হ’ব । তাত ১ জুলাইৰ পৰা ১১ জুলাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল ।

২০২৬ চনৰ ভ্ৰমণৰ সম্পূৰ্ণ স্কোয়াড:

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল : শ্রেয়াছ আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহ-অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন, ঈশান কিষাণ, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, প্ৰিন্স যাদৱ, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈ, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু বৈভৱ সূৰ্যবংশী ।

আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল : শ্রেয়াছ আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহ-অধিনায়ক), অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, সঞ্জু চেমচন, ঈশান কিষাণ, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈ, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু প্ৰিন্স যাদৱ ।

লগতে পঢ়ক : আফগানিস্তান শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়ালৈ ডাঙৰ আঘাত, বাহিৰ হ’ল বিৰাট কোহলী

“যিকোনো মূল্যতে দুয়োখন মেচতে জয়ী হ’ব লাগিব”; একেৰাহে পঞ্চমটো পৰাজয়ৰ পিছত হতাশাত শ্ৰেয়াছ আয়াৰ

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে সংকীৰ্ণ পৰাজয়ৰ পিছত পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক অত্যন্ত হতাশ হোৱা যেন দেখিবলৈ পোৱা গ’ল।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ৰোমাঞ্চকৰ খেলত বৃহস্পতিবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছে ৬ উইকেটত জয়লাভ কৰে ।এই ছিজনত একেৰাহে পঞ্চমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছে পঞ্জাব কিংছ।এই দলটোৱে বৰ্তমান ১৩ পইণ্টেৰে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।ইফালে মুম্বাই ইণ্ডিয়ানছে ১২খন খেলত চতুৰ্থটো জয় পঞ্জীয়ন কৰিছে। ইতিমধ্যে দলটো প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে।টছত পৰাস্ত হোৱাৰ পিছত প্ৰথমে বেটিং কৰি পঞ্জাৱ কিংছে ৮ উইকেট হেৰুৱাই ২০০ ৰান সংগ্ৰহ কৰে।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৯.৫ অভাৰত মুম্বাই ইণ্ডিয়ানছে খেলখন দখল কৰে।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে সংকীৰ্ণ পৰাজয়ৰ পিছত পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক অত্যন্ত হতাশ হোৱা যেন দেখিবলৈ পোৱা গৈছে।খেলখনৰ পিছত নিজৰ প্ৰতিক্ৰিয়া দি তেওঁ কয় যে এই পৰাজয় হজম কৰাটো সম্পূৰ্ণ কঠিন,অৱশ্যে তেওঁ পৰাজয়ৰ বাবে কোনো নিৰ্দিষ্ট পৰিস্থিতি বা খেলুৱৈক আঙুলিয়াব নিবিচাৰে।আয়াৰে মেচখনৰ প্ৰশংসা কৰি কয় এইখন ক্ৰিকেটৰ এখন অত্যন্ত সুন্দৰ মেচ আছিল। য’ত দুয়োটা দলে ইজনে-সিজনৰ বিৰুদ্ধে সমানে সমানে যুঁজ দিছিল।তেওঁ বিপক্ষৰ বেটছমেন তিলক ভাৰ্মাক প্ৰশংসা কৰি কয় যে তিলকে উৎকৃষ্ট ফৰ্ম প্ৰদৰ্শন কৰে।

নিজৰ দলৰ বেটছমেন আজমাতুল্লাহ ওমৰজাইৰ উজ্জ্বল প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি অধিনায়ক শ্ৰেয়াছ আয়াৰে কয় এটা সময়ত এনে লাগিছিল যেন দলটোৱে মাত্ৰ ১৭০ৰ পৰা ১৮০ ৰানহে লাভ কৰিব পাৰিব।ইয়াৰ পিছতে আজমতে খেলপথাৰলৈ নামি মেচখন সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে।আজমতৰ কৃপাত দলটোৱে ২০০ ৰানৰ সীমা অতিক্ৰম কৰা সঁচাকৈয়ে প্ৰশংসনীয় কৃতিত্ব আছিল।

প্লে অফৰ দৌৰ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে আগন্তুক গুৰুত্বপূৰ্ণ খেলখনৰ সন্দৰ্ভত শ্ৰেয়াছ আয়াৰে এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। আৰচিবিৰ বিৰুদ্ধে আগন্তুক খেলখনৰ বাবে তেওঁ সম্পূৰ্ণ উৎসাহিত হৈ আছে। আয়াৰে স্পষ্ট কৰি দিলে যে, প্লে অফত স্থান নিশ্চিত কৰিবলৈ হ’লে পঞ্জাৱ কিংছে এতিয়া যিকোনো মূল্যতে বাকী থকা দুয়োখন মেচতে জয়ী হ’ব লাগিব। খেলপথাৰত এই প্ৰত্যাহ্বানৰ বাবে তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

লগতে পঢ়ক: আই পি এলৰ মাজতে মুম্বাই ইণ্ডিয়ানছত বৃহৎ পৰিৱৰ্তন; যশপ্ৰীত বুমৰাহলৈ অধিনায়কত্বৰ কামান

আই পি এলত নিষিদ্ধ হ’ব নেকি শ্ৰেয়াছ আয়াৰ; বিচিচিআইৰ ডাঙৰ এক্সচন

বিপদে লগ নেৰা হৈছে পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক। বিচিচিআই এ পুনৰবাৰ খেলুৱৈ গৰাকীৰ বিৰুদ্ধে ডাঙৰ এক্সচন লৈছে। আই পি এলত হ’ব নেকি নিষিদ্ধ

শুকুৰবাৰে অনুষ্ঠিত হোৱা আই পি এল ২০২৬ৰ খেলখনত পঞ্জাৱ কিংছে চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক ৫ উইকেটত পৰাস্ত কৰে।মেচখনত জয়লাভ কৰাৰ পিছত পঞ্জাৱ কিংছত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। কিন্তু এই সকলোবোৰৰ মাজতে পঞ্জাব কিংছৰ (পিবিকেএছ) অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ওপৰত বিপদৰ পাহাৰ ভাগি পৰিছে।পাঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বাবে হঠাতে এটা বেয়া খবৰ ওলাইছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শ্ৰেয়াছ আয়াৰক কঠোৰ শাস্তি প্ৰদান কৰিছে।

পঞ্জাৱ কিংছ (পিবিকেএছ)ৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নিজৰ ভুলৰ বাবে ২৪ লাখ টকাৰ লোকচান হৈছে।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ২৪ লাখ টকা জৰিমনা বিহিছে।দৰাচলতে,আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক ২৪ লাখ টকা জৰিমনা বিহা হৈছে।

আই পি এল ২০২৬ ছিজনত শ্ৰেয়াছ আয়াৰৰ শ্ল’ অভাৰ ৰেটৰ সৈতে জড়িত এইটো আছিল দ্বিতীয়টো অপৰাধ।চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে আই পি এলৰ খেলখনত শ্ল’ অভাৰ ৰেটৰ বাবে শ্ৰেয়াছ আয়াৰ দোষী সাব্যস্ত হোৱাৰ পিছতে বি চি চি আইয়ে এই বৃহৎ শাস্তি প্ৰদান কৰিছে।

মেচখনত পঞ্জাৱ কিংছৰ দলটোৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত ২০ অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে।যদিহে আই পি এল ২০২৬ ছিজনত শ্ৰেয়াছ আয়াৰক পুনৰবাৰ লেহেমীয়া অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁ আই পি এলৰ এখন মেচ নিষেধাজ্ঞা হোৱাৰ লগতে ৩০ লাখ টকা  জৰিমনা ভৰিব পাৰে। অৰ্থাৎ আই পি এলৰ এখন মেচত নিষেধাজ্ঞা হোৱাৰ ভয় শ্ৰেয়াছ আয়াৰৰ ওপৰত আছে।

লগতে পঢ়ক: ধুৰন্ধৰ মুডত সূৰ্যকুমাৰ যাদৱ; অক্ষয় খান্নাৰ জনপ্ৰিয় গীতত আইকনিক ষ্টেপ

পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ; ভৰিব লাগিব জৰিমনা

পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ব্যৱস্থা গ্ৰহণ কৰিছে। বিচিচিআইয়ে বিহিলে ১২ লাখ টকাৰ জৰিমনা।

৩১ মাৰ্চত (মঙলবাৰ) অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ চতুৰ্থখন খেলত পঞ্জাব কিংছে গুজৰাট টাইটানছ (জিটি)ৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে। মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত পঞ্জাৱ কিংছক জয়ৰ বাবে ১৬৩ ৰান লক্ষ্য বান্ধি দিছিল,যিটো তেওঁলোকে পাঁচটা বল বাকী থকা অৱস্থাত অৰ্জন কৰিছিল।

গুজৰাট টাইটানছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ জয়ৰ পাছতো অধিনায়ক শ্ৰেয়াছ আয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।লেহেমীয়া অভাৰ ৰেটৰ বাবে এতিয়া অধিনায়ক গৰাকীয়ে মূল্য দিবলগীয়া হৈছে।এই মেচখনত পঞ্জাব কিংছে নিৰ্ধাৰিত সময়ৰ ভিতৰত অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে।

আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত এইটোৱেই আছিল এইটো ছিজনৰ দলটোৰ প্ৰথমটো অপৰাধ। ফলস্বৰূপে পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক ১২ লাখ টকাৰ  জৰিমনা বিহা হৈছে।

এই ছিজনত যদি পঞ্জাব কিংছে দ্বিতীয়বাৰৰ বাবে লেহেমীয়া অভাৰ ৰেটৰ অপৰাধ সংঘটিত কৰে তেন্তে শ্ৰেয়াছ আয়াৰৰ ওপৰত ২৪ লাখ টকা জৰিমনা বিহা হ’ব।ইয়াৰ উপৰিও ৬ লাখ টকা জৰিমনা বা তেওঁলোকৰ মেচ মাচুলৰ ২৫ শতাংশ (যিটো কম)দলৰ সদস্যসকলৰ ওপৰত আৰোপ কৰা হ’ব।

আনহাতে, যদি তৃতীয়বাৰৰ বাবে দলটোক লেহেমীয়া অভাৰ ৰেট কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয়, তেন্তে হয়টো অধিনায়ক শ্ৰেয়াছ আয়াৰে এখন মেচৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব।

লগতে পঢ়ক: আই পি এলত আজি পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছৰ যুঁজ

আই পি এলত আজি পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছৰ যুঁজ

পঞ্জাৱ কিংছৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ওপৰত আকৌ এবাৰ বহু কথা নিৰ্ভৰ কৰিব

মঙলবাৰে আই পি এলৰ চতুৰ্থখন খেল পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব । মুলনপুৰত অনুষ্ঠিত হ’বলগীয়া এই খেলখনত শুভমন গীল আৰু শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বৰ ওপৰত চোকা দৃষ্টি থাকিব । গুজৰাট টাইটানছ আৰু পঞ্জাব কিংছৰ এই মেচখন কেৱল দুটা দলৰ মাজত হোৱা সংঘৰ্ষ নহয়, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰায়ে অৱজ্ঞা কৰা দুজন ভাৰতীয় বেটছমেনৰ মাজত যুঁজ ।

ভাৰতৰ টেষ্ট আৰু এদিনীয়া অধিনায়ক শুভমন গীলক সঞ্জু চেমছনক সুযোগ দিবলৈ টি-২০ বিশ্বকাপৰ দলৰ পৰা আঁতৰাই ৰখা হৈছিল । ভাৰতে তৃতীয়টো টি-২০ বিশ্বকাপত অভিলেখ সৃষ্টি কৰিছিল, তথাপিও এই আই পি এল ছিজনটো গীলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

২০২৩ চনৰ পৰা আই পি এলত গীলতকৈ অধিক ৰান সংগ্ৰহ কৰিছে কেৱল বিৰাট কোহলীয়ে, কিন্তু এতিয়া প্ৰশ্নটো কেৱল ৰান নহয়, ষ্ট্ৰাইক ৰেটৰ কথাও আহি পৰিছে । গীলৰ টি-২০ কেৰিয়াৰৰ ষ্ট্ৰাইক ৰেট প্ৰায় ১৩৮ যদিও যোৱা ছিজনত তেওঁ ১৫৫ তকৈ অধিক ষ্ট্ৰাইক ৰেটত বেটিং কৰি নিজৰ প্ৰদৰ্শন দেখুৱাইছিল ।

২০২২ চনত অভিষেক ছিজনতে গুজৰাট টাইটানছে খিতাপ দখল কৰিছিল আৰু তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে । যোৱা বছৰ দলটোৱে তৃতীয় স্থান দখল কৰিছিল, এলিমিনেটৰত মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাস্ত হৈছিল । পুনৰ এবাৰ গুজৰাটৰ আটাইতকৈ ডাঙৰ শক্তি হ’ব গীল আৰু ছাই সুদৰ্শনৰ অপেনিং যুটি । যোৱা ছিজনত দলটোৰ সৰ্বাধিক স্ক’ৰাৰ আছিল ছাই সুদৰ্শন, তেওঁ ৭৫৯ ৰান সংগ্ৰহ কৰিছিল ।

আনহাতে, পঞ্জাৱ কিংছৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ওপৰত আকৌ এবাৰ বহু কথা নিৰ্ভৰ কৰিব । আই পি এলৰ অন্যতম নিৰ্ভৰযোগ্য অধিনায়ক শ্ৰেয়াছে তিনিটা ভিন্ন দলক ফাইনেললৈ লৈ গৈছে । ২০২০ চনত দিল্লী কেপিটেলছ, ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু যোৱা ছিজনত পঞ্জাব কিংছৰ নেতৃত্ব দিছিল আয়াৰে ।

যোৱা ছিজনত শ্ৰেয়াছে ৬০৪ ৰান সংগ্ৰহ কৰিছিল আৰু ১৭৫ ৰানৰো অধিক ষ্ট্ৰাইক ৰেট আছিল, যিটো শীৰ্ষ ১০ ৰান সংগ্ৰহকাৰীৰ ভিতৰত সৰ্বাধিক । ইয়াৰ পিছতো তেওঁক এছিয়া কাপ আৰু টি-২০ বিশ্বকাপত অন্তৰ্ভুক্ত কৰা নহ’ল ।

পঞ্জাবে ঘৰুৱা অভিলেখ উন্নত কৰাৰ বাবে চেষ্টা কৰিব । যোৱা ছিজনত ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো দলটোৱে নিউ চণ্ডীগড়ত খেলা পাঁচখন মেচত মাত্ৰ দুখনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : বৰ্ষাপাৰাত বৈভৱৰ বিধ্বংসী ৰূপ, ৰাজস্থানৰ হাতত ৮ উইকেটত পৰাস্ত চেন্নাই

ভাৰতীয় টি ২০ দলত শ্ৰেয়াছ আয়াৰৰ প্ৰত্যাবৰ্তন; আউট ৱাশ্বিংটন সুন্দৰ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পূৰ্বে ঘৰুৱা দলটোলৈ প্ৰত্যাবৰ্তন হৈছে শ্ৰেয়াছ আয়াৰৰ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত পাঁচখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা২১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।ইয়াৰ পূৰ্বে ক্ৰিকেট জগতৰ পৰা ডাঙৰ খবৰ আহিছে।

আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ ঠাইত ভাৰতীয় টি-২০ দলত অন্তৰ্ভুক্ত হৈছে ৰবি বিষ্ণোই।আনহাতে তিলক বৰ্মাৰ ঠাইত শ্ৰেয়াছ আয়েৰে সুযোগ পাইছে।প্ৰথম তিনিখন মেচৰ বাবে আয়াৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ যোৱা ১১ জানুৱাৰীত বদোদৰাৰ বিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হয়।

সেই মেচখনত বলিং কৰি থাকোঁতে ৱাশ্বিংটন সুন্দৰে হঠাতে কামিহাৰৰ তলৰ অংশত আঘাতপ্ৰাপ্ত হয়।যাৰ বাবে তেওঁ খেল পথাৰ এৰিব লগা হয়।

পিছত যেতিয়া তেওঁক স্কেন কৰা হ’ল, তেতিয়া চাইড ষ্ট্ৰেইনৰ সমস্যাটো পোহৰলৈ আহে। ইয়াৰ পিছত তেওঁক কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

সুস্থ হৈ উঠিলে তেওঁ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত ৰিপ’ৰ্ট কৰিব।ইয়াত ফিট বুলি ধৰা পৰাৰ পিছত পুনৰ ভাৰতীয় দললৈ ঘূৰি আহিব।

আঘাতপ্ৰাপ্ত তিলক বৰ্মাৰ ঠাইত নিৰ্বাচকসকলে প্ৰথম তিনিখন খেলৰ বাবে ১৫ জনীয়া দলত শ্ৰেয়াছ আয়াৰক অন্তৰ্ভুক্ত কৰিছে ।

লগতে পঢ়ক: ICC ৰ প্ৰতিনিধি দলে কৰিব বাংলাদেশ ভ্ৰমণ; টি-২০ বিশ্বকাপ সন্দৰ্ভত প্ৰত্যক্ষ আলোচনাত মিলিত হ’ব বিচিবি

জয়েৰে বছৰৰ আৰম্ভণি ভাৰতীয় দলৰ… ৪ উইকেটত ধৰাশায়ী কিৱি বাহিনী

দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত কিৱিৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ ভাৰতীয় দলৰ । এই মেচত মাত্ৰ ৭ ৰানৰ বাবে শতক বঞ্চিত হয় বিৰাট কোহলী ।

জয়েৰে নতুন বছৰৰ আৰম্ভণি কৰিছে ভাৰতীয় ক্ৰিকেট দলে । বদোদৰাত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ভাৰতীয় দলে ৪ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰে । এই জয়ৰ লগে লগে ভাৰতীয় দলটোৱে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন । প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে ভাৰতৰ সন্মুখত ৩০১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । আলহী দলৰ হৈ ডেৰিল মিচেলে ৮৪ সৰ্বাধিক ৰান সংগ্ৰহ । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে কিং কোহলীৰ ৯৩, গীলৰ ৫৬ আৰু শ্ৰেয়াছ আয়াৰৰ ৪৯ ৰানৰ সহায়ত এটা অভাৰ বাকী থকা অৱস্থাত ৬ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । বিৰাট কোহলী প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ।

উল্লেখ্য যে, এইখন আছিল ভাৰতীয় ক্ৰিকেট দলৰ নতুন বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ । গীল ব্ৰিগেডে বছৰটোৰ আৰম্ভণি জয়েৰে কৰে । এই খেলখন কোটাম্বি ষ্টেডিয়ামৰ বাবেও বিশেষ আছিল, কিয়নো ইয়াত প্ৰথমবাৰৰ বাবে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে ।

ভাৰতৰ ইনিংছ-

নিউজীলেণ্ডৰ ৩০১ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে শক্তিশালী আৰম্ভণি কৰে । ৰোহিত আৰু গীলে স্থিৰ আৰম্ভণি কৰে । ৰোহিতৰ ফৰ্ম ভাল দেখা গৈছিল যদিও নৱম অভাৰত দলীয় ৩৯ ৰানত তেওঁৰ উইকেটৰ পতন ঘটে । ৰোহিতে ২৬ ৰান সংগ্ৰহ কৰে, য’ত দুটা ছয় আৰু তিনিটা চাৰি আছিল । ইয়াৰ পাছত বিৰাট কোহলী আৰু শুভমন গীলে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়ায় । তেওঁলোকে এশ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ইয়াৰ উপৰিও এই মেচতে কোহলীয়ে ২৮ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰে । গীলেও অৰ্ধ শতক অৰ্জন কৰে । অৱশ্যে ২৭ নং অভাৰত ব্যক্তিগত ৫৬ ৰানত গীলে নিজৰ উইকেট হেৰুৱাই ।

ইয়াৰ পিছতে শ্ৰেয়াছ আয়েৰে বিৰাট কোহলীৰ সৈতে দলৰ দায়িত্ব লয় । তেওঁলোকে ৭৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অৱশ্যে এই মেচত কোহলীয়ে মাত্ৰ ৭ ৰানৰ বাবে শতক বঞ্চিত হয় । ৪০ নং অভাৰত তেওঁৰ ৯৩ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । কোহলীয়ে নিজৰ ইনিংছত ৮টা চাৰি আৰু এটা ছয় কোবাই ।

ইয়াৰ পিছতে জাডেজাই মাত্ৰ চাৰিটা ৰানতে পেভিলিয়নমুখী হয় । ইয়াৰ পিছৰ অভাৰত শ্ৰেয়াছ আয়াৰো ৪৯ ৰানতে আউট হোৱাৰ লগে লগে ভাৰতৰ কিছু সমস্যাত পৰে । নিউজীলেণ্ডে ধাৰাবাহিকভাৱে ভাৰতীয় দলৰ উইকেট দখল কৰি খেলখনলৈ উভতি আহে । ইয়াৰ পাছতে হৰ্ষিত ৰাণাই ২৯ ৰানৰ এক বিস্ফোৰক প্ৰদৰ্শনেৰে ভাৰতক পুনৰ জয়ৰ দিশে আগুৱাই লৈ যায় । হৰ্ষিতৰ উইকেট পতনৰ সময়ত  ভাৰতক ২২টা বলত ২২ ৰানৰ প্ৰয়োজন হৈছিল । ইয়াৰ পিছতে কে এল ৰাহুল আৰু আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰে ৪৯ অভাৰত ভাৰতৰ জয় নিশ্চিত কৰে ।

নিউজীলেণ্ডৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা নিউজীলেণ্ডে এক সুন্দৰ আৰম্ভণি কৰে । প্ৰথম উইকেটৰ বাবে অ’পেনাৰ ডেভন কনৱে আৰু হেনৰী নিকোলছে ১১৭ ৰানৰ অংশীদাৰিত্ব স্থাপন কৰে । এই অংশীদাৰিত্বৰ সময়ছোৱাত দুয়োজন খেলুৱৈয়ে ৬০টা বলত অৰ্ধশতক অৰ্জন কৰে । এই অংশীদাৰিত্ব হৰ্ষিত ৰাণাই হেনৰী নিকোলছৰ উইকেট দখল কৰি ভংগ কৰে । নিকোলছে ৮টা চাৰিৰ সহায়ত ৬৯টা বলত ৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত হৰ্ষিতে কনৱেকো আউট কৰে । কনৱেই ৬৭টা বলত ৬টা চাৰি আৰু এটা ৬ৰ সহায়ত ৫৬ ৰান সংগ্ৰহ কৰে । ২৮ নং অভাৰত উইল ইয়ঙক আউট কৰে ছিৰাজে । ইয়ঙে ১২ ৰান সংগ্ৰহ কৰে ।

তাৰ পাছত ৩৪ নং অভাৰত কুলদীপ যাদৱে গ্লেন ফিলিপছক আউট কৰে । সেই সময়ত নিউজীলেণ্ডৰ স্ক’ৰ আছিল ১৭০ । তাৰ পাছত ৩৮ নং অভাৰত প্ৰসিদ্ধে মিচেল হেক বল্ড কৰে, তেওং ১৮ ৰান সংগ্ৰহ কৰে । ৪৩ নং অভাৰত ব্ৰেচৱেল ৰান আউট হোৱাৰ লগে লগে কিৱি বাহিনীৰ ষষ্ঠটো উইকেটৰ পতন ঘটে । তাৰ পিছৰ অভাৰত ছিৰাজে জাকাৰীক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছতে নিউজীলেণ্ডে ৪৮ নং অভাৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া ডেৰিল মিচেলে ৭১টা বলত ৮৪ ৰান কৰি আউট হয় । শেষত নিউজীলেণ্ডে ৩০০ ৰান কৰিবলৈ সক্ষম হয় ।

বদোদৰা এদিনীয়াৰ বাবে ভাৰতৰ মূল একাদশ :

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, হৰ্ষিত ৰানা, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ ।

লগতে পঢ়ক : ‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত শুভমান গিলৰ দুখ প্ৰকাশ

দুমাহৰ পিছত দললৈ প্ৰত্যাৱৰ্তন শ্ৰেয়াছ আয়াৰৰ… কিন্তু খেলপথাৰত নামিবলৈ পূৰণ কৰিব লাগিব এই চৰ্ত

শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে আগন্তুক নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা কৰে । প্ৰায় দুমাহৰ বিৰতিৰ অন্তত এই দললৈ ঘূৰি আহিছে বিস্ফোৰক বেটছমেন শ্ৰেয়াছ আয়াৰ । দলটোৰ সহ-অধিনায়ক হিচাবে ঘূৰি আহিছে যদিও কিন্তু এটা বিশেষ চৰ্ততহে শ্ৰেয়াছ খেলপথাৰত নামিবলৈ সুযোগ পাব…

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে বিস্ফোৰক বেটছমেন শ্ৰেয়াছ আয়াৰে । আয়াৰক এই দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । উল্লেখ্য যে, অক্টোবৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আয়াৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছে । অৱশ্যে এতিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে তেওঁ পুনৰ দললৈ ঘূৰি আহিছে । অৱশ্যে বি চি চি আইয়ে আয়াৰৰ ওপৰত এক চৰ্ত আৰোপ কৰিছে ।

নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা তিনিখন মেচৰ এই এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা বাডোদৰাত আৰম্ভ হ’ব । ইয়াৰ পিছত ৰাজকোট আৰু ইন্দোৰত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন মেচ । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত পোৱা আঘাতৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা শ্ৰেয়াছ আয়াৰে এই শৃংখলাত খেলপথাৰত অৱতীৰ্ণ হোৱাৰ পূৰ্বে চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰিবলৈ চলিত মাহত বিজয় হাজাৰে ট্ৰফীত নিজৰ মেচ ফিটনেছ প্ৰমাণ কৰিব লাগিব ।

দল ঘোষণা কৰি বি চি চি আইয়ে কয় যে, ‘শ্ৰেয়াছ আয়াৰৰ উপলব্ধতা বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব ।’

নিউজীলেণ্ড শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক; ফিটনেছ ক্লিয়াৰেন্সৰ অধীনত), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, ঋষভ পন্ট (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, অৰ্শদ্বীপ সিং, যশস্বী জয়ছোৱাল ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা… শ্ৰেয়াছ-ঋষভৰ প্ৰত্যাৱৰ্তন

ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ; কেচ লোৱাৰ সময়তে হৈছিল আঘাতপ্ৰাপ্ত

ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ

ভাৰতৰ এদিনীয়া দলৰ উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত হাওঁফাওঁত আঘাত পোৱাৰ বাবে ছিডনীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান ক্ৰিকেটাৰ গৰাকীক আই চি ইউত ৰখা হৈছে।চিকিৎসাত তেওঁৰ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ কথা পোহৰলৈ আহিছে।

ছিডনীৰ এদিনীয়া খেলৰ সময়ত এলেক্স কেৰীক আউট কৰিবলৈ শ্ৰেয়াছ আয়াৰে এক  কেচ লয়। কেচটো লোৱাৰ সময়ত তেওঁ পিছলৈ দৌৰি আছিল।

কিন্তু এই সময়ছোৱাত শ্ৰেয়াছে ভাৰসাম্য হেৰুৱাই পৰি বাওঁফালে বুকুত দুখ পায়।ফিল্ডিং শেষ কৰি যেতিয়া তেওঁ ড্ৰেছিং ৰুমলৈ উভতি আহিছিল,তাৰ পিছত বিষ আৰু উশাহ লোৱাত কষ্ট বাঢ়িবলৈ ধৰিলে,ইয়াৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসকৰ প্ৰতিবেদন অহাৰ পিছত দেখা গ’ল যে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সমস্যা হৈছে,যাৰ বাবে তেওঁক তৎক্ষণাত আই চি ইউত ভৰ্তি কৰিবলগীয়া হৈছিল।

তেওঁৰ স্বাস্থ্যৰ আৰোগ্যৰ ওপৰত নিৰ্ভৰ কৰি দুদিনৰ পৰা সাত দিনলৈ পৰ্যবেক্ষণত ৰখা হ’ব।ৰক্তক্ষৰণৰ ফলত সংক্ৰমণ ৰোধ কৰিবলৈ এইটো প্ৰয়োজনীয় বুলি চিকিৎসকে কৈছে।

লগতে পঢ়ক: গৌৰৱান্বিত অসমবাসী; ICC মহিলা বিশ্বকাপত অসমকন্যা উমা ছেত্ৰী