দুমাহৰ পিছত দললৈ প্ৰত্যাৱৰ্তন শ্ৰেয়াছ আয়াৰৰ… কিন্তু খেলপথাৰত নামিবলৈ পূৰণ কৰিব লাগিব এই চৰ্ত

দুমাহৰ পিছত দললৈ প্ৰত্যাৱৰ্তন শ্ৰেয়াছ আয়াৰৰ… কিন্তু খেলপথাৰত নামিবলৈ পূৰণ কৰিব লাগিব এই চৰ্ত

শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে আগন্তুক নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা কৰে । প্ৰায় দুমাহৰ বিৰতিৰ অন্তত এই দললৈ ঘূৰি আহিছে বিস্ফোৰক বেটছমেন শ্ৰেয়াছ আয়াৰ । দলটোৰ সহ-অধিনায়ক হিচাবে ঘূৰি আহিছে যদিও কিন্তু এটা বিশেষ চৰ্ততহে শ্ৰেয়াছ খেলপথাৰত নামিবলৈ সুযোগ

শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে আগন্তুক নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা কৰে । প্ৰায় দুমাহৰ বিৰতিৰ অন্তত এই দললৈ ঘূৰি আহিছে বিস্ফোৰক বেটছমেন শ্ৰেয়াছ আয়াৰ । দলটোৰ সহ-অধিনায়ক হিচাবে ঘূৰি আহিছে যদিও কিন্তু এটা বিশেষ চৰ্ততহে শ্ৰেয়াছ খেলপথাৰত নামিবলৈ সুযোগ পাব…

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে বিস্ফোৰক বেটছমেন শ্ৰেয়াছ আয়াৰে । আয়াৰক এই দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । উল্লেখ্য যে, অক্টোবৰ মাহত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আয়াৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ খেলপথাৰৰ পৰা আঁতৰি আছে । অৱশ্যে এতিয়া নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে তেওঁ পুনৰ দললৈ ঘূৰি আহিছে । অৱশ্যে বি চি চি আইয়ে আয়াৰৰ ওপৰত এক চৰ্ত আৰোপ কৰিছে ।

নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা তিনিখন মেচৰ এই এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা বাডোদৰাত আৰম্ভ হ’ব । ইয়াৰ পিছত ৰাজকোট আৰু ইন্দোৰত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন মেচ । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত পোৱা আঘাতৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা শ্ৰেয়াছ আয়াৰে এই শৃংখলাত খেলপথাৰত অৱতীৰ্ণ হোৱাৰ পূৰ্বে চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰিবলৈ চলিত মাহত বিজয় হাজাৰে ট্ৰফীত নিজৰ মেচ ফিটনেছ প্ৰমাণ কৰিব লাগিব ।

দল ঘোষণা কৰি বি চি চি আইয়ে কয় যে, ‘শ্ৰেয়াছ আয়াৰৰ উপলব্ধতা বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব ।’

নিউজীলেণ্ড শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক; ফিটনেছ ক্লিয়াৰেন্সৰ অধীনত), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, ঋষভ পন্ট (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, অৰ্শদ্বীপ সিং, যশস্বী জয়ছোৱাল ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা… শ্ৰেয়াছ-ঋষভৰ প্ৰত্যাৱৰ্তন