‘আমি কোনো দলকে সহজভাৱে ল’ব নালাগে’; পৰাজয়ক লৈ ক্ষোভ প্ৰকাশ অধিনায়ক শ্ৰেয়স আয়াৰৰ

‘আমি কোনো দলকে সহজভাৱে ল’ব নালাগে’; পৰাজয়ক লৈ ক্ষোভ প্ৰকাশ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৩৪ ৰানৰ অপমানজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। এই ক্ষতিৰ সন্দৰ্ভত অধিনায়ক শ্ৰেয়াছ আয়াৰেও এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়। ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দলটো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে গৈছে। কিন্তু

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৩৪ ৰানৰ অপমানজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। এই ক্ষতিৰ সন্দৰ্ভত অধিনায়ক শ্ৰেয়াছ আয়াৰেও এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়।

ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দলটো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে গৈছে। কিন্তু এই ভ্ৰমণৰ আৰম্ভণি বৰ হতাশাজনক আছিল। বেলফাষ্টত অনুষ্ঠিত হোৱা দুখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে আয়োজক আয়াৰলেণ্ডৰ হাতত ৩৪ ৰানত পৰাজয় বৰণ কৰিবলগীয়া হয়।

উল্লেখ্য যে, যিকোনো ফৰ্মেটত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এইটো প্ৰথম পৰাজয়। খেলখনৰ অন্তত বেটিংত বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰা অধিনায়ক শ্ৰেয়াছ আয়াৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, আমি কোনো দলকে সহজভাৱে ল’ব নালাগে আৰু কেৱল খেলপথাৰত নামিলেই মেচত জয়ী হ’ব নোৱাৰি।

প্ৰেজেণ্টেচন চেৰিমণিত শ্ৰেয়াছ আয়াৰে কয়, “আমাৰ বলাৰসকলে আৰম্ভণি ভাল কৰিছিল, নতুন বলেৰে আমি কিছু উইকেটো দখল কৰিছিলো। কিন্তু তাৰ পাছত মিডল অভাৰবোৰত আমি আমাৰ পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰিলোঁ। আমি তেওঁলোকক পোনপটীয়াকৈ গ্ৰাউণ্ডৰ ফালে শ্বট খেলিবলৈ সুযোগ দিলোঁ, য’ত বাউণ্ডেৰীৰ দৈৰ্ঘ্য কিছু চুটি আছিল। আমি যি ধৰণে আৰম্ভণি কৰিছিলোঁ, তাৰ পিছত তেওঁলোকক ১৪০ ৰানত সীমাবদ্ধ ৰখা উচিত আছিল, যিটো পাৰ কৰিবলৈ সহজ হ’লহেঁতেন। অধিনায়ক হিচাপে এইটো এটা শিক্ষা লোৱাৰ দৰে আৰম্ভণি। এই মেচখনৰ পৰা আমি বহু কিবা শিকিবলৈ পালোঁ আৰু পৰৱৰ্তী মেচত আমি সম্পূৰ্ণ শক্তিৰে খেলপথাৰত নামিম।”

আয়াৰলেণ্ডৰ বিৰুদ্ধে এই পৰাজয়ৰ পিছত দলক কিবা বাৰ্তা দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰেয়াছ আয়াৰে কয়, “মই ভাবো কোনো কথাকে সহজভাৱে ল’ব নালাগে। কেৱল খেলপথাৰত সোমালেই জয়ী হ’ব নোৱাৰি; তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সেই মুহূৰ্তত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব। মই আগতেও কৈছোঁ যে, আপুনি বৰ্তমানত জীয়াই থাকিব লাগিব আৰু যদি বিৰোধী দলৰ ওপৰত চাপ সৃষ্টি কৰাৰ সুযোগ পায়, তেন্তে তাৰ সম্পূৰ্ণ সুবিধা ল’ব লাগিব।”

লগতে পঢ়ক: প্ৰথমবাৰলৈ আয়াৰলেণ্ডৰ হাতত পৰাস্ত টীম ইণ্ডিয়া; ১৭ বছৰীয়া আধিপত্যৰ অন্ত

শেহতীয়া প্ৰৱন্ধসমূহ