আয়াৰলেণ্ডৰ বিৰুদ্ধে হোৱাইটৱাশ্বৰ পিছত গুৰু গম্ভীৰক কটাক্ষ আইচলেণ্ড ক্ৰিকেটৰ

দেওবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত টীম ইণ্ডিয়া ক্লীন চুইপ হোৱাৰ পিছত আইচলেণ্ড ক্ৰিকেটে এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত গৌতম গম্ভীৰক ইতিকিং কৰিছে।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছৰে পৰা গৌতম গম্ভীৰৰ নামত কেইবাটাও লজ্জাজনক পৰাজয়ৰ অভিলেখ যোগ হৈছে। ঘৰুৱা মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে হোৱা ক্লীন চুইপ হওক বা শ্ৰীলংকাত দীৰ্ঘদিনৰ মূৰত এদিনীয়া শৃংখলাত পৰাজয়। এতিয়া আয়াৰলেণ্ডৰ দৰে দুৰ্বল বুলি গণ্য কৰা দলটোৰ বিৰুদ্ধে টি-২০ শৃংখলাত ক্লীন চুইপ টীম ইণ্ডিয়া। টিম ইণ্ডিয়াৰ এই লজ্জাজনক পৰাজয়ৰ কিছু ঘণ্টাৰ পিছতেই সোমবাৰে (২৯ জুন) আইচলেণ্ড ক্ৰিকেটৰ তৰফৰ পৰা এক্স যোগে ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ কটাক্ষ কৰা হয়।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই পোষ্টটোত আইচলেণ্ড ক্ৰিকেটে বৰ্ণনা কৰিছে যে তেওঁলোকৰ প্ৰশিক্ষকৰ তালিকাত গম্ভীৰক অন্তৰ্ভুক্ত কৰাৰ কোনো পৰিকল্পনা নাই। লগতে লিখিছে যে তাৰকা খেলুৱৈৰে ভৰা ভাৰতীয় দলটোক আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত পৰাস্ত কৰাৰ দৰে উল্লেখযোগ্য কাম কৰিবলৈ বিশেষ প্ৰতিভাৰ প্ৰয়োজন আছে।

আইচলেণ্ড ক্ৰিকেটে এক্সত লিখিছে, “আমি নিশ্চিত কৰিব পাৰো যে আমি গৌতম গম্ভীৰক আমাৰ প্ৰশিক্ষকৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা নাই। অৱশ্যে, তেওঁ স্পষ্টভাৱে প্ৰতিভাশালী। সেই ভাৰতীয় খেলুৱৈসকলৰ সৈতে আয়াৰলেণ্ডত এনে ফলাফল প্ৰদান কৰাটো সঁচাকৈয়ে অসাধাৰণ ‘উপহাৰ’ৰ প্ৰয়োজন।”

টি-২০ বিশ্বকাপৰ খিতাপ সফলতাৰে ৰক্ষা কৰাৰ মাত্ৰ তিনিমাহৰ পাছতেই ভাৰতে শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত দুখন মেচৰ টি-২০ শৃংখলা খেলিবলৈ আয়াৰলেণ্ডত উপস্থিত হৈছিল।কিন্তু দলটোৱে দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হয়। বেলফাস্টত খেলা প্ৰথমখন মেচত ভাৰতে ৩৪ ৰানত পৰাজয় বৰণ কৰে, আনহাতে দেওবাৰে বৰষুণৰ দ্বাৰা প্ৰভাৱিত দ্বিতীয়খন টি-২০আই মেচত আয়াৰলেণ্ডে ১ ৰানত জয়ী হয়। দুয়োখন মেচতে ভাৰতীয় বলাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল যদিও বেটিঙৰ দিশটো সম্পূৰ্ণৰূপে বিফল হয়।

অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু টি-২০ বিশ্বকাপ ২০২৬ৰ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট সঞ্জু ছেমছনকে ধৰি কেইবাজনো ডাঙৰ তাৰকা খেলুৱৈয়ে গোটেই শৃংখলাটোত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল। একেৰাহে প্ৰথম দুখন টি-২০ত পৰাস্ত হোৱা মাত্ৰ দ্বিতীয়জন ভাৰতীয় অধিনায়ক হোৱাৰ পিছত এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচখন টি-২০ শৃংখলাত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ আগ্ৰহী আয়াৰ।

ভাৰত এই সপ্তাহৰ শেষৰ ফালে ইংলেণ্ড ভ্ৰমণৰ বাবে ৰাওনা হ’ব। প্ৰথমখন টি-২০আই ১ জুলাইত চেষ্টাৰ-লে-ষ্ট্ৰীটৰ ৰিভাৰচাইড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন মেচ ৪ জুলাইত অ’ল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হ’ব । বাকী তিনিখন টি-২০ আই ৭, ৯ আৰু ১১ জুলাইত নটিংহাম, ব্রিষ্টল, আৰু চাউথমপটনত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: ফুটবলৰ ইতিহাসত কানাডাৰ সোণালী অধ্যায়; ১-০ গ’লত জয়লাভেৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত

আয়াৰলেণ্ডৰ বিৰুদ্ধে পুনৰ পতন বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ…

বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত দ্বিতীয়খন টি-২০ মেচত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হয়। য’ত শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টিম ইণ্ডিয়াই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অতি লজ্জাজনক আৰম্ভণিৰ সাক্ষী হৈ পৰিছে।

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত সকলোৰে আশা আছিল যে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত টিম ইণ্ডিয়াই নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হ’ব, কিন্তু শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত দলটোৰ আৰম্ভণি যথেষ্ট লজ্জাজনক আছিল। বেলফাষ্টৰ ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত টিম ইণ্ডিয়াই মাত্ৰ এটা ৰানত পৰাজয় বৰণ কৰিবলগীয়া হয়।

ইয়াৰ লগতে আয়াৰলেণ্ডে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ বিৰুদ্ধে কেৱল টি-২০ শৃংখলা জয় কৰাই নহয়, বৰঞ্চ ক্লীন ছুইপো কৰিবলৈ সক্ষম হয়। ২০২৩ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে কোনো টি-২০ শৃংখলাত পৰাজয়ৰ মুখ দেখিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ আগষ্ট মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা ৫খনীয়া টি-২০ শৃংখলাত টিম ইণ্ডিয়াই ৩-২ ব্যৱধানত পৰাস্ত হৈছিল।

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত যেতিয়া ভাৰতীয় দলে ২০২৬ চনৰ টি-২০ বিশ্বকাপ জয় কৰিছিল, তেতিয়া সকলোৰে আশা আছিল যে তেওঁক আৰু কিছু শৃংখলাত এই দায়িত্ব পালন কৰাৰ সুযোগ দিয়া হ’ব। কিন্তু বিচিচিআইয়ে শ্ৰেয়াছ আয়াৰক নতুন অধিনায়ক হিচাপে ঘোষণা কৰে।

আয়াৰৰ অধিনায়কত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত টিম ইণ্ডিয়াই ৩৪ ৰানত পৰাজয় বৰণ কৰে, যিটো যিকোনো ফৰ্মেটত আইৰিছ দলৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম পৰাজয় আছিল। আনহাতে, দ্বিতীয়খন টি-২০ মেচত তেওঁলোকে ১ ৰানত পৰাস্ত হয়। ২০২৩ চনৰ পিছত টিম ইণ্ডিয়াই টি-২০ আন্তৰ্জাতিকত শৃংখলাত পৰাজয়ৰ মুখ দেখাৰ লগতে ২০১৯ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে ক্লীন ছুইপৰ সন্মুখীন হ’ল।

আয়াৰলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাত পৰাজয়ৰ লগে লগে ভাৰতীয় দলৰ ধাৰাবাহিক ১২টা শৃংখলা আৰু টুৰ্ণামেণ্ট জয়ৰ অভিলেখত যতি পৰিল। ইয়াৰ পূৰ্বে ভাৰতীয় দলে ১০টা দ্বিপাক্ষিক টি-২০ শৃংখলা নিজৰ নামত কৰাৰ লগতে এই সময়ছোৱাত ২০২৪ আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপো জয় কৰিবলৈ সক্ষম হৈছিল। এতিয়া শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টিম ইণ্ডিয়াই শৃংখলাত পৰাজয়ৰ মুখ দেখিবলগীয়া হ’ল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ যাত্ৰাৰ অন্ত ভাৰতীয় মহিলা দলৰ; ৬ উইকেটত অষ্ট্ৰেলিয়াৰ জয়লাভ

আয়াৰলেণ্ডক সহজে লৈ মুখ ঠেকেছা ভাৰতীয় দলৰ! ক্ষোভিত অধিনায়ক শ্ৰেয়াছ আয়াৰ

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৩৪ ৰানৰ অপমানজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। এই ক্ষতিৰ সন্দৰ্ভত অধিনায়ক শ্ৰেয়াছ আয়াৰেও এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়।

ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দলটো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে গৈছে। কিন্তু এই ভ্ৰমণৰ আৰম্ভণি বৰ হতাশাজনক আছিল। বেলফাষ্টত অনুষ্ঠিত হোৱা দুখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে আয়োজক আয়াৰলেণ্ডৰ হাতত ৩৪ ৰানত পৰাজয় বৰণ কৰিবলগীয়া হয়।

উল্লেখ্য যে, যিকোনো ফৰ্মেটত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এইটো প্ৰথম পৰাজয়। খেলখনৰ অন্তত বেটিংত বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰা অধিনায়ক শ্ৰেয়াছ আয়াৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, আমি কোনো দলকে সহজভাৱে ল’ব নালাগে আৰু কেৱল খেলপথাৰত নামিলেই মেচত জয়ী হ’ব নোৱাৰি।

প্ৰেজেণ্টেচন চেৰিমণিত শ্ৰেয়াছ আয়াৰে কয়, “আমাৰ বলাৰসকলে আৰম্ভণি ভাল কৰিছিল, নতুন বলেৰে আমি কিছু উইকেটো দখল কৰিছিলো। কিন্তু তাৰ পাছত মিডল অভাৰবোৰত আমি আমাৰ পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰিলোঁ। আমি তেওঁলোকক পোনপটীয়াকৈ গ্ৰাউণ্ডৰ ফালে শ্বট খেলিবলৈ সুযোগ দিলোঁ, য’ত বাউণ্ডেৰীৰ দৈৰ্ঘ্য কিছু চুটি আছিল। আমি যি ধৰণে আৰম্ভণি কৰিছিলোঁ, তাৰ পিছত তেওঁলোকক ১৪০ ৰানত সীমাবদ্ধ ৰখা উচিত আছিল, যিটো পাৰ কৰিবলৈ সহজ হ’লহেঁতেন। অধিনায়ক হিচাপে এইটো এটা শিক্ষা লোৱাৰ দৰে আৰম্ভণি। এই মেচখনৰ পৰা আমি বহু কিবা শিকিবলৈ পালোঁ আৰু পৰৱৰ্তী মেচত আমি সম্পূৰ্ণ শক্তিৰে খেলপথাৰত নামিম।”

আয়াৰলেণ্ডৰ বিৰুদ্ধে এই পৰাজয়ৰ পিছত দলক কিবা বাৰ্তা দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰেয়াছ আয়াৰে কয়, “মই ভাবো কোনো কথাকে সহজভাৱে ল’ব নালাগে। কেৱল খেলপথাৰত সোমালেই জয়ী হ’ব নোৱাৰি; তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সেই মুহূৰ্তত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব। মই আগতেও কৈছোঁ যে, আপুনি বৰ্তমানত জীয়াই থাকিব লাগিব আৰু যদি বিৰোধী দলৰ ওপৰত চাপ সৃষ্টি কৰাৰ সুযোগ পায়, তেন্তে তাৰ সম্পূৰ্ণ সুবিধা ল’ব লাগিব।”

লগতে পঢ়ক: প্ৰথমবাৰলৈ আয়াৰলেণ্ডৰ হাতত পৰাস্ত টীম ইণ্ডিয়া; ১৭ বছৰীয়া আধিপত্যৰ অন্ত

প্ৰথমবাৰলৈ আয়াৰলেণ্ডৰ হাতত পৰাস্ত টীম ইণ্ডিয়া; ১৭ বছৰীয়া আধিপত্যৰ অন্ত

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰতীয় টি-২০ ক্ৰিকেটত শ্ৰেয়াছৰ যুগ। অৱশ্যে ইয়াৰ আৰম্ভণি ভাল নহ’ল। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ হাতত ৩৪ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দুখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল শুকুৰবাৰে (২৬ জুন) অনুষ্ঠিত হয়। দুয়োটা দলৰ মাজত এই খেলখন বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত অনুষ্ঠিত হৈছিল। খেলখনত আয়াৰলেণ্ডে ভাৰতক ৩৪ ৰানত পৰাস্ত কৰিছে। টি-২০ ক্ৰিকেটৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে ঘটিছে যে আয়াৰলেণ্ডে টিম ইণ্ডিয়াক পৰাস্ত কৰিছে।

অধিনায়ক হিচাপে শ্ৰেয়স আয়াৰৰ আৰম্ভণি অতি বেয়া হৈছে, কাৰণ তেওঁ প্ৰথমবাৰৰ বাবে টি-২০ত ভাৰতীয় দলৰ নেতৃত্ব দিছিল।জয়ৰ বাবে আয়াৰলেণ্ডে দিয়া ১৮৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটো ১৪৮ ৰানতে অল-আউট হয়।আয়াৰলেণ্ডৰ জয়ত অভিষেককাৰী জে মুণ্ড্ৰা আৰু মেথিউ হালাৰ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ভাৰতীয় দলৰ এই পৰাজয় অতি লজ্জাজনক, কাৰণ তেওঁলোকে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰিবও নোৱাৰিলে। ৭টা বল বাকী থাকোতেই ভাৰতীয় দলটো অল-আউট হৈ পেভেলিয়ান উভতি যায়। টিম ইণ্ডিয়াৰ হৈ কেৱল অভিষেক শৰ্মাই এটা ডাঙৰ ইনিংছ খেলিবলৈ সক্ষম হয়, যিয়ে ২০টা বলত ৫০ ৰানৰ এক ইনিংছ খেলে। অভিষেকে এই ইনিংছত ৭টা চাৰি আৰু ২টা ছয় কোবায়।

টি-২০ ক্ৰিকেটৰ ইতিহাসত ভাৰত আৰু আয়াৰলেণ্ডৰ প্ৰথমখন মেচ ২০০৯ চনত হৈছিল। তাৰ পিছৰ পৰা বিগত ১৭ বছৰত দুয়োটা দল ৮বাৰ মুখামুখি হৈছিল, কিন্তু প্ৰতিবাৰেই টিম ইণ্ডিয়াই একপক্ষীয়ভাৱে জয়লাভ কৰি আহিছিল। কিন্তু ২৬ জুন, ২০২৬ চনৰ দিনটো আয়াৰলেণ্ড দলে সদায় মনত ৰাখিব, কাৰণ এই দিনটোতেই টি-২০ত ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ পৰাজয়ৰ ধাৰাবাহিকতা ভংগ হ’ল।

লগতে পঢ়ক: টিম ইণ্ডিয়াৰ প্লেয়িং একাদশত স্থান নাপালে বৈভৱ সূৰ্যবংশীয়ে; অধিনায়ক শ্ৰেয়াছ আয়াৰে জনালে কাৰণ

আই পি এলৰ পিছতেই পুনৰ এক্সনত দেখা যাব টিম ইণ্ডিয়াক, নতুন শৃংখলাৰ সময় সূচী প্ৰকাশ

আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ ২৬ জুনত বেলফাষ্টত অনুষ্ঠিত হ’ব

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২৬ৰ প্ৰস্তুতি তুংগত । এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ । ইয়াৰ পূৰ্বে শনিবাৰে বিচিচিআইয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ সময়সূচী ঘোষণা কৰে । সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় পুৰুষ দলটোৱে আয়াৰলেণ্ড ভ্ৰমণ কৰিব, দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব ।

আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ প্ৰথমখন মেচ ২৬ জুনত বেলফাষ্টত অনুষ্ঠিত হ’ব । এই মেচখন ভাৰতীয় সময় অনুসৰি ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব । ২৮ জুনত অনুষ্ঠিত হ’ব ভাৰত বনাম আয়াৰলেণ্ডৰ দ্বিতীয়খন খেল । এই খেলখন বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত অনুষ্ঠিত হ’ব । এই খেলপথাৰত এইখন হ’ব টিম ইণ্ডিয়াৰ প্ৰথম টি-২০ মেচ, আনহাতে ভাৰতীয় দলটোৱে শেষবাৰৰ বাবে ইয়াত ২০০৭ চনত এদিনীয়া মেচ খেলিছিল ।

১ জুলাইৰ পৰা ভাৰত বনাম ইংলেণ্ডৰ টি-২০ শৃংখলা

২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে চূড়ান্ত টি-২০ মেচৰ পিছত ভাৰতীয় ক্ৰিকেট দল ইংলেণ্ডলৈ ৰাওনা হ’ব, য’ত ১ জুলাইৰ পৰা পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ হ’ব । ১১ জুলাইত দ্য এজিয়াছ বাউলত অনুষ্ঠিত হ’ব টি-২০ শৃংখলাৰ অন্তিমখন খেল । অৰ্থাৎ ১৩ দিনত টিম ইণ্ডিয়াই ৭ খন টি-২০ খেলিব ।

শেহতীয়াকৈ ভাৰতে তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ খিতাপ দখল কৰে । আহমেদাবাদত অনুষ্ঠিত হোৱা চূড়ান্ত মেচত নিউজীলেণ্ডক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰে ভাৰতীয় দলে । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ইতিহাস ৰচে আৰু ঘৰুৱা ক্ষেত্ৰত এই খিতাপ দখল কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ভাৰত । তদুপৰি ভাৰতে একেৰাহে দুখন টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক : বৰ্ষাপাৰাত আই পি এলৰ মহাৰণ, ৩০ মাৰ্চত ৰাজস্থান বমান চেন্নাইক লৈ ব্যাপক উৎসাহ