‘আমাৰ দলৰ প্ৰশিক্ষক হিচাপে অন্তৰ্ভুক্ত নকৰো’; গৌতম গম্ভীৰক আইচলেণ্ড ক্ৰিকেটৰ ৰাজহুৱাভাৱে অপমান

‘আমাৰ দলৰ প্ৰশিক্ষক হিচাপে অন্তৰ্ভুক্ত নকৰো’; গৌতম গম্ভীৰক ৰাজহুৱাভাৱে অপমান আইচলেণ্ড ক্ৰিকেটৰ

দেওবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত টীম ইণ্ডিয়া ক্লীন চুইপ হোৱাৰ পিছত আইচলেণ্ড ক্ৰিকেটে এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত গৌতম গম্ভীৰক ইতিকিং কৰিছে। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছৰে পৰা গৌতম গম্ভীৰৰ নামত কেইবাটাও লজ্জাজনক পৰাজয়ৰ অভিলেখ যোগ হৈছে। ঘৰুৱা মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে

দেওবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত টীম ইণ্ডিয়া ক্লীন চুইপ হোৱাৰ পিছত আইচলেণ্ড ক্ৰিকেটে এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত গৌতম গম্ভীৰক ইতিকিং কৰিছে।

ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছৰে পৰা গৌতম গম্ভীৰৰ নামত কেইবাটাও লজ্জাজনক পৰাজয়ৰ অভিলেখ যোগ হৈছে। ঘৰুৱা মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে হোৱা ক্লীন চুইপ হওক বা শ্ৰীলংকাত দীৰ্ঘদিনৰ মূৰত এদিনীয়া শৃংখলাত পৰাজয়। এতিয়া আয়াৰলেণ্ডৰ দৰে দুৰ্বল বুলি গণ্য কৰা দলটোৰ বিৰুদ্ধে টি-২০ শৃংখলাত ক্লীন চুইপ টীম ইণ্ডিয়া। টিম ইণ্ডিয়াৰ এই লজ্জাজনক পৰাজয়ৰ কিছু ঘণ্টাৰ পিছতেই সোমবাৰে (২৯ জুন) আইচলেণ্ড ক্ৰিকেটৰ তৰফৰ পৰা এক্স যোগে ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ কটাক্ষ কৰা হয়।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই পোষ্টটোত আইচলেণ্ড ক্ৰিকেটে বৰ্ণনা কৰিছে যে তেওঁলোকৰ প্ৰশিক্ষকৰ তালিকাত গম্ভীৰক অন্তৰ্ভুক্ত কৰাৰ কোনো পৰিকল্পনা নাই। লগতে লিখিছে যে তাৰকা খেলুৱৈৰে ভৰা ভাৰতীয় দলটোক আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত পৰাস্ত কৰাৰ দৰে উল্লেখযোগ্য কাম কৰিবলৈ বিশেষ প্ৰতিভাৰ প্ৰয়োজন আছে।

আইচলেণ্ড ক্ৰিকেটে এক্সত লিখিছে, “আমি নিশ্চিত কৰিব পাৰো যে আমি গৌতম গম্ভীৰক আমাৰ প্ৰশিক্ষকৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা নাই। অৱশ্যে, তেওঁ স্পষ্টভাৱে প্ৰতিভাশালী। সেই ভাৰতীয় খেলুৱৈসকলৰ সৈতে আয়াৰলেণ্ডত এনে ফলাফল প্ৰদান কৰাটো সঁচাকৈয়ে অসাধাৰণ ‘উপহাৰ’ৰ প্ৰয়োজন।”

টি-২০ বিশ্বকাপৰ খিতাপ সফলতাৰে ৰক্ষা কৰাৰ মাত্ৰ তিনিমাহৰ পাছতেই ভাৰতে শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত দুখন মেচৰ টি-২০ শৃংখলা খেলিবলৈ আয়াৰলেণ্ডত উপস্থিত হৈছিল।কিন্তু দলটোৱে দুয়োখন মেচতে পৰাজয়ৰ সন্মুখীন হয়। বেলফাস্টত খেলা প্ৰথমখন মেচত ভাৰতে ৩৪ ৰানত পৰাজয় বৰণ কৰে, আনহাতে দেওবাৰে বৰষুণৰ দ্বাৰা প্ৰভাৱিত দ্বিতীয়খন টি-২০আই মেচত আয়াৰলেণ্ডে ১ ৰানত জয়ী হয়। দুয়োখন মেচতে ভাৰতীয় বলাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল যদিও বেটিঙৰ দিশটো সম্পূৰ্ণৰূপে বিফল হয়।

অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু টি-২০ বিশ্বকাপ ২০২৬ৰ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট সঞ্জু ছেমছনকে ধৰি কেইবাজনো ডাঙৰ তাৰকা খেলুৱৈয়ে গোটেই শৃংখলাটোত কোনো প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল। একেৰাহে প্ৰথম দুখন টি-২০ত পৰাস্ত হোৱা মাত্ৰ দ্বিতীয়জন ভাৰতীয় অধিনায়ক হোৱাৰ পিছত এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া পাঁচখন টি-২০ শৃংখলাত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ আগ্ৰহী আয়াৰ।

ভাৰত এই সপ্তাহৰ শেষৰ ফালে ইংলেণ্ড ভ্ৰমণৰ বাবে ৰাওনা হ’ব। প্ৰথমখন টি-২০আই ১ জুলাইত চেষ্টাৰ-লে-ষ্ট্ৰীটৰ ৰিভাৰচাইড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন মেচ ৪ জুলাইত অ’ল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হ’ব । বাকী তিনিখন টি-২০ আই ৭, ৯ আৰু ১১ জুলাইত নটিংহাম, ব্রিষ্টল, আৰু চাউথমপটনত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: ফুটবলৰ ইতিহাসত কানাডাৰ সোণালী অধ্যায়; ১-০ গ’লত জয়লাভেৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত

শেহতীয়া প্ৰৱন্ধসমূহ