আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় বেন ষ্ট’কছৰ; ট্ৰেণ্ট ব্ৰিজ টেষ্টৰ সৈতে সামৰণি পৰিব

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় বেন ষ্ট’কছৰ; ট্ৰেণ্ট ব্ৰিজ টেষ্টৰ সৈতে পৰিব সামৰণি

ইংলেণ্ড ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক তথা কিংবদন্তি অল ৰাউণ্ডাৰ বেন ষ্ট’কছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ট্ৰেন্ট ব্ৰিজত চলি থকা টেষ্ট মেচখনেই হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ। ইয়াৰ পিছত

ইংলেণ্ড ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়ক তথা কিংবদন্তি অল ৰাউণ্ডাৰ বেন ষ্ট’কছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে।

ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ট্ৰেন্ট ব্ৰিজত চলি থকা টেষ্ট মেচখনেই হ’ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ। ইয়াৰ পিছত খেলপথাৰত বেন ষ্ট’কছৰ যাদু আৰু দেখা পোৱা নাযাব।তেওঁৰ এই সিদ্ধান্তই ক্ৰিকেট জগতখনক আৱেগিক কৰি তুলিছে।

চতুৰ্থ দিনত (২৮ জুন) খেল আৰম্ভ হোৱাৰ পূৰ্বে ৩৫ বছৰীয়া বেন ষ্ট’কছে নিজৰ সিদ্ধান্তৰ বিষয়ে সতীৰ্থসকলক অৱগত কৰে। বেন ষ্ট’কছে ২০১১ চনত হোৱাইট বল ফৰ্মেটত নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনৰ ডিচেম্বৰ মাহত এডিলেডত অনুষ্ঠিত এছেছ ছিৰিজৰ সময়ত তেওঁ টেষ্টত অভিষেক ঘটায়। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা বেন ষ্ট’কছে ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়কত্ব চম্ভালি আহিছে।

২০১৯ চনৰ বিশ্বকাপ ফাইনেলত ষ্ট’কছে অপৰাজিত ৮৪ ৰানৰ এক অনবদ্য ইনিংছ খেলিছিল, যাৰ ফলত মেচখন চুপাৰ অভাৰলৈ গৈছিল আৰু ইংলেণ্ডে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল। সেই বছৰেই হেডিংলেত অনুষ্ঠিত এছেছ টেষ্ট মেচখনত তেওঁ অকলশৰীয়াকৈ অপৰাজিত ১৩৫ ৰান কৰি ইংলেণ্ডক এনে এক জয় উপহাৰ দিছিল, যাৰ আশা কোনেও কৰা নাছিল। ইয়াৰ উপৰিও, ২০১৬ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কেপটাউনত তেওঁ ২৫৮ ৰানৰ এক ধুমুহাৰ দৰে ইনিংছ খেলিছিল, যিটো তেওঁৰ টেষ্ট কেৰিয়াৰৰ সৰ্বোচ্চ স্কোৰ। ইয়াৰ লগতে তেওঁৰ অধিনায়কত্বত ইংলেণ্ডে বহুকেইটা স্মৰণীয় জয় লাভ কৰিছিল।

ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ (ECB) অধ্যক্ষ ৰিচাৰ্ড থম্পছনে বেন ষ্ট’কছৰ অৱসৰ ঘোষণাৰ পিছত তেওঁৰ প্ৰশংসা কৰি কয় যে তেওঁ ইংলেণ্ডৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আৰু তেওঁ নিজৰ প্ৰজন্মৰ ক্ৰিকেটাৰসকলক বহুত অনুপ্ৰাণিত কৰিছে। তেওঁ লগতে কয় যে ষ্ট’কছে কঠিন পৰিস্থিতিত সদায় উৎকৃষ্ট খেল প্ৰদৰ্শন কৰিছিল, কেতিয়াও হাৰ মনা নাছিল আৰু সংকটৰ সময়ত দলৰ বাবে এনে কিবা এটা অনন্য কৰি দেখুৱাইছিল যিটো বিশ্বজুৰি কোটি কোটি ক্ৰিকেট প্ৰেমীয়ে কেতিয়াও পাহৰিব নোৱাৰিব।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বেন ষ্ট’কছৰ পৰিসংখ্যাৰ কথা ক’বলৈ গ’লে, তেওঁ নিজৰ কেৰিয়াৰত ১২১খন টেষ্ট, ১১৪খন এদিনীয়া আৰু ৪৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। টেষ্ট ক্ৰিকেটত তেওঁ ৩৪.৫৮ গড়ে ৭২২৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ লগতে বলিং কৰি ২৪৬টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে, এদিনীয়া ক্ৰিকেটৰ কথা ক’বলৈ গ’লে, তাত তেওঁ ৯৯টা ইনিংছত ৪১.২২ গড়ে ৩৪৬৩ ৰান সংগ্ৰহ কৰিছে আৰু লগতে ৭৪টা উইকেটো লৈছে। টি-২০ আন্তঃৰাষ্ট্ৰীয়ত তেওঁ ৫৮৫ ৰান সংগ্ৰহ কৰাৰ লগতে ২৬টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬ : নকআউটত প্ৰৱেশ কৰি কেপ ভাৰ্দেৰ ইতিহাস

শেহতীয়া প্ৰৱন্ধসমূহ