চাইবাৰ, সামুদ্ৰিক সুৰক্ষাৰ লগতে পৰ্যটন আৰু ডিজিটেল খণ্ডৰ অংশীদাৰ হ’ব ইণ্ডোনেছিয়াঃ প্ৰধানমন্ত্ৰী মোদী

চাইবাৰ, সামুদ্ৰিক সুৰক্ষাৰ লগতে পৰ্যটন আৰু ডিজিটেল খণ্ডৰ অংশীদাৰ হ’ব ইণ্ডোনেছিয়াঃ প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে ৰাজধানীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৱে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । বৈঠকৰ সময়ত স্বাস্থ্য সহযোগিতা, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ দৰে ক্ষেত্ৰকে ধৰি কেইবাখনো বুজাবুজি চুক্তিৰ আদান-প্ৰদান হয় । আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ইণ্ডোনেছিয়াৰ অংশীদাৰ হিচাপে ইণ্ডোনেছিয়াৰ গুৰুত্বৰ

শনিবাৰে ৰাজধানীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৱে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । বৈঠকৰ সময়ত স্বাস্থ্য সহযোগিতা, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ দৰে ক্ষেত্ৰকে ধৰি কেইবাখনো বুজাবুজি চুক্তিৰ আদান-প্ৰদান হয় । আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ইণ্ডোনেছিয়াৰ অংশীদাৰ হিচাপে ইণ্ডোনেছিয়াৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ ‘এক্ট ইষ্ট’ নীতিৰ অধীনত আছিয়ানৰ কেন্দ্ৰীয়তা আৰু ঐক্যৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দোহাৰে ।

ভাৰতৰ বাবে ইণ্ডোনেছিয়া গুৰুত্বপূৰ্ণ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২০২৫ বৰ্ষ ভাৰত-আছিয়ান পৰ্যটন বৰ্ষ হিচাপে পালন কৰা হ’ব । ইয়াৰ দ্বাৰা ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সাংস্কৃতিক আদান-প্ৰদান বৃদ্ধি পাব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটিব । ইণ্ডোনেছিয়া আমাৰ বাবে আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক গুৰুত্বপূৰ্ণ অংশীদাৰ । আমি দুয়োখন দেশেই অঞ্চলটোত শান্তি, নিৰাপত্তা, সমৃদ্ধি আৰু আইনৰ শাসন বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমাৰ ‘এক্ট ইষ্ট’ নীতিয়ে আছিয়ানৰ ঐক্য আৰু কেন্দ্ৰীয়তাক গুৰুত্ব দিয়ে ।

ইণ্ডোনেছিয়া আমাৰ প্ৰথম অতিথি আছিল-

দুয়োখন দেশৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত ইণ্ডোনেছিয়া মুখ্য অতিথি আছিল । যেতিয়া আমি গণৰাজ্যৰ ৭৫ বছৰ উদযাপন কৰি আছো, তেতিয়া ইণ্ডোনেছিয়া মুখ্য অতিথি হোৱাটো অতি গৌৰৱৰ বিষয় । ই এটা ঐতিহাসিক অনুষ্ঠান ।”

চাইবাৰ নিৰাপত্তা অতি প্ৰয়োজনীয়-

যোৱা বছৰ ৩০ বিলিয়ন ডলাৰ অতিক্ৰম কৰা দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁলোকে ফিনটেক, কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ কথা ঘোষণা কৰে ।

গুৰুত্বপূৰ্ণ চুক্তিসমূহৰ ভিতৰত আছে সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা, যাৰ লক্ষ্য হৈছে অপৰাধ প্ৰতিৰোধ, অনুসন্ধান, উদ্ধাৰ, আৰু সামৰ্থ্য বিকাশৰ প্ৰসাৰ । ইয়াৰ উপৰিও শক্তি, জটিল খনিজ পদাৰ্থ, বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশৰ ক্ষেত্ৰত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা হৈছে ।

প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছত ইণ্ডোনেছিয়াৰ সদস্য পদক আদৰণি জনোৱাৰ লগতে গ্ল’বেল চাউথৰ দেশসমূহৰ স্বাৰ্থত সহযোগিতাৰ ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰামায়ণ, মহাভাৰত আৰু বালি ভ্ৰমণৰ কথা উল্লেখ কৰি সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ ওপৰতো আলোকপাত কৰে আৰু ইণ্ডোনেছিয়াৰ প্ৰম্বানন হিন্দু মন্দিৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰে ।