শনিবাৰে হৰমুজ প্ৰণালী অতিক্ৰম কৰিবলৈ লোৱা এখন ভাৰতীয় জাহাজ বাধা দি শীঘ্ৰেই বন্দৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে ইৰাণ সেনাই
ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে শনিবাৰে হৰমুজ প্ৰণালী অতিক্ৰম কৰিবলৈ লোৱা এখন ভাৰতীয় জাহাজ বাধা দি শীঘ্ৰেই বন্দৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে । এটা অডিঅ’ ৰেকৰ্ডিঙত ভাৰতীয় জাহাজখনৰ কেপ্তেইন আৰু ইৰাণৰ নৌসেনাৰ এজন কেপ্তেইনৰ মাজত হোৱা সমগ্ৰ কথা-বতৰা বন্দী হৈছে ।
ইৰাণ সেনাৰ এজন বিষয়াই ভাৰতীয় জাহাজখনৰ কেপ্তেইনক স্পষ্টভাৱে কয় যে হৰমুজ প্ৰণালীৰ মাজেৰে যাতায়ত নিষিদ্ধ আৰু শীঘেই নিজৰ বন্দৰলৈ উভতি যাব লাগে ।
ইয়াৰ লগে লগে জাহাজখনৰ গতিপথ সলনি হ’ল । ভাগ্য লক্ষ্মী নামৰ জাহাজখনৰ ক্ৰুৱে সমগ্ৰ কথা-বতৰা ইৰাণৰ নৌসেনাৰ সৈতে ভাগ কৰিছিল । এই অডিঅ’ৰ পূৰ্বে ইৰাণৰ গান বোটে ইৰাকী তেল কঢ়িয়াই অনা ভাৰতৰ পতাকা থকা দুখন জাহাজত গুলীচালনা কৰিছিল । অৱশ্যে এই গুলীচালনাত হতাহতৰ কোনো খবৰ পোৱা হোৱা নাই ।
এই সমগ্ৰ বিষয়টোক লৈ ভাৰত চৰকাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰি ইৰাণৰ ৰাষ্ট্ৰদূতক তলব কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰদূতক তলব কৰি তেওঁৰ সৈতে আলোচনাত মিলিত হয় । ভাৰতৰ বৈদেশিক সচিবে স্পষ্টভাৱে এই ঘটনাৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে শনিবাৰে হৰমুজ প্ৰণালীত ভাৰতৰ পতাকা থকা দুখন জাহাজত গুলীচালনা কৰাটো অতি গুৰুতৰ বিষয় । বৈদেশিক সচিবগৰাকীয়ে এই কথাও কয় কৰে যে ইৰাণে পূৰ্বে ভাৰত অভিমুখী জাহাজ এখনক নিৰাপদ যাতায়তৰ ব্যৱস্থা কৰাত সহায় কৰিছিল । গতিকে ইৰাণে সহযোগ কৰিব বুলি এতিয়াও আশা আছে ।
লগতে পঢ়ক : হৰমুজত ভাৰতীয় তেল টেংকাৰৰ ওপৰত গুলীচালনা; ইৰাণৰ ৰাষ্ট্ৰদূতক তলব বিদেশ মন্ত্ৰালয়ৰ









