হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতীয় পতাকা থকা এখন তেল টেংকাৰত ইৰাণী বাহিনীয়ে গুলীচালনা কৰা বুলি খবৰ প্ৰকাশ পাইছে
ইৰাণে হৰমুজ মুকলি কৰাৰ ঘোষণাৰ পিছতে এই প্ৰণালীত পুনৰ উত্তেজনা বৃদ্ধি পাইছে । ইফালে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতীয় পতাকা থকা এখন তেল টেংকাৰত ইৰাণী বাহিনীয়ে গুলীচালনা কৰা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে । এই ঘটনাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূতক আনুষ্ঠানিকভাৱে প্ৰতিবাদ দাখিল কৰিবলৈ তলব কৰে ।
শনিবাৰে সন্ধিয়া ৬:৩০ বজাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰ্যালয়ত এখন বৈঠকৰ বাবে ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূত ড° মহম্মদ ফতালীক তলব কৰা হয় । ইৰাণৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰতে হৰমুজ প্ৰণালীত ভাৰতীয় টেংকাৰখনত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ আপত্তি ব্যক্ত কৰে ।
জানিব পৰা মতে শনিবাৰে এখন বৃহৎ ভাৰতীয় তেল টেংকাৰে প্ৰায় ২০ লাখ বেৰেল ইৰাকী খাৰুৱা তেল কঢ়িয়াই আনিছিল, সেই সময়ত এই ভাৰতীয় টেংকাৰখনক ওমান উপসাগৰৰ উত্তৰ অংশত ইৰাণৰ নৌসেনাই লক্ষ্য কৰি লৈছিল ।
ভাৰতীয় নৌসেনাই এই ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে, কিয়নো বৰ্তমান হৰমুজ প্ৰণালীত কোনো জাহাজ মোতায়েন কৰা হোৱা নাই । অৱশ্যে ওমান উপসাগৰত মোতায়েন কৰা হৈছে দুখন ভাৰতীয় ডেষ্ট্ৰয়াৰ, এখন ফ্ৰিগেট আৰু এখন টেংকাৰ ।
দৰাচলতে ব্ৰিটিছ নৌসেনাই শনিবাৰে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ গান বোটছে হৰমুজ প্ৰণালী পাৰ হ’বলৈ চেষ্টা কৰা কিছুমান জাহাজত গুলীচালনা কৰে । ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে কিছুমান বাণিজ্যিক জাহাজে ইৰাণৰ নৌসেনাৰ পৰা ৰেডিঅ’ বাৰ্তা লাভ কৰিছিল যে এই জলপথ পুনৰ বন্ধ কৰা হৈছে আৰু কোনো জাহাজ পাৰ হ’বলৈ দিয়া হোৱা নাই ।
লগতে পঢ়ক : ইৰাণৰ ইউ-টাৰ্ণ, পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী









