পুনৰ ৬.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰিলে দেশ, ৪ ঘন্টাত দুবাৰকৈ কঁপিল পৃথিৱী

৬.৫ প্ৰাৱল্যৰ ভূমিকম্পই পুনৰ জোকাৰি যায় এই দেশ । সোমবাৰে নিশা ৭.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰি যোৱাৰ মাত্ৰ ৪৮ ঘন্টাৰ পিছতে এই কম্পন সৃষ্টি হয় ।

বুধবাৰে উত্তৰ জাপানক আন এক ভূমিকম্পই জোকাৰি যায় । ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৫৭ কিলোমিটাৰ গভীৰতাৰ ৬.৫ প্ৰাবল্যৰ ভূইকঁপে হকাইডোত আঘাত হানে । সোমবাৰে গভীৰ নিশা ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্পৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে এই কঁপনি আহে । এতিয়ালৈকে কোনো বৃহৎ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই যদিও অবিৰত আফটাৰশ্বকে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে । অঞ্চলটোত কম্পন অব্যাহত থকাৰ বাবে জৰুৰীকালীন দলসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

বুধবাৰৰ শেহতীয়া ভূইকঁপৰ ফলত কোনো বৃহৎ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই যদিও সোমবাৰৰ কম্পনত আওমোৰীৰ হাচিনোহে চহৰত অট্টালিকাসমূহৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।

জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিয়ে নিশ্চিত কৰিছে যে ৭ জন লোক আহত হৈছে । অৱশ্যে সকলো সচেতন হৈ পৰিছিল । জে এম এৰ বিষয়াসকলে সকীয়াই দিছে যে এই বিপদ এতিয়াও শেষ হোৱা নাই, কিয়নো জাপান “ৰিং অৱ ফায়াৰ”ৰ ওপৰত আছে, য’ত বিশ্বৰ প্ৰায় ২০% ডাঙৰ ভূইকঁপ সংঘটিত হয় ।

ইয়াৰ উপৰিও সোমবাৰে নিশা ১১.১৫ বজাত আওমোৰি প্ৰিফেকচাৰৰ সমীপত ৫৪ কিলোমিটাৰ গভীৰতাত হোৱা সাগৰীয় ভূইকঁপৰ বাবে প্ৰথমে হোকাইডো, আওমোৰি আৰু ইৱাটেত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল । ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ ঢৌৱে উপকূলীয় অঞ্চলত আঘাত হানিব পাৰে বুলি সকীয়াই দিছিল বিষয়াসকলে ।

লগতে পঢ়ক : চুডানৰ তৈলক্ষেত্ৰত সেনাৰ ড্ৰোণ আক্ৰমণ; ২০ ত কৈ অধিক লোক নিহত

৭.৬ তীব্ৰতাৰ প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে দেশ, ছুনামিৰ এলাৰ্ট জাৰি

এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰি যায় দেশ । ৭.৬ প্ৰাবল্যৰ এই ভূইকঁপৰ পিছতে এতিয়া জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কতা ।

এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে জাপানক । ৭.৬ প্ৰাবল্যৰ ভূইকঁপে সোমবাৰে জাপানক জোকাৰি যায় । এই ভয়ংকৰ ভূইকঁপৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । সতৰ্কবাণী অনুসৰণি ছুনামীৰ ঢৌ ১০ ফুট পৰ্যন্ত ওপৰলৈ উঠিব পাৰে । জাপানৰ বতৰ বিজ্ঞান সংস্থাই সোমবাৰে প্ৰকাশ কৰা অনুসৰি জাপানৰ উত্তৰ উপকূলৰ সাগৰৰ পাৰত ৭.৬ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয় । ভূইকঁপৰ লগে লগে উত্তৰ-পূব উপকূলৰ কেইবাটাও অঞ্চলৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয় ।

জে এম এৰ তথ্য অনুসৰি ছুনামীৰ ঢৌ ৩ মিটাৰ (প্ৰায় ১০ ফুট) পৰ্যন্ত উঠিব পাৰে । ইছিকাৱা প্ৰিফেকচাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ আটাইতকৈ দুৰ্বল । ৰাইজক তৎকালীনভাৱে ওখ ঠাইলৈ গৈ উপকূলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে সংস্থাটোৱে । প্ৰয়োজন হ’লে সহায় আগবঢ়াবলৈ জৰুৰীকালীন সেৱা সক্ৰিয় কৰা হৈছে । টিভি চেনেলত জৰুৰীকালীন তথ্য অবিৰতভাৱে সম্প্ৰচাৰ কৰা হৈছে ।

স্থানীয় বাসিন্দা আৰু পৰ্যটকসকলক অনতিপলমে নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই । এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে হতাহত বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই যদিও উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ হৈছে ।

লগতে পঢ়ক : ৩০ দিনত ১৪০০ ভূমিকম্প… প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন এইখন দেশ

ইতিহাস ৰচি জাপানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত ছানাই তাকাইচি; শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

জাপানৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে জাপানৰ সংসদে অতি ৰক্ষণশীল ছানাই তাকাইচিক দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে । লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ হৈ ৬৪ বছৰীয়া তাকাইচিয়ে সংসদৰ নিম্ন সদনত ২৩৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী যোছিহিকো নোডাই ১৪৯টা ভোট লাভ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জয়ৰ বাবে তেওঁক অভিনন্দন জনোৱাৰ লগতে ভাৰত-জাপানৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ কথা উল্লেখ কৰে ।

ভাৰত-জাপান সম্পৰ্কৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছানাই তাকাইচিক প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায় । ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি তেওঁ কয়, “জাপানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন । ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ বাবে আমাৰ শক্তিশালী সম্পৰ্ক অতি প্ৰয়োজনীয় ।”

কি ক’লে তাকাইচিয়ে ?

প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰথম ভাষণত তাকাইচিয়ে কয় যে সকলো প্ৰজন্মই একেলগে কাম কৰিলেহে আমি জাপানক পুনৰ নিৰ্মাণ কৰিব পাৰিম । তেওঁ ব্যক্তিগতভাৱে কৰ্ম-জীৱনৰ ভাৰসাম্যৰ ওপৰত গুৰুত্ব নিদিয়ে বুলি জোৰ দিয়ে । তেওঁ জোৰ দিয়ে যে তেওঁ কেৱল কাম কৰিব । তেওঁ সকলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনাই কয় যে এই সময় দেশখন পুনৰ নিৰ্মাণৰ সময় ।

লগতে পঢ়ক : আই এন এছ বিক্ৰান্তত নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৱে কৰিব পদত্যাগ.. সংসদীয় নিৰ্বাচনত পৰাজয়ৰ বাবে হেঁচা বৃদ্ধি

জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৱে কৰিব পদত্যাগ

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এল ডি পি)ত বিভাজনৰ পৰা হাত সাৰিবলৈ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । ইছিবাৰ পদত্যাগ প্ৰধানমন্ত্ৰী হোৱাৰ এবছৰৰ ভিতৰত হ’বলৈ গৈ আছে । জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত এল ডি পিয়ে পৰাজয়ৰ সন্মুখীন হৈছিল । তেতিয়াৰ পৰাই তেওঁৰ পদত্যাগৰ দাবী বাঢ়িবলৈ ধৰে । অৱশ্যে ইছিবাই কেতিয়া পদত্যাগ কৰিব সেই কথা কোৱা নাই ।

ইছিবা যোৱা বছৰৰ অক্টোবৰ মাহত জাপানৰ প্ৰধানমন্ত্ৰী হৈছিল । বিগত এমাহ ধৰি তেওঁ নিজৰ দলৰ ভিতৰতে সোঁপন্থী বিৰোধীৰ দাবীৰ বিৰোধিতা কৰি আহিছে । জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত ইছিবাৰ শাসকীয় মিত্ৰজোঁটে ২৪৮খন আসনৰ উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় ।

এল ডি পিয়ে নিজৰ নতুন নেতা নিৰ্বাচন কৰিব-

সোমবাৰে লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতৃত্বৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । এই বিষয়ত সিদ্ধান্ত লোৱাৰ এদিন আগতে পদত্যাগৰ খবৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে । ইছিবাৰ পদত্যাগ অনুমোদন হ’লে এয়া তেওঁৰ বিৰুদ্ধে এক প্ৰকাৰৰ অনাস্থা প্ৰস্তাৱ হ’ব ।

ইছিবাৰ পদত্যাগৰ পিছত এল ডি পিয়ে উত্তৰাধিকাৰী নিৰ্বাচন নকৰালৈকে জাপানত ৰাজনৈতিক অনিশ্চয়তা সৃষ্টি হ’ব । বহু এল ডি পি সাংসদে নিজকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে । অৱশ্যে দলৰ যিকোনো সাংসদৰ প্ৰাৰ্থীত্বৰ বাবে আন কমেও ২০ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক : অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

ঐতিহাসিক পৰিগণিত হ’ল প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণ… ক’লে- দুয়োখন দেশে প্ৰযুক্তি আৰু প্ৰতিভাৰ নেতৃত্ব দিব পাৰে

ঐতিহাসিক পৰিগণিত হ’ল প্ৰধানমন্ত্ৰী মোদীৰ জাপান ভ্ৰমণ

জাপান ভ্ৰমণ সমাপ্ত কৰি চীনলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ ঐতিহাসিক বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰীয়ে । তেওঁ কয় যে, এই ভ্ৰমণত দুয়োখন দেখৰ মাজত এনে কেইবাখনো চুক্তি স্বাক্ষৰিত হয় যাৰ জৰিয়তে ভাৰত-জাপানৰ সম্পৰ্ক শক্তিশালী হ’ব । জাপান ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰাৰ লগতে বুলেট ট্ৰেইনতো উঠে । লগতে জাপানৰ ছেমিকণ্ডাক্টৰ তথা অৰ্ধপৰিবাহী নিৰ্মাণ কৰা মুখ্য প্ৰতিষ্ঠানো পৰিদৰ্শন কৰে ।

উল্লেখ্য যে, ২৯ আগষ্টত জাপানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জাপানী সম্প্ৰদায়ৰ লোকে গায়ত্ৰী মন্ত্ৰ পাঠেৰে দেশখনলৈ আদৰণি জনাই । লগতে জাপানী সম্প্ৰদায়ৰ লোকসকলে ভাৰতীয় পৰম্পৰাগত নৃত্য আৰু সংগীতো প্ৰদৰ্শন কৰে ।

ইয়াৰ পিছতে টকিঅত অৱস্থিত হোটেলত উপস্থিত হৈ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদিয়ে । প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অতিশয় উৎসাহিত হৈ পৰে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল । ইয়াৰ মাজতে জাপানস্থিত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে অপাৰেচন সিন্দুৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চেল্যুট দিয়ে ।

এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-জাপান অৰ্থনৈতিক মঞ্চক সম্বোধন কৰে । এই অনুষ্ঠানত মোদীয়ে কয় যে, জাপান প্ৰযুক্তিৰ পাৱাৰ হাওচ, আনহাতে ভাৰত প্ৰতিভাৰ পাৱাৰ হাওচ । দুয়োখন দেশে প্ৰযুক্তি আৰু প্ৰতিভাৰ নেতৃত্ব দিব পাৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰত আৰু জাপানৰ সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে ।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে বুলেট ট্ৰেইনেৰে জাপানৰ চেণ্ডাইত উপস্থিত হয় । ইয়াত তেওঁক স্থানীয় লোকে আদৰণি জনাই । লগতে তেওঁ চেণ্ডাইত বুলেট ট্ৰেইন পৰিচালনা আৰু কাৰিকৰী জ্ঞান গ্ৰহণ কৰি থকা ভাৰতীয় ৰেল চালকসকলকো সাক্ষাৎ কৰে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীক জাপানৰ শ্বৰিঞ্জান দাৰুমা মন্দিৰ পূজাৰীয়ে পুতলা উপহাৰ দিয়ে । জাপানত দাৰুমাক শুভ পুতলা বুলি গণ্য কৰা হয় ।

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ছেণ্ডাইত অৰ্ধপৰিবাহী বা ছেমিকণ্ডাক্টৰ উদ্যোগ পৰিদৰ্শন কৰে । ইয়াৰ কিছু ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁ । ছবিসমূহ শ্বেয়াৰ কৰি তেওঁ লিখিছে- ‘প্ৰাইম মিনিষ্টাৰ ইছিবা আৰু মই টকিঅ’ ইলেক্ট্ৰন ফেক্টৰী ভ্ৰমণ কৰিলোঁ । আমি প্ৰশিক্ষণ কক্ষ আৰু প্ৰডাকচন ইনোভেচন লেবৰেটৰীলৈ গৈছিলো আৰু কোম্পানীটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মত বিনিময় কৰিছিলো । এই অৰ্ধপৰিবাহী অঞ্চল ভাৰত-জাপান সহযোগিতাৰ এটা প্ৰধান অঞ্চল । বছৰ বছৰ ধৰি ভাৰতে অঞ্চলটোত বহুখিনি অগ্ৰগতি লাভ কৰিছে । বহু যুৱকেও ইয়াত যোগ দিছে । আমি আগন্তুক সময়তো এই গতি অব্যাহত ৰাখিব বিচাৰো ।‘

শনিবাৰে বিয়লি জাপান ভ্ৰমণ সামৰি চীনলৈ উৰা মাৰে প্ৰধানমন্ত্ৰী মোদী । জাপান ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছে যে জাপানলৈ কৰা এই যাত্ৰা স্মৰণীয় হ’ব । তেওঁ লিখিছে যে জাপানলৈ কৰা এই যাত্ৰা আমাৰ দেশৰ জনসাধাৰণক উপকৃত কৰিব পৰা উপযোগী ফলাফলৰ বাবে স্মৰণ কৰা হ’ব । প্ৰধানমন্ত্ৰী ইছিবা, জাপানী জনসাধাৰণ আৰু চৰকাৰক তেওঁলোকৰ আদৰণিৰ বাবে ধন্যবাদ জনাইছো ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত; আমেৰিকাৰ আদালতে শুল্কক অবৈধ বুলি কৰিলে ঘোষণা

জাপানত মহাবিনাশৰ ভৱিষ্যদ্বাণী! চাৰিওফালে হাহাকাৰ

জাপানত মহাবিনাশৰ ভৱিষ্যদ্বাণী

জাপানৰ লোকসকলৰ মাজত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। ৫ জুলাইৰ লৈকে আতংকত জীৱন পাৰ কৰিছে দেশখনৰ জনসাধাৰণে।এই দিনটোক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।

ইয়াৰ আঁৰৰ কাৰণ হৈছে এজন জাপানী শিল্পী তথা মনোবিজ্ঞানীৰ ভৱিষ্যদ্বাণী।এই ব্যক্তিজনে চলিত মাহত ৫ জুলাইত জাপানত এক বৃহৎ দুৰ্যোগ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে।

এতিয়া এই ভৱিষ্যদ্বাণীক লৈ এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে।পৰিস্থিতি এনেকুৱা যে মানুহে ভয় খাই যিকোনো ঠাইলৈ যাবলৈ দ্বিধাবোধ কৰে।

কোনে কৰিছে ভৱিষ্যদ্বাণী?

এই ভৱিষ্যদ্বাণী কৰা জাপানী শিল্পী তথা মনোবিজ্ঞানীজনৰ নাম হ’ল ৰিয়া তাস্তুকী ।মাংগা শিল্পী ৰিয়া তাস্তুকীক লগেৰিয়ান ভৱিষ্যদ্বাণী বাবা ভাংগাৰ সৈতে তুলনা কৰা হয়।

কাৰণ বাবা ভাংগাই বিশ্বব্যাপী পৰিঘটনা সম্পৰ্কে অতি সঠিক ভৱিষ্যদ্বাণী কৰিছিল বুলি বিশ্বাস কৰা হয়।এই ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত ফ্ৰেডী মাৰ্কিউৰি আৰু ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি ২০২০ চনৰ ক’ভিড-১৯ মহামাৰীলৈকে সকলো কথাই সন্নিবিষ্ট কৰা হৈছে।

এই ভৱিষ্যদ্বাণীক লৈ চৰ্চা  

ৰিয়া তাস্তুকীৰ শেহতীয়া ভৱিষ্যদ্বাণীৰ কথা তেওঁৰ বেষ্ট চেলাৰ গ্রাফিক কমিক (মাংগা) “দ্য ফিউচাৰ আই ছ'”ৰ ২০২১ সংস্কৰণত উল্লেখ কৰা হৈছে।

ইয়াত তাস্তুকীয়ে ২০২৫ চনৰ ৫ জুলাইত জাপানলৈ আহিবলগীয়া এক ভয়াৱহ দুৰ্যোগৰ ইংগিত দিছে।এই তাৰিখটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে।দেশখনৰ কেফে, বাৰ আৰু ৰাজহুৱা স্থান সকলোতে এতিয়া ইয়াকে লৈ চৰ্চা চলিছে। ইয়াৰ লগতে এই ভৱিষ্যদ্বাণীৰ সৈতে জড়িত বাৰ্তাসমূহ ছ’চিয়েল মিডিয়াটো দ্ৰুতগতিত বিয়পি পৰিছে।  

ইতিমধ্যে সঁচা হৈছে ভৱিষ্যদ্বাণী

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ভৱিষ্যদ্বাণীটো হুবহু একেই যিটো তাস্তুকীয়ে ১৯৯৯ চনত এই গ্রাফিক কমিকখনৰ প্রথম সংস্কৰণত কৰিছিল৷সেই সময়তো তাস্তুকীয়ে ২০১১ চনৰ মাৰ্চ মাহত এক ভয়াৱহ দুৰ্যোগৰ সতৰ্কবাণী দিছিল।

এইটো সেইটো তাৰিখেই আছিল যেতিয়া দেশখনত ভূমিকম্প আৰু ছুনামী হৈছিল।এই দুৰ্যোগত ১৮ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল।

এতিয়া এনে সময়ত তাত বসবাস কৰা বহু লোকে তাস্তুকীৰ নতুন ভৱিষ্যদ্বাণীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিছে।

অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে

জাপানক লৈ কৰা ভৱিষ্যদ্বাণীৰ প্ৰভাৱ এতিয়া পৰ্যটন খণ্ডত দেখা গৈছে। এই ভৱিষ্যদ্বাণীৰ পিছতে দক্ষিণ কোৰিয়া, টাইৱান, হংকঙৰ দৰে দেশৰ পৰা বিমানৰ বুকিং হ্ৰাস পাইছে।

যোৱা বছৰৰ তুলনাত হংকঙৰ পৰা হোটেল আৰু বিমানৰ বুকিং ৫০ শতাংশ হ্ৰাস পাইছে। জুন মাহৰ শেষৰ পৰা জুলাই মাহৰ আৰম্ভণিৰ ভিতৰত ভ্ৰমণৰ বুকিং ৮৩ শতাংশ হ্ৰাস পাইছে।

লগতে পঢ়ক: হিটৱেভৰ কবলত ইউৰোপ; ৰেড এলাৰ্ট জাৰি

আধৰুৱা হৈ ৰ’ল জাপানৰ চন্দ্ৰ মিছন; লেণ্ডিঙৰ সময়ত ধ্বংস হ’ল মুন লেণ্ডাৰ

আধৰুৱা হৈ ৰ’ল জাপানৰ চন্দ্ৰ মিছন

শুকুৰবাৰে চন্দ্ৰত অৱতৰণ কৰিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হয় এখন ব্যক্তিগত জাপানীজ লেণ্ডাৰ।টকিঅ’স্থিত কোম্পানী ispace এ লেণ্ডাৰখনৰ সৈতে যোগাযোগ হেৰুৱাৰ কেইবা ঘণ্টাৰ পিছত এই অভিযানটো বিফল বুলি ঘোষণা কৰে।

লঞ্চ কন্ট্ৰ’লাৰে লেণ্ডাৰৰ সৈতে যোগাযোগ কৰিবলৈ কেইবাবাৰো চেষ্টা কৰিছিল যদিও কোনো বাৰ্তা নাপালে ইয়াৰ পিছত তেওঁ ক’লে যে তেওঁ মিছনটো শেষ কৰিছে।

প্ৰথম মিছনটোও হৈছিল বিফল

মহাকাশযানখনৰ মিনি ৰোভাৰখন চন্দ্ৰত অৱতৰণ কৰাৰ মাত্ৰ দুই মিনিটৰ পূৰ্বে যোগাযোগ নোহোৱা হৈছিল।তেতিয়ালৈকে এনে লাগিছিল যেন চন্দ্ৰৰ কক্ষপথৰ পৰা নামি অহাৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলি আছে।

ispace ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰতিষ্ঠাপক তাকেছি হাকামাডাই এই অভিযানত অৰিহণা যোগোৱা সকলোৰে ওচৰত ক্ষমা বিচাৰিছিল।

এইটো আছিল ispace ৰ দ্বিতীয়টো চন্দ্ৰ অভিযান।কোম্পানীটোৱে চন্দ্ৰত উপনীত হোৱাৰ প্ৰথম প্ৰচেষ্টাও দুবছৰ পূৰ্বে বিফল হৈছিল, তাৰ পিছত ইয়াৰ লেণ্ডাৰৰ নাম ‘ৰেজিলিয়েন্স’ ৰখা হৈছিল।

চন্দ্ৰ অভিযানত অব্যাহত থাকিব কাম

‘Resilience’ চন্দ্ৰৰ ধূলি সংগ্ৰহ কৰিবলৈ বেলচা থকা ৰোভাৰ আৰু চন্দ্ৰৰ ধূলিময় পৃষ্ঠত ৰাখিবলৈ ছুইডেনৰ এজন শিল্পীয়ে নিৰ্মাণ কৰা ৰঙা খেলনা এটা ঘৰো লৈ গৈছিল।

জাপানৰ কোম্পানীটোৰ বিষয়াসকলে কয় যে এইটো কোৱা এতিয়াও সোনকাল হ’ব যে একে সমস্যাৰ বাবেই দুয়োটা মিছন বিফল হ’ল নেকি?

হাকামাদাই সাংবাদিকৰ আগত কয়,”এইটো দ্বিতীয়বাৰৰ বাবে আমি অৱতৰণ কৰিব পৰা নাই।গতিকে, আমি এই কথাটো অতি গুৰুত্বসহকাৰে ল’ব লাগিব।” তেওঁ কয় যে কোম্পানীটোৱে চন্দ্ৰ অভিযানত আৰু অধিক কাম কৰিব।

লগতে পঢ়ক: অভিনেতা ডীনো মৌৰ্যাৰ বাসগৃহত ইডিৰ অভিযান; বান্দ্ৰা অঞ্চলত তদন্ত অব্যাহত

অপাৰেচন সিন্দুৰ: আগবাঢ়িছে ভাৰতৰ কূটনৈতিক অভিযান… ইউ এ ই আৰু জাপানত উপস্থিত প্ৰতিনিধি দল

অপাৰেচন সিন্দুৰ:

অপাৰেচন সিন্দুৰ, এই অভিযানৰ জৰিয়তে ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ চলি থকা কঠোৰ নীতি আৰু সামৰিক পদক্ষেপক ফলপ্ৰসূভাৱে বিশ্বৰ আগত উপস্থাপন কৰাৰ উদ্যোগ লৈছে । ইয়াৰ বাবে সাতটা প্ৰতিনিধি দলৰ ভিতৰত দুজন সৰ্বদলীয় সাংসদৰ এটা প্ৰতিনিধি দল বৰ্তমান বিভিন্ন দেশ ভ্ৰমণত আছে । এটা প্ৰতিনিধি দল সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ আবুধাবিত উপস্থিত হোৱাৰ বিপৰীতে আনটো প্ৰতিনিধি দল জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হৈছে ।

উল্লেখ্য যে শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দেৰ নেতৃত্বত এটা দল সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ আবুধাবিত উপস্থিত হৈছে, তাৰ পিছত দলটোৱে ইউ এ ই, লাইবেৰিয়া, কংগো আৰু ছিয়েৰা লিয়ন ভ্ৰমণ কৰিব । আনহাতে, জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হৈছে । জাপানৰ পিছত দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব ।

শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দেৰ নেতৃত্বৰ দলটোত আছে বিজেপিৰ সাংসদ বনছুৰী স্বৰাজ, আই ইউ এম এলৰ সাংসদ ই টি মহম্মদ বছিৰ, বিজেপিৰ সাংসদ অতুল গাৰ্গ, বি জে ডি সাংসদ শস্মিত পাত্ৰ, বিজেপি ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা মনন কুমাৰ মিশ্ৰ, বিজেপি নেতা এছ এছ আহলুৱালীয়া আৰু ৰাষ্ট্ৰদূত সুজান চিনয় আদি ।

আনহাতে, ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান অপাৰেচন সিন্দুৰক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে উপস্থাপন কৰাৰ উদ্দেশ্যেৰে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে জাপানৰ ৰাজধানী টকিঅ’ত উপস্থিত হয় । জাপানৰ উপৰিও দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক আৰু ছিংগাপুৰ ভ্ৰমণ কৰিব ।

সঞ্জয় ঝাৰ প্ৰতিনিধি দলত বিজেপিৰ সাংসদ প্ৰদান বৰুৱা, ব্রিজ লাল, ড০ হেমাং যোশী আৰু অপৰাজিতা সাৰংগী, তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জী, চি পি আই (এম)ৰ সাংসদ জন ব্রিটাছ ​​আৰু প্রাক্তন ৰাষ্ট্ৰদূত মোহন কুমাৰকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ আছে ৷

লগতে পঢ়ক : ‘সন্ত্ৰাসবাদীক জন্ম দিয়া দেশৰ অভিনয়…’; WHOত পাকিস্তানক ধমক ভাৰতৰ

জাপানে নিৰ্মাণ কৰিলে ‘ৰেলগান’, যাৰ সন্মুখত বিকল হৈ পৰিব হাইপাৰছ’নিক মিছাইল; ভয়ত কঁপিছে নেকি চীন?

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে জাপানে নিজৰ প্ৰতিৰক্ষা নীতিত আক্ৰমণাত্মক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে।

শেহতীয়াকৈ জাপানে নিজৰ নৌসেনাৰ পৰীক্ষামূলক জাহাজ জে এছ আছুকাত ইলেক্ট্ৰ’মেগনেটিক ৰেলগানৰ সাগৰীয় পৰীক্ষা সফলতাৰে চলাইছে।

এই পৰীক্ষণ কেৱল কাৰিকৰী দৃষ্টিকোণৰ পৰাই নহয়,কিন্তু ই এছিয়া-পেচিফিক অঞ্চলৰ কৌশলগত পৰিস্থিতিও সলনি কৰিব পাৰে।

ৰেলগান হৈছে বিদ্যুৎচুম্বকীয় অস্ত্ৰ ব্যৱস্থা, যিয়ে গতানুগতিক বন্দুকৰ দৰে বিস্ফোৰক ব্যৱহাৰ নকৰে, বৰঞ্চ ই বিদ্যুৎচুম্বকীয় বল ব্যৱহাৰ কৰি প্ৰজেক্টাইলটোক অতি তীব্ৰ বেগত গুলিয়াই দিয়ে।

ইয়াৰ গতিবেগ ২,৫০০ মিটাৰ প্ৰতি ছেকেণ্ড। প্ৰজেক্টাইলটোৰ ওজন ৩২০ গ্ৰাম। ইয়াৰ গতি শব্দতকৈ ৬.৫ গুণ বেছি।

দৈৰ্ঘ্য ২০ ফুট আৰু ওজন প্ৰায় ৮ টন।এই ব্যৱস্থাই হাইপাৰছ’নিক মিছাইল আৰু তীব্ৰবেগী যুঁজাৰু বিমানকো লক্ষ্য কৰি ল’ব পাৰে।

জাপানে ৰেলগান পৰীক্ষা কৰাৰ সময়তে, চীন আৰু উত্তৰ কোৰিয়াৰ উদ্বেগ বৃদ্ধি পাইছে ।ইয়াৰ কাৰণ হ’ল যে এই অস্ত্ৰটো গতানুগতিক প্ৰতিৰক্ষা ব্যৱস্থাতকৈ বহু বেছি দ্ৰুত, ই সঠিক আৰু ফলপ্ৰসূ হয়।

বিশেষজ্ঞসকলৰ মতে, জাপানৰ এই প্ৰযুক্তি চীনৰ হাইপাৰছ’নিক মিছাইল ক্ষমতাৰ বাবে ই এক ডাঙৰ বিপদ হৈ পৰিব পাৰে।

চীনৰ এজন প্ৰাক্তন সেনা প্ৰশিক্ষকে এই অস্ত্ৰক “আক্ৰমণাত্মক কৌশলৰ আৰম্ভণি” বুলি কৈছে।তেওঁ সকীয়াই দিয়ে যে জাপানৰ এই পদক্ষেপত এছিয়াৰ বাকী অংশৰ বাবেও কৌশলগত উত্তেজনা বৃদ্ধি পাব পাৰে।

জাপানে ২০১৬ চনৰ পৰা এই প্ৰযুক্তিৰ ওপৰত কাম আৰম্ভ কৰিছিল।আমেৰিকাইও এই প্ৰকল্পত কাম আৰম্ভ কৰিছিল, কিন্তু ২০২১ চনত ইয়াক মাজ বাটত এৰি দিয়া হৈছিল।

এই ক্ষেত্ৰত চীনেও এতিয়ালৈকে সফল হোৱা নাই আৰু তেওঁলোকে এতিয়াও ইয়াৰ ওপৰত কাম কৰি আছে।গতিকে জাপানৰ এই সফলতাই বিশ্ব সামৰিক প্ৰযুক্তিৰ দৌৰত ইয়াক নিৰ্ণায়ক প্ৰান্ত দিব পাৰে।