জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৱে কৰিব পদত্যাগ

জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৱে কৰিব পদত্যাগ.. সংসদীয় নিৰ্বাচনত পৰাজয়ৰ বাবে হেঁচা বৃদ্ধি

জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৱে কৰিব পদত্যাগ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এল ডি পি)ত বিভাজনৰ পৰা হাত সাৰিবলৈ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । ইছিবাৰ পদত্যাগ প্ৰধানমন্ত্ৰী হোৱাৰ এবছৰৰ ভিতৰত হ’বলৈ গৈ আছে । জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত এল ডি পিয়ে

জাপানৰ প্ৰধানমন্ত্ৰী ইছিবা শ্বিগেৰুৱে কৰিব পদত্যাগ

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এল ডি পি)ত বিভাজনৰ পৰা হাত সাৰিবলৈ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে । ইছিবাৰ পদত্যাগ প্ৰধানমন্ত্ৰী হোৱাৰ এবছৰৰ ভিতৰত হ’বলৈ গৈ আছে । জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত এল ডি পিয়ে পৰাজয়ৰ সন্মুখীন হৈছিল । তেতিয়াৰ পৰাই তেওঁৰ পদত্যাগৰ দাবী বাঢ়িবলৈ ধৰে । অৱশ্যে ইছিবাই কেতিয়া পদত্যাগ কৰিব সেই কথা কোৱা নাই ।

ইছিবা যোৱা বছৰৰ অক্টোবৰ মাহত জাপানৰ প্ৰধানমন্ত্ৰী হৈছিল । বিগত এমাহ ধৰি তেওঁ নিজৰ দলৰ ভিতৰতে সোঁপন্থী বিৰোধীৰ দাবীৰ বিৰোধিতা কৰি আহিছে । জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত ইছিবাৰ শাসকীয় মিত্ৰজোঁটে ২৪৮খন আসনৰ উচ্চ সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয় ।

এল ডি পিয়ে নিজৰ নতুন নেতা নিৰ্বাচন কৰিব-

সোমবাৰে লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতৃত্বৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল । এই বিষয়ত সিদ্ধান্ত লোৱাৰ এদিন আগতে পদত্যাগৰ খবৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে । ইছিবাৰ পদত্যাগ অনুমোদন হ’লে এয়া তেওঁৰ বিৰুদ্ধে এক প্ৰকাৰৰ অনাস্থা প্ৰস্তাৱ হ’ব ।

ইছিবাৰ পদত্যাগৰ পিছত এল ডি পিয়ে উত্তৰাধিকাৰী নিৰ্বাচন নকৰালৈকে জাপানত ৰাজনৈতিক অনিশ্চয়তা সৃষ্টি হ’ব । বহু এল ডি পি সাংসদে নিজকে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে । অৱশ্যে দলৰ যিকোনো সাংসদৰ প্ৰাৰ্থীত্বৰ বাবে আন কমেও ২০ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক : অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি