পুনৰ ৬.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰিলে দেশ, ৪ ঘন্টাত দুবাৰকৈ কঁপিল পৃথিৱী

পুনৰ ৬.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰিলে দেশ, ৪ ঘন্টাত দুবাৰকৈ কঁপিল পৃথিৱী

৬.৫ প্ৰাৱল্যৰ ভূমিকম্পই পুনৰ জোকাৰি যায় এই দেশ । সোমবাৰে নিশা ৭.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰি যোৱাৰ মাত্ৰ ৪৮ ঘন্টাৰ পিছতে এই কম্পন সৃষ্টি হয় । বুধবাৰে উত্তৰ জাপানক আন এক ভূমিকম্পই জোকাৰি যায় । ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৫৭ কিলোমিটাৰ গভীৰতাৰ ৬.৫ প্ৰাবল্যৰ

৬.৫ প্ৰাৱল্যৰ ভূমিকম্পই পুনৰ জোকাৰি যায় এই দেশ । সোমবাৰে নিশা ৭.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰি যোৱাৰ মাত্ৰ ৪৮ ঘন্টাৰ পিছতে এই কম্পন সৃষ্টি হয় ।

বুধবাৰে উত্তৰ জাপানক আন এক ভূমিকম্পই জোকাৰি যায় । ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৫৭ কিলোমিটাৰ গভীৰতাৰ ৬.৫ প্ৰাবল্যৰ ভূইকঁপে হকাইডোত আঘাত হানে । সোমবাৰে গভীৰ নিশা ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্পৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে এই কঁপনি আহে । এতিয়ালৈকে কোনো বৃহৎ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই যদিও অবিৰত আফটাৰশ্বকে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে । অঞ্চলটোত কম্পন অব্যাহত থকাৰ বাবে জৰুৰীকালীন দলসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

বুধবাৰৰ শেহতীয়া ভূইকঁপৰ ফলত কোনো বৃহৎ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই যদিও সোমবাৰৰ কম্পনত আওমোৰীৰ হাচিনোহে চহৰত অট্টালিকাসমূহৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।

জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিয়ে নিশ্চিত কৰিছে যে ৭ জন লোক আহত হৈছে । অৱশ্যে সকলো সচেতন হৈ পৰিছিল । জে এম এৰ বিষয়াসকলে সকীয়াই দিছে যে এই বিপদ এতিয়াও শেষ হোৱা নাই, কিয়নো জাপান “ৰিং অৱ ফায়াৰ”ৰ ওপৰত আছে, য’ত বিশ্বৰ প্ৰায় ২০% ডাঙৰ ভূইকঁপ সংঘটিত হয় ।

ইয়াৰ উপৰিও সোমবাৰে নিশা ১১.১৫ বজাত আওমোৰি প্ৰিফেকচাৰৰ সমীপত ৫৪ কিলোমিটাৰ গভীৰতাত হোৱা সাগৰীয় ভূইকঁপৰ বাবে প্ৰথমে হোকাইডো, আওমোৰি আৰু ইৱাটেত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল । ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ ঢৌৱে উপকূলীয় অঞ্চলত আঘাত হানিব পাৰে বুলি সকীয়াই দিছিল বিষয়াসকলে ।

লগতে পঢ়ক : চুডানৰ তৈলক্ষেত্ৰত সেনাৰ ড্ৰোণ আক্ৰমণ; ২০ ত কৈ অধিক লোক নিহত