জাপানত পুনৰ ছানাই তাকাইচিৰ চৰকাৰ; নিৰ্বাচনত অভিলেখ ভংগকাৰী জয়

জাপানত পুনৰ ছানাই তাকাইচিৰ চৰকাৰ; নিৰ্বাচনত অভিলেখ ভংগকাৰী জয়

দেওবাৰে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত জাপানৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে পুনৰ অভিলেখ ভংগকাৰী জয়ৰে ক্ষমতালৈ ঘূৰি আহিছে। জাপানত প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে পুনৰ অভিলেখ ভংগকাৰী জয়ৰে ক্ষমতালৈ ঘূৰি আহিছে।দেওবাৰে (৮ ফেব্ৰুৱাৰী) অনুষ্ঠিত হোৱা

দেওবাৰে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত জাপানৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে পুনৰ অভিলেখ ভংগকাৰী জয়ৰে ক্ষমতালৈ ঘূৰি আহিছে।

জাপানত প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে পুনৰ অভিলেখ ভংগকাৰী জয়ৰে ক্ষমতালৈ ঘূৰি আহিছে।দেওবাৰে (৮ ফেব্ৰুৱাৰী) অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত শাসকীয় দলটোৱে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

সংসদীয় নিৰ্বাচনত বিজয়ৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে এটা সাক্ষাৎকাৰত কয় যে,তেওঁৰ গুৰুত্ব সেই নীতিসমূহ আগুৱাই নিয়াত থাকিব,যাৰ বাবে জাপান অধিক উন্নত আৰু শক্তিশালী হ’ব।

জয়ৰ পিছত তাকাইচি এলডিপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজয়ৰ উদযাপন কৰে। তাকাইচিয়ে আশা কৰিছিল যে এই নিৰ্বাচনত তেওঁৰ এলডিপি দলৰ লগতে নতুন মিত্ৰ জাপান ইনোভেচন পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

একে সময়তে বিৰোধী দলৰ নতুন মিত্ৰতাই শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ বাবে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰিলে।

তাকাইচিয়ে কয় যে,তেওঁ নিজৰ নীতি আৰু পৰিকল্পনা আগবঢ়াই নিবলৈ চেষ্টা কৰিব, লগতে বিৰোধী দলৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰিব।

তাকাইচিৰ জনপ্ৰিয়তা অক্ষত আছে যদিও সাত দশক ধৰি জাপানক শাসন কৰা বৰ্তমানৰ শাসকীয় দল এল ডি পিয়ে যোৱা কিছু বছৰত পুঁজি আৰু ধৰ্মীয় কেলেংকাৰীৰ সৈতে যুঁজিব লগা হৈছে।

তাকাইচিয়ে ক্ষমতালৈ অহাৰ মাত্ৰ তিনিমাহৰ পিছতেই সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।যাতে তেওঁ নিজৰ জনপ্ৰিয়তাৰ শিখৰত থাকি পৰিস্থিতিৰ উন্নতি সাধন কৰিব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। এক্সত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ‘প্ৰতিনিধি সদনৰ নিৰ্বাচনত আপোনাৰ ঐতিহাসিক জয়ৰ বাবে ছানাই তাকাইচিলৈ অভিনন্দন!’

‘ আমাৰ বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বই বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।মোৰ বিশ্বাস যে আপোনালোকৰ সক্ষম নেতৃত্বত ভাৰত-জাপানৰ বন্ধুত্বক আমি অধিক উচ্চতালৈ লৈ যাম।’

৪৬৫ জনীয়া নিম্ন সদনত ৩১০খন আসনৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিক সংবিধানত সংশোধন কৰা আৰু আইন প্ৰণয়নৰ অনুমতি লাভ কৰিছে।

লগতে পঢ়ক: এপষ্টেইন ফাইলছত নাম সাঙোৰ খাইছে দালাই লামাৰ; প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

শেহতীয়া প্ৰৱন্ধসমূহ