পুনৰ বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

পুনৰ বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা কোনো সুনিৰ্দিষ্ট চুক্তি নোহোৱাকৈয়ে আফগানিস্তান আৰু পাকিস্তানৰ মাজত তৃতীয় ৰাউণ্ডৰ শান্তি আলোচনাৰ অন্ত পৰে । সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক লৈ দুয়োখন দেশৰ মাজত মতানৈক্য অব্যাহত আছে । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আলোচনাৰ সময়ত কোনো লিখিত চুক্তি হোৱা

বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

কোনো সুনিৰ্দিষ্ট চুক্তি নোহোৱাকৈয়ে আফগানিস্তান আৰু পাকিস্তানৰ মাজত তৃতীয় ৰাউণ্ডৰ শান্তি আলোচনাৰ অন্ত পৰে । সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক লৈ দুয়োখন দেশৰ মাজত মতানৈক্য অব্যাহত আছে । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে আলোচনাৰ সময়ত কোনো লিখিত চুক্তি হোৱা নাছিল আৰু চতুৰ্থ ৰাউণ্ডৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰে ।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া আলোচনাত পাকিস্তানে আফগান ভূমিৰ পৰা পাকিস্তানত আক্ৰমণ চলাই থকা তেহৰিক-ই-তালিবান পাকিস্তান (TTP) উগ্ৰপন্থীৰ বিৰুদ্ধে আফগান তালিবানক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

এক সাক্ষাতকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে আলোচনা সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে । আফগান পক্ষই কেৱল মৌখিক আশ্বাস দিব বিচাৰিছিল যদিও আন্তঃৰাষ্ট্ৰীয় আলোচনাত মৌখিক আশ্বাস গ্ৰহণ কৰিব নোৱাৰি । দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ বাবে মধ্যস্থতা কৰা তুৰ্কী আৰু কাটাৰৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে তেওঁ ধন্যবাদ জনায় ।

আছিফে কয় যে পাকিস্তানৰ স্থিতি স্পষ্ট । শান্তি আলোচনাত আমাৰ একমাত্ৰ দাবী আছিল যে আফগানিস্তানে নিশ্চিত কৰক যে নিজৰ মাটি পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব । আফগানৰ মাটিৰ পৰা যদি কোনো আক্ৰমণ সংঘটিত হয় তেন্তে পাকিস্তানে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলিও আছিফে কয় ।

পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে শনিবাৰে পুৱা এক্সত লিখিছে যে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু দ্বিপাক্ষিক প্ৰতিশ্ৰুতি পূৰণৰ দায়িত্ব এতিয়া আফগান তালিবানৰ ওপৰত, যিটো তেওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই । তেওঁ কয় যে আফগান জনসাধাৰণৰ প্ৰতি পাকিস্তানৰ কোনো শত্ৰুতা নাই যদিও আফগান জনসাধাৰণ বা চুবুৰীয়া দেশৰ স্বাৰ্থৰ বিৰোধী কোনো নীতিক সমৰ্থন নকৰে ।

উল্লেখ্য যে, আফগানিস্তান আৰু পাকিস্তানৰ মাজত প্ৰথম ৰাউণ্ডৰ শান্তি আলোচনা ২৯ অক্টোবৰত ডোহা (কাটাৰ)ত হোৱাৰ বিপৰীতে দ্বিতীয়খন বৈঠক ২৫ অক্টোবৰত ইস্তানবুল (তুৰ্কী)ত অনুষ্ঠিত হয় । দুয়োখন বৈঠকে কোনো সুনিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল । এতিয়া তৃতীয় ৰাউণ্ডো কোনো উত্তৰ অবিহনেই সমাপ্ত হৈছে । ইয়াৰ পূৰ্বে ১১ৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত দুয়োখন দেশৰ মাজত সীমান্তত সশস্ত্ৰ সংঘৰ্ষ সংঘটিত হৈছিল, যাৰ ফলত দুয়োপক্ষৰ লোকৰ বহু মৃত্যু হৈছিল ।

লগতে পঢ়ক : “প্ৰধানমন্ত্ৰী মোদী মোৰ ভাল বন্ধু আৰু মই ভাৰতলৈ যাম”; ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ ঘোষণা