প্ৰধানমন্ত্ৰী মোদী মোৰ ভাল বন্ধুঃ ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘদিন ধৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি অভিহিত কৰি আহিছে।এতিয়া ট্ৰাম্পে পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীক বন্ধু আৰু মহান ব্যক্তি বুলি অভিহিত কৰিছে।
ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পেও শীঘ্ৰে ভাৰত ভ্ৰমণলৈ অহাৰ কথা ঘোষণা কৰিছে।উল্লেখ্য যে ড’নাল্ড ট্ৰাম্পে ইয়াৰ পূৰ্বে ২০২০ চনত ৰাষ্ট্ৰপতি হিচাপে প্ৰথম কাৰ্যসূচীৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিল।
ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা অব্যাহত আছে। আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে।
এতিয়া এই বিষয়ত আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনাৰ প্ৰশ্নত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কয়-“তেওঁ ভাল কৰি আছে, তেওঁ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো প্ৰায় বন্ধ কৰি দিছে।
ট্ৰাম্পে লগতে কয় যে,“তেওঁ মোৰ বন্ধু, আৰু আমি কথা পাতো আৰু তেওঁ বিচাৰে মই তালৈ যাওঁ।আমি হিচাপ কৰিম, মই যাম…প্ৰধানমন্ত্ৰী মোদী এজন মহান ব্যক্তি আৰু মই ভাৰতলৈ যাম।”অহা বছৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় – “হয়,এয়া সম্ভৱ হ’ব পাৰে।”
লগতে পঢ়ক: “ইমেইলযোগে ভোট দিয়া বন্ধ কৰক”; ভোটদানৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পৰ মন্তব্য









