পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা; ধ্বংসস্তূপত পৰিণত এটা বৃহৎ অঞ্চল

পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা; ধ্বংসস্তূপত পৰিণত এটা বৃহৎ অঞ্চল

পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা মঙলবাৰে সন্ধিয়া আমেৰিকাৰ কেন্টাকিৰ লুইছভিল মহম্মদ আলী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা । উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে ইউ পি এছৰ এখন কাৰ্গো বিমান ৰাণৱেৰ কাষত খুন্দা মাৰে আৰু লগে লগে জইয়ে বিমানখন আগুৰি ধৰে । বিমানখনত

পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা

মঙলবাৰে সন্ধিয়া আমেৰিকাৰ কেন্টাকিৰ লুইছভিল মহম্মদ আলী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা । উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে ইউ পি এছৰ এখন কাৰ্গো বিমান ৰাণৱেৰ কাষত খুন্দা মাৰে আৰু লগে লগে জইয়ে বিমানখন আগুৰি ধৰে । বিমানখনত প্ৰায় ১ লাখ ৫০ হাজাৰ লিটাৰ (প্ৰায় ২ লাখ ৫০ হাজাৰ গেলন) জেট ইন্ধন আছিল আৰু এই ইন্ধনত অগ্নিসংযোগ হৈ বিস্ফোৰণ ঘটাত সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে ।

বিমানবন্দৰৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বিমানখনে সন্ধিয়া প্ৰায় ৫:১৫ বজাত (স্থানীয় সময় অনুসৰি) উৰা মৰাৰ পিছতেই হঠাতে নামি আহিবলৈ ধৰে । কিছু মুহূৰ্তৰ ভিতৰতে এটা ডাঙৰ বিস্ফোৰণৰ শব্দ হয় আৰু আকাশলৈ ধোঁৱাৰ এক বিশাল ঢৌ উঠি যোৱা পৰিলক্ষিত হয় । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে সমগ্ৰ ৰাণৱে জুইৰ শিখাই আগুৰি ধৰিছে, যেন আগ্নেয়গিৰিৰ লাভা বিস্ফোৰণ হৈছে ।

লুইছভিল আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবা ডজন দল বিমান দুৰ্ঘটনাস্থলীত ক্ষীপ্ৰ গতিৰে উপস্থিত হয় । তিনি ঘণ্টা যুঁজাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । কিন্তু তেতিয়ালৈকে ওচৰৰ কেইবাটাও গুদাম আৰু পাৰ্কিং লট ছাইলৈ পৰিণত হৈছিল ।

চৰকাৰী তথ্য অনুসৰি এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জনতকৈ অধিক লোক আহত হৈছে । এতিয়াও দুজন লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে । বিমান দুৰ্ঘটনাৰ ফলত ওচৰৰ কেন্টাকি পেট্ৰলিয়াম ৰিচাইক্লিং আৰু গ্ৰেড-এ অটো পাৰ্টছৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । দুয়োটা অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস হয় ।

তদন্ত এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে যদিও প্ৰাথমিক তথ্য অনুসৰি জেটৰ ইন্ধন লিক বা ইঞ্জিন বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । ঘটনাস্থলীত উপস্থিত হৈ National Transportation Safety Boardৰ দলে ব্লেক বক্সৰ তথ্য পৰ্যালোচনা কৰি আছে । ইউ পি এছে এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে তেওঁলোকে নিজৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে থিয় দিছে । লুইছভিল বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰা হৈছে আৰু সকলো বিমান ডাইভাৰ্ট কৰা হৈছে ।

লগতে পঢ়ক : ৰাছিয়াৰ ওপৰত পুনৰ ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ; জ্বলি ছাই হ’ল টুৱাপছে বন্দৰ

শেহতীয়া প্ৰৱন্ধসমূহ