জৰুৰীকালীন অৱস্থা ঘোষণা
বিগত কিছুদিন ধৰি প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন হৈছে ফিলিপাইনছ । শেহতীয়াকৈ ২০০ৰো অধিক লোকৰ মৃত্যু হোৱা কালমাইগী ধুমুহাৰ পিছত এতিয়া দেশখন ছুপাৰ টাইফুন ফাং-ৱঙৰ ভাবুকিৰ সন্মুখীন হৈছে । দেওবাৰৰ পৰা দেশখনৰ উত্তৰ-পূব উপকূলত আঘাত হানিবলৈ আৰম্ভ কৰা পং ৱাঙক এই বছৰৰ আটাইতকৈ শক্তিশালী ধুমুহা বুলি কোৱা হৈছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ফুং ৱঙৰ গতিবেগ প্ৰতি ঘণ্টাত ১৮৫ কিলোমিটাৰ পৰ্যন্ত বুলি কোৱা হৈছে যদিও এই ধুমুহাৰ গতিবেগ ঘণ্টাত ২৩০ কিলোমিটাৰ পৰ্যন্ত হৈছে । ইয়াৰ প্ৰভাৱ ১৬০০ কিলোমিটাৰ ব্যাসাৰ্ধত বিয়পিব পাৰে, অৰ্থাৎ দক্ষিণ-পূব এছিয়াৰ দুই তৃতীয়াংশ অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।
ইফালে এই দুৰ্যোগৰ বাবে দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে চৰকাৰে । ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে লোকসকলক তৎকালীনভাৱে নিৰাপদ ঠাইবলৈ যাবলৈ আহ্বান জনাইছে । প্ৰতিৰক্ষা সচিব গিলবাৰ্টো টিঅ’ড’ৰ’ জুনিয়ৰে সকীয়াই দিছে যে এই ধুমুহাই চেবু, অৰোৰা, ইছাবেলা আনকি ৰাজধানী মেনিলাকে ধৰি বহু ঠাইত বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে ।
তেওঁ কয় যে এবাৰ বৰষুণ আৰম্ভ হ’লে বা ধুমুহা সম্পূৰ্ণৰূপে আহিলে মানুহক উদ্ধাৰ কৰাটো অত্যন্ত কঠিন হ’ব । গতিকে এতিয়া যোৱাটোৱেই আটাইতকৈ নিৰাপদ বিকল্প । এতিয়ালৈকে বিকল অঞ্চলৰ পৰা প্ৰায় ৫০ হাজাৰ পৰিয়ালক খালী কৰা হৈছে, য’ত উপকূলৰ কাষেৰে আৰু আগ্নেয়গিৰি মেয়নৰ ওচৰত ভূমিস্খলন আৰু বোকা পানীৰ প্ৰবাহৰ আশংকা অব্যাহত আছে ।
ইফালে বিদ্যুৎ বিচ্ছিন্ন, বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয় বন্ধ, বিমান সেৱা বাতিল আদিৰ দৰে বহু জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । উপকূলৰক্ষীয়ে কোনো জাহাজক সাগৰত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে বন্দৰত আবদ্ধ হৈ আছে প্ৰায় ৬৬০০ যাত্ৰী আৰু ক্ৰু । ফিলিপাইনছত প্ৰতি বছৰে প্ৰায় ২০টা ধুমুহাৰ লগতে সঘনাই ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে । ইয়াক বিশ্বৰ অন্যতম দুৰ্যোগ প্ৰৱণ দেশ হিচাপে গণ্য কৰা হয় ।
লগতে পঢ়ক : পুনৰ বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা









