সমুখ সমৰত চিৰবৈৰী পাকিস্তান; আজি ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

ক্ৰিকেট অনুৰাগীসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা মুহূৰ্তটো আহি পাইছে। ভাৰত-পাকিস্তানৰ খেলখন লৈ বাকী আছে মাত্ৰ কেইটামান ঘণ্টা । চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচখন দেওবাৰৰ দুপৰীয়া ২:৩০ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আৰম্ভ হ’ব। । চেম্পিয়নছ ট্ৰফীৰ খিতাপৰ ক্ষেত্ৰত এই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ।কাৰণ যিখন দেশ পৰাজিত

ক্ৰিকেট অনুৰাগীসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা মুহূৰ্তটো আহি পাইছে। ভাৰত-পাকিস্তানৰ খেলখন লৈ বাকী আছে মাত্ৰ কেইটামান ঘণ্টা ।

চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচখন দেওবাৰৰ দুপৰীয়া ২:৩০ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত  আৰম্ভ হ’ব। ।

চেম্পিয়নছ ট্ৰফীৰ খিতাপৰ ক্ষেত্ৰত এই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ।কাৰণ যিখন দেশ পৰাজিত হ’ব তেওঁলোকৰ ছেমিফাইনেলত উপনীত হোৱাৰ বাবে অলপ কঠিন হ’ব।

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত ভাৰতৰ বাবে এটা ভাল কথা আছে।ইতিমধ্যে ভাৰতীয় দলটোৱে এই স্থানতে দুবাৰকৈ এদিনীয়া ফৰ্মেটত পাকিস্তানৰ বিৰুদ্ধে খেলিছে। আৰু  দুয়োবাৰেই ভাৰতীয় দলটোৱে  জয় লাভ কৰিছে।

চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ হাতত প্ৰথমখন মেচ ত পৰাজিত হোৱাৰ পিছত, পাকিস্তান দলে এতিয়া ভাৰতৰ বিৰুদ্ধে বিজয় সুৰক্ষিত কৰিব লাগিব।

প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটত জয় লাভ কৰে।আনহাতে প্ৰতিযোগিতাখনৰ আয়োজক পাকিস্তানে প্ৰথম খন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৬০ ৰাণত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল।

এই পৰিস্থিতিত, এই খেলখন পাকিস্তানৰ বাবে  ডু অৰ ডাই হ’ব, কিয়নো ভাৰতীয় দলৰ হাতত পৰাজিত হ’লে তেওঁলোকৰ বাবে প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত উপনীত হোৱাটো অত্যন্ত কঠিন হৈ পৰিব।

আইচিচিৰ খেলসমূহত ভাৰত আৰু পাকিস্তানে এতিয়ালৈকে ডুবাইত ১২ খন মেচ খেলিছে, ভাৰতে পাকিস্তানক ৮ বাৰ পৰাস্ত কৰিছে, আনহাতে পাকিস্তানে ৪ খন মেচ জিকিছে।

এদিনীয়া বিশ্বকাপৰ ক্ষেত্ৰত, পাকিস্তান দলটোৱে কেতিয়াও ভাৰতক এবাৰো পৰাজিত কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ উপৰিও, চেম্পিয়নছ ট্ৰফীত দুয়োটা দলৰ মাজত ৫ খন খেল অনুষ্ঠিত হৈছে, যাৰ ভিতৰত পাকিস্তানে ৩ খন মেচ জিকিছে, আনহাতে ভাৰতে ২ খন মেচ জিকিছে। দুয়োটা দলে এবাৰকৈ এই খিতাপ জিকিছে।