অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । এই দলত স্থান লাভ কৰিছে এগৰাকী অসমীয়া খেলুৱৈয়েও…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট মেচৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ১৫ জনীয়া ভাৰতীয় দল । দল পৰিচালনা সমিতিয়ে পুনৰবাৰ প্ৰবীণ অধিনায়কগৰাকীৰ ওপৰত বিশ্বাস ৰাখিছে । প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত হৈছে এজগৰাকী যুৱ বলাৰ । ইফালে এই টেষ্টৰ বাবে অসমৰো এগৰাকী খেলুৱৈয়ে লাভ কৰিছে সুযোগ । ৬ মাৰ্চৰ পৰা অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ একমাত্ৰ টেষ্ট ।

উল্লেখ্য যে বিচিচিআইয়ে মহিলা টেষ্টৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰিছে । হৰমনপ্ৰীত কৌৰক পুনৰবাৰ দলৰ বাঘজৰী দিয়া হৈছে । যুৱ স্পীনাৰ বৈষ্ণৱী শৰ্মাইয়ো এই দলত স্থান লাভ কৰিছে । ২০ বছৰীয়া বৈষ্ণৱীয়ে এতিয়ালৈকে কেৱল টি-২০ ইণ্টাৰনেশ্যনেল ফৰ্মেটতহে খেলিছে । ক্ৰান্তি গৌড়কো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও অ’পেনিং বেটছমেন প্ৰতীকা ৰাৱালক অন্তৰ্ভুক্ত কৰা হৈছে দলত ।

আনহাতে এই দল ঘোষণা কৰাৰ লগে লগে অসমবাসীয়েও লাভ কৰিলে এক ভাল খবৰ । কিয়নো এই টেষ্ট দলত স্থান লাভ কৰিছে অসমৰ জীয়াৰী তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন উমা ছেত্ৰীয়ে । এই খবৰে আনন্দিত কৰি তুলিছে আসমবাসীক ।

স্মৃতিৰ কান্ধত সহ-অধিনায়ৰ দায়িত্ব-

স্মৃতি মন্ধানাক এই টেষ্টৰ বাবে ভাৰতীয় দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । মন্ধানাই নিজৰ কেৰিয়াৰত ৭খন টেষ্ট খেলিছে, য’ত তেওঁ দুটা শতক আৰু তিনিটা অৰ্ধশতককে ধৰি ৬২৯ ৰান সংগ্ৰহ কৰিছে ।

ব্লিউ পি এলৰ জৰিয়তে উজ্বলিল বৈষ্ণৱী শৰ্মাৰ ভাগ্য-

মহিলা প্ৰিমিয়াৰ লীগৰ চলি থকা চতুৰ্থ ছিজনত বৈষ্ণৱী শৰ্মাই মুম্বাই ইণ্ডিয়ানছ হৈ খেলিছে । অভিষেক মেচৰ প্ৰথম অভাৰত উইকেট দখল কৰি তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল আৰু বিচিচিআইয়ে তেওঁক টিম ইণ্ডিয়াৰ টেষ্ট দললৈ আমন্ত্ৰণ কৰি পুৰস্কৃত কৰিছে । টি-২০ ইণ্টাৰনেশ্যনেলৰ পিছত এতিয়া টেষ্টত বৈষ্ণৱীয়ে কেনে প্ৰদৰ্শন আগবঢ়াই তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

ভাৰতীয় টেষ্ট দল :

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (সহ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগোজ, অমনজোত কৌৰ, ৰিচা ঘোষ (উইকেটকীপাৰ), উমা ছেত্ৰী (উইকেটকীপাৰ), প্ৰতীকা ৰাৱাল, হাৰলীন দেউল, দীপ্তি শৰ্মা, ৰেনুকা ঠাকুৰ, স্নেহ ৰাণা, ক্ৰান্তি গৌড়, বৈষ্ণৱী শৰ্মা, সয়ালি সাতঘৰে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

স্বগৃহত উপস্থিত বিশ্বকাপ চেম্পিয়ন উমা ছেত্ৰী…

স্বগৃহত উপস্থিত বিশ্বকাপ চেম্পিয়ন উমা ছেত্ৰী

বিশ্বকাপৰ ট্ৰফী জয় কৰি আজি বোকাখাতৰ স্বগৃহ পালেহি অসমকন্যা উমা ছেত্ৰী।বিশ্বচেম্পিয়ন গৰাকী উপস্থিত হোৱাৰ পিছতে অঞ্চলজুৰি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।

বিশ্ব বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য উমাক আদৰণি জনাই গাঁওবাসীয়ে।বিশ্ববাসীৰ সন্মুখত চিনাকী নাম হৈ পৰা উমাক লৈ এতিয়া গৌৰৱান্বিত মাতৃ।

কন্যাৰ সফলতাক লৈ সুখী মাতৃয়ে মুখত মিচিকিয়া হাঁহি মাৰি ক’লে ‘তাইৰ সফলতাত আজি মাতৃ হিচাপে যথেষ্ট সুখী’।   

লগতে পঢ়ক: ‘আপোনালোক নতুন প্ৰজন্মৰ আদৰ্শ’; ৰাষ্ট্ৰপতিক সাক্ষাৎ চেম্পিয়ন কন্যাৰ

গৌৰৱান্বিত অসমবাসী; ICC মহিলা বিশ্বকাপত অসমকন্যা উমা ছেত্ৰী

ICC মহিলা বিশ্বকাপত অসমকন্যা উমা ছেত্ৰী

মহিলা এদিনীয়া বিশ্বকাপৰ অন্তিমখন লীগ মেচ দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হয়,য’ত অসম ক্ৰিকেটৰ বাবে এক ঐতিহাসিক মুহূৰ্ত আছিল,কাৰণ উমা ছেত্ৰীয়ে এদিনীয়াত অভিষেক ঘটালে।

ICC মহিলা বিশ্বকাপত বাংলাদেশ বনাম ভাৰতৰ মেচত ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ অসমৰ কন্যা উমা ছেত্ৰীৰ।অসমক প্ৰতিনিধিত্ব কৰি উমাই ইতিমধ্যে ভাৰতৰ হৈ ৭ খন মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

তেওঁৰ শেষ আন্তঃৰাষ্ট্ৰীয় মেচখন ২০২৪ চনৰ ডিচেম্বৰ মাহত ডি ৱাই পাটিল ষ্টেডিয়ামত, নৱী মুম্বাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল।

২৩ বছৰীয়া উইকেটকীপাৰ বেটছমেন হিচাপে উমাই এদিনীয়া পৰ্যায়লৈ চুটি ফৰ্মেটৰ অভিজ্ঞতা কঢ়িয়াই আনিছে আৰু ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰাৰ পিছত তেওঁক বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল।

লগতে পঢ়ক: লজ্জাজনক;ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ…

মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ…

মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ উমা ছেত্ৰীৰ

বৃহস্পতিবাৰে ভাৰতৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দলত উইকেটকীপাৰ বেটছমেন উমা ছেত্ৰীক দলত স্থান দিছে।

দৰাচলতে আঁঠুৰ আঘাতৰ বাবে মহিলা বিশ্বকাপৰ পৰা বাহিৰ হ’ল যস্তিকা ভাটিয়া।কেৱল এয়াই নহয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ অংশ হৈও নাথাকিব যস্তিকা।

বিচিচিআইয়ে জনোৱা মতে, বিশাখাপট্টনমৰ প্ৰস্তুতি শিবিৰৰ সময়ত যস্তিকা আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে খেলুৱৈগৰাকীয়ে এই বিশ্বব্যাপী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব।

উমাৰ ছিনিয়ৰ দলত অন্তৰ্ভুক্ত হোৱাৰ অৰ্থ হ’ল তেওঁ আৰু বিশ্বকাপৰ অনুশীলন মেচত ইণ্ডিয়া এৰ হৈ খেলিব নোৱাৰিব।

উমা ছেত্ৰী এতিয়া অষ্ট্ৰেলিয়া ছিৰিজ আৰু আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় দলৰ অংশ হৈ আছে। তেওঁ এতিয়া ইণ্ডিয়া এ দলৰ অংশ হৈ নাথাকিব।

লগতে পঢ়ক: লণ্ডনত অনুষ্ঠিত হোৱা ফিটনেছ টেষ্টত উত্তীৰ্ণ বিৰাট কোহলী; BCCI ৰ সিদ্ধান্ত লৈ বিতৰ্ক