লজ্জাজনক;ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ…

ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ ভাৰতত অনুষ্ঠিত হৈ আছে আই চি চি মহিলা বিশ্বকাপ ২০২৫, য’ত ৮ টা দলে অংশগ্ৰহণ কৰিছে।৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ২৫ অক্টোবৰত ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া ২৬ সংখ্যক মেচখনত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি

ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ

ভাৰতত অনুষ্ঠিত হৈ আছে আই চি চি মহিলা বিশ্বকাপ ২০২৫, য’ত ৮ টা দলে অংশগ্ৰহণ কৰিছে।৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

২৫ অক্টোবৰত ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া ২৬ সংখ্যক মেচখনত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব।এই মেচৰ পূৰ্বে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

দৰাচলতে ইন্দোৰত অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ দুগৰাকী খেলুৱৈক বাইকত অহা এজন যুৱকে খেদি আহিছিল,আনহাতে ইয়াৰে এজনৰ বিৰুদ্ধে এগৰাকী খেলুৱৈক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

এই ঘটনা ২৩ অক্টোবৰ বৃহস্পতিবাৰে পুৱা খজৰানা ৰোড অঞ্চলত সংঘটিত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে,দুয়োজন খেলুৱৈয়ে নিজৰ হোটেলৰ পৰা ওলাই গৈ কেফে এখনৰ ফালে আগবাঢ়িছিল,তেনেতে বাইকত অহা এজন মানুহে তেওঁলোকক পিছে পিছে যায়।

উপ-পৰিদৰ্শক নিধি ৰঘুবংশীয়ে কয় যে যুৱকজনে ওচৰলৈ আহি এগৰাকী খেলুৱৈক অনুচিতভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰে আৰু তাৰ পিছত সেই ঠাইৰ পৰা পলাই যায়।

এই ঘটনাৰ পিছত দুয়োজন খেলুৱৈয়ে লগে লগে তেওঁলোকৰ দলৰ নিৰাপত্তা বিষয়া ডেনি ছিমনছৰ সৈতে যোগাযোগ কৰে।স্থানীয় নিৰাপত্তাৰক্ষীৰ সৈতে সমন্বয় সাধন কৰি সহায়ৰ বাবে এখন বাহন প্ৰেৰণ কৰে।

এই তথ্য লাভ কৰাৰ লগে লগে সহকাৰী আৰক্ষী আয়ুক্ত হিমানী মিশ্ৰই সেই স্থানত উপস্থিত হৈ দুয়োগৰাকী খেলুৱৈৰ বক্তব্য লিপিবদ্ধ কৰে।ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুই দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: নিউজিলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ…

শেহতীয়া প্ৰৱন্ধসমূহ