লজ্জাজনক;ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ…

ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা ক্ৰিকেটাৰক দুৰ্ব্যৱহাৰ

ভাৰতত অনুষ্ঠিত হৈ আছে আই চি চি মহিলা বিশ্বকাপ ২০২৫, য’ত ৮ টা দলে অংশগ্ৰহণ কৰিছে।৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনে এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

২৫ অক্টোবৰত ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া ২৬ সংখ্যক মেচখনত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব।এই মেচৰ পূৰ্বে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

দৰাচলতে ইন্দোৰত অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ দুগৰাকী খেলুৱৈক বাইকত অহা এজন যুৱকে খেদি আহিছিল,আনহাতে ইয়াৰে এজনৰ বিৰুদ্ধে এগৰাকী খেলুৱৈক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে।

এই ঘটনা ২৩ অক্টোবৰ বৃহস্পতিবাৰে পুৱা খজৰানা ৰোড অঞ্চলত সংঘটিত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে,দুয়োজন খেলুৱৈয়ে নিজৰ হোটেলৰ পৰা ওলাই গৈ কেফে এখনৰ ফালে আগবাঢ়িছিল,তেনেতে বাইকত অহা এজন মানুহে তেওঁলোকক পিছে পিছে যায়।

উপ-পৰিদৰ্শক নিধি ৰঘুবংশীয়ে কয় যে যুৱকজনে ওচৰলৈ আহি এগৰাকী খেলুৱৈক অনুচিতভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰে আৰু তাৰ পিছত সেই ঠাইৰ পৰা পলাই যায়।

এই ঘটনাৰ পিছত দুয়োজন খেলুৱৈয়ে লগে লগে তেওঁলোকৰ দলৰ নিৰাপত্তা বিষয়া ডেনি ছিমনছৰ সৈতে যোগাযোগ কৰে।স্থানীয় নিৰাপত্তাৰক্ষীৰ সৈতে সমন্বয় সাধন কৰি সহায়ৰ বাবে এখন বাহন প্ৰেৰণ কৰে।

এই তথ্য লাভ কৰাৰ লগে লগে সহকাৰী আৰক্ষী আয়ুক্ত হিমানী মিশ্ৰই সেই স্থানত উপস্থিত হৈ দুয়োগৰাকী খেলুৱৈৰ বক্তব্য লিপিবদ্ধ কৰে।ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুই দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: নিউজিলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ…

‘সপোন পূৰণ হ’ল এতিয়া জিৰণিৰ সময়’; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ হেলী জেনচেনৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

২০ জুনৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খন মেচৰ হাই প্ৰফাইল টেষ্ট শৃংখলা। দুয়োখন দেশৰ মাজত এই টেষ্ট শৃংখলা ২০ জুনৰ পৰা ৪ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব।

বিচিচিআইৰ বাছনি সমিতিয়ে ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ বাবে কাইলৈ ​​অৰ্থাৎ শনিবাৰে ইণ্ডিয়া টিমটোৰ ঘোষণা কৰিব ।

কিন্তু ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ পূর্বে এটা খবৰে হঠাৎ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আচলতে এই খবৰটো আহিছে নিউজিলেণ্ডৰ পৰা।

নিউজিলেণ্ডৰ এগৰাকী তাৰকা ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাত ক্ৰিকেট অনুৰাগীৰ মাজত হতাশাৰ জোৱাৰ উঠিছে।

দৰাচলতে নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ হেলি জেনচেনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।হেলী জেনচেনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ১১ বছৰ ধৰি চলিছিল।

২০১৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ ফৰ্মেটত নিউজিলেণ্ড মহিলা দলৰ হৈ অভিষেক ঘটায় হেলী জেনচেনে।

২০১৮ চনত টি-২০ বিশ্বকাপৰ বাবে দলত নিৰ্বাচিত হোৱাৰ পিছত দলটোৰ নিয়মীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।নিউজিলেণ্ডৰ হৈ ৩৫খন এদিনীয়া আৰু ৫৩খন টি-২০ মেচকে ধৰি মুঠ ৮৮খন মেচ খেলিছিল হেলী জেনচেনে।এই সময়ছোৱাত তেওঁ ১৯৮৮ ৰান সংগ্ৰহ কৰি ৭৬টা উইকেট দখল কৰে।

নিউজিলেণ্ড ক্ৰিকেটক দিয়া এক বিবৃতিত হেলী জেনচেনে কয় যে, ‘যেতিয়া মোৰ বয়স ১০ বছৰ আছিল, প্ৰথম ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা উভতি অহাৰ পিছত মই সিদ্ধান্ত লৈছিলো যে মই নিউজিলেণ্ড ক্ৰিকেট দলৰ অংশ হ’ব বিচাৰো।সেই সপোন বাস্তৱায়িত হ’ল, তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম।

লগতে পঢ়ক: ছলমান খানৰ নিৰাপত্তাত আসোঁৱাহ; ভাইজানৰ  গেলেক্সিত সোমাল অচিনাক্ত মহিলা