এপ্ৰিল মাহত ট্ৰাম্পে কৰিব চীন ভ্ৰমণ; চীন-আমেৰিকাৰ সম্পৰ্ক হ’ব ভাল!

এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিব ট্ৰাম্পে; দুয়ো দেশৰ সম্পৰ্কই লাভ কৰিব নতুন গতি !

চীন আৰু আমেৰিকাৰ সম্পৰ্ক যেন লাহে লাহে উন্নত হ’বলৈ ধৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিব তেওঁ। আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক শুধৰণিৰ পথত । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিব আৰু চলিত বৰ্ষৰ শেষৰ ফালে

চীন আৰু আমেৰিকাৰ সম্পৰ্ক যেন লাহে লাহে উন্নত হ’বলৈ ধৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিব তেওঁ।

আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক শুধৰণিৰ পথত । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিব আৰু চলিত বৰ্ষৰ শেষৰ ফালে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে আমেৰিকা ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে ।

দুদিনীয়া ডাভোছ ভ্ৰমণৰ পিছত এয়াৰ ফৰ্চ ৱানত সাংবাদিকৰ সৈতে কথা পাতি ড’নাল্ড ট্ৰাম্পে এই মন্তব্য কৰে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই বক্তব্যই আমেৰিকা আৰু চীনৰ মাজত শীৰ্ষ পৰ্যায়ৰ কূটনীতি পুনৰ এবাৰ তীব্ৰতৰ হ’বলৈ যোৱাৰ ইংগিত দিছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে টিকটকে ঘোষণা কৰিছিল যে তেওঁলোকে এক নতুন আমেৰিকান সত্তা স্থাপনৰ বাবে চুক্তিত উপনীত হৈছে,ইয়াৰ দ্বাৰা তেওঁলোকে নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ আৰু দীৰ্ঘদিনীয়া আইনী যুদ্ধৰ অন্ত পেলাবলৈ সহায় কৰিব।

ট্ৰাম্পে কয় যে,”মই ভ্ৰমণলৈ যাম। মই এপ্ৰিল মাহত চীনলৈ যাম।২০২৬ চনত দুয়োগৰাকী নেতাই দুবাৰকৈ বৈঠকত মিলিত হ’ম আৰু বছৰৰ শেষত ছি জিনপিঙে আমেৰিকা ভ্ৰমণ কৰিব।”

দ্বিতীয়টো কাৰ্যকালত এইটোৱেই হ’ব তেওঁৰ প্ৰথম চীন ভ্ৰমণ আৰু লগতে একে বছৰতে হোৱাইট হাউছত ছি জিনপিঙক প্ৰথমবাৰৰ বাবে আতিথ্য প্ৰদান কৰা হ’ব।

লগতে পঢ়ক: আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত; WHO ৰ হ’ল বাহিৰ, মুখ্য কাৰ্যালয়ৰ বাহিৰৰ পৰা আঁতৰালে পতাকা