আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত; WHO ৰ হ’ল পৃথক, মুখ্য কাৰ্যালয়ৰ বাহিৰৰ পৰা আঁতৰালে পতাকা

আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত; WHO ৰ হ’ল বাহিৰ, মুখ্য কাৰ্যালয়ৰ বাহিৰৰ পৰা আঁতৰালে পতাকা

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি আহিল আমেৰিকা। WHO ৰ ক’ভিড-১৯ মহামাৰীৰ ব্যৱস্থাপনাত ব্যৰ্থতা প্ৰতিফলিত কৰাৰ বাবে লৈছে এই সিদ্ধান্ত লোৱা হৈছে। আমেৰিকাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সদস্যপদৰ অন্ত পেলাইছে।আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগ আৰু বিদেশ মন্ত্ৰালয়ে

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি আহিল আমেৰিকা। WHO ৰ ক’ভিড-১৯ মহামাৰীৰ ব্যৱস্থাপনাত ব্যৰ্থতা প্ৰতিফলিত কৰাৰ বাবে লৈছে এই সিদ্ধান্ত লোৱা হৈছে।

আমেৰিকাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সদস্যপদৰ অন্ত পেলাইছে।আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগ আৰু বিদেশ মন্ত্ৰালয়ে যৌথভাৱে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিছে।

আমেৰিকাৰ তৰফৰ পৰা লোৱা সিদ্ধান্তৰ পিছত জেনেভা স্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰৰ পৰা আমেৰিকাৰ পতাকাও আঁতৰাই দিয়া হৈছে।

আমেৰিকাই স্পষ্ট কৰি দিছে যে, এতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সীমিতভাৱেহে সহযোগিতা কৰিব যাতে পৃথকীকৰণ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পৰা যায়।

আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ স্বাস্থ্য বিষয়াই কয় যে,না কোনো পৰ্যবেক্ষক হিচাপে যোগদান কৰাৰ পৰিকল্পনা আছে আৰু না ভৱিষ্যতে পুনৰবাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য হোৱাৰ উদ্দেশ্য আছে।

ইয়াৰ পৰিৱৰ্তে আমেৰিকাই ৰোগ নিৰীক্ষণকে ধৰি স্বাস্থ্য বিষয়ত অন্য দেশৰ সৈতে প্ৰত্যক্ষ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰাধিকাৰ দিব।

এই সিদ্ধান্ত ক’ভিড-১৯ মহামাৰীৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ ব্যৰ্থতাৰ অভিযোগৰ ভিত্তিত লোৱা হৈছে,যাৰ বাবে আমেৰিকাই সংগঠনটোৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে।

আমেৰিকাৰ প্ৰশাসনে কয় যে,মহামাৰীৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাই সঠিক ব্যৱস্থাপনা প্ৰদৰ্শন কৰা নাছিল আৰু সংস্কাৰৰ বিশাল অভাৱ আছিল।

এবছৰৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয় কাৰ্যকালৰ প্ৰথম দিনাই কাৰ্যবাহী আদেশ জাৰি কৰি WHOৰ পৰা পৃথক হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।আমেৰিকাৰ আইন অনুসৰি সদস্যপদ বাতিল কৰিবলৈ এবছৰৰ পূৰ্বেই জাননী দিব লাগিব।

ইয়াৰ মাজতে,বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰা মতে আমেৰিকাৰ ওপৰত ২০২৪ আৰু ২০২৫ চনৰ প্ৰায় ২৬ কোটি ডলাৰ শুল্ক বাকী আছে।

WHO ৰ এগৰাকী মুখপাত্ৰই কয় যে বাবদ ধন দি আদায় নকৰাকৈ সম্পূৰ্ণ পৃথকীকৰণ সম্ভৱ নহয়।ইফালে, আমেৰিকাৰ এগৰাকী বিষয়াই সেই অভিযোগ অস্বীকাৰ কৰি কৈছে যে,বকেয়া পৰিশোধ পৃথকীকৰণৰ চৰ্ত।

লগতে পঢ়ক: ‘মোদী মোৰ ভাল বন্ধু,শীঘ্ৰেই ভাৰতৰ সৈতে হ’ব চুক্তি স্বাক্ষৰ; ডাভোছত ভাৰতক লৈ ট্ৰাম্পৰ ডাঙৰ বক্তব্য