বিশ্ব অৰ্থনৈতিক মঞ্চতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।তেওঁ প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ ভাল বন্ধু বুলিও কয়
ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত সম্বোধন কৰাৰ পাছতে ভাৰতৰ সৈতে হোৱা বাণিজ্যিক চুক্তি সন্দৰ্ভত এটা ডাঙৰ বক্তব্য আগবঢ়াইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি তেওঁ কয় যে আমেৰিকাই ভাৰতৰ সৈতে ‘ডাঙৰ’ বাণিজ্যিক চুক্তি কৰিব।তেওঁ কয় যে,’আপোনালোকৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ বৰ শ্ৰদ্ধা আছে।মোদী এগৰাকী সুন্দৰ ব্যক্তি আৰু তেওঁ মোৰ ভাল বন্ধু।আমি ভাল চুক্তি কৰিবলৈ ওলাইছো।’
ট্ৰাম্পৰ এই মন্তব্য এনে সময়ত আহিছে, যি সময়ত আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে,যিটো বিশ্বৰ সকলোতকৈ অধিক শুল্কৰ ভিতৰৰ এটা।
যদিও দুয়োখন দেশেই বাণিজ্যিক চুক্তিৰ আলোচনা অব্যাহত থকা বুলি পুনৰ কৈছে,কিন্তু এই চুক্তি সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।
বিশ্ব অৰ্থনৈতিক মঞ্চৰ ৫৬ সংখ্যক বাৰ্ষিক সন্মিলন উপলক্ষে মানিকণ্ট্ৰলৰ সৈতে একচেটিয়াভাৱে কথা পাতিছিল ট্ৰাম্পে।ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তি সন্দৰ্ভত ট্ৰাম্পে অতি আশাবাদীভাৱে কথা কৈছে।
দুয়োখন দেশৰ মাজত বহু ক্ষেত্ৰত আলোচনা আগবাঢ়িব পৰা নাই। ইয়াৰ ভিতৰত শুল্কৰ হাৰৰ পৰা আৰম্ভ কৰি বজাৰত প্ৰৱেশৰ বিষয়সমূহো অন্তৰ্ভুক্ত।
লগতে পঢ়ক: গ্ৰীণলেণ্ডক লৈ ট্ৰাম্পৰ ইউ টাৰ্ণ!প্ৰত্যাহাৰ কৰিলে শুল্কৰ ভাবুকি









