বাংলাদেশত BNP ৰ বৃহৎ জয়ৰ পিছত তাৰিক ৰহমানক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ...

বাংলাদেশত BNP ৰ বৃহৎ জয়ৰ পিছত তাৰিক ৰহমানক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ…

বাংলাদেশৰ নিৰ্বাচনত BNP ৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰিক ৰহমানক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বাংলাদেশত দীৰ্ঘদিনৰ বিৰতিৰ পিছত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। এই নিৰ্বাচনত বাংলাদেশ নেচনেল

বাংলাদেশৰ নিৰ্বাচনত BNP ৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰিক ৰহমানক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বাংলাদেশত দীৰ্ঘদিনৰ বিৰতিৰ পিছত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। এই নিৰ্বাচনত বাংলাদেশ নেচনেল পাৰ্টি (BNP)  এ ২০৯খন আসন লাভ কৰাৰ বিপৰীতে জামাত ই-ইছলামীয়ে ৬৮খন আসন দখল কৰে।

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বৃহৎ বিজয়ৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ নেচনেল পাৰ্টি(BNP)  ৰ সভাপতি তাৰিক ৰহমানৰ সৈতে কথা পাতি শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীয়ে এই বিজয়ক বাংলাদেশৰ জনসাধাৰণৰ আকাংক্ষা আৰু গণতান্ত্ৰিক বিশ্বাসৰ প্ৰতীক বুলি অভিহিত কৰে।

মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এক পোষ্টত লিখিছে যে, তেওঁ তাৰিক ৰহমানৰ সৈতে কথা পাতি এই ঐতিহাসিক নিৰ্বাচনী সফলতাৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, বাংলাদেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ প্ৰচেষ্টাত তেখেতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পোষ্টটোত ভাৰত আৰু বাংলাদেশৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথাও উল্লেখ কৰে।

তেওঁ লিখিছে যে, “তাৰিক ৰহমান ডাঙৰীয়াৰ সৈতে কথা পাতিবলৈ পাই আনন্দিত হ’লো।মই তেওঁক বাংলাদেশৰ নিৰ্বাচনত জয়ৰ বাবে অভিনন্দন জনালোঁ। বাংলাদেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ প্ৰচেষ্টাত তেখেতক শুভেচ্ছা আৰু সমৰ্থন আগবঢ়ালো।”

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু লিখিছে যে, “দুজন ঘনিষ্ঠ প্ৰতিবেশী হিচাপে, যাৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক অতি গভীৰ,মই দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ অবিৰত দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে জনালোঁ।”

উল্লেখযোগ্য যে বাংলাদেশত অনুষ্ঠিত ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেল পাৰ্টিয়ে বৃহৎ জয়লাভ কৰিছে। ৩০০ জনীয়া সংসদত দলীয় নেতৃত্বাধীন মিত্ৰজোঁটে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে।

এই নিৰ্বাচন বাংলাদেশৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন বুলি বিবেচিত হৈছে। এই নিৰ্বাচন প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উচ্ছেদ কৰাৰ পিছত প্ৰথমটো বৃহৎ সাধাৰণ নিৰ্বাচন আছিল।

লগতে পঢ়ক: সলনি হ’ল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঠিকনা, সেৱা তীৰ্থ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ