বাংলাদেশৰ সমৰ্থন কৰি বিপদত পাকিস্তান… আইচিচিৰ ধমক

বাংলাদেশৰ সমৰ্থন কৰি বিপদত পাকিস্তান… আইচিচিয়ে ক’লেঃ টি-২০ বিশ্বকাপ নেখেলিলেই লোৱা হ’ব এক্সন

বাংলাদেশৰ সমৰ্থন কৰি শলঠেকত পাকিস্তান । আইচিচিৰ ধমকত এতিয়া সুৰ সলনি হ’ল পিচিবিৰ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আইচিচিয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাহিৰ কৰে । ইয়াৰ পিছতে পাকিস্তানে অহংকাৰ প্ৰদৰ্শন কৰি বিশ্বকাপ বৰ্জনৰ ভাবুকি দি নতুন নাটক আৰম্ভ

বাংলাদেশৰ সমৰ্থন কৰি শলঠেকত পাকিস্তান । আইচিচিৰ ধমকত এতিয়া সুৰ সলনি হ’ল পিচিবিৰ ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আইচিচিয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাহিৰ কৰে । ইয়াৰ পিছতে পাকিস্তানে অহংকাৰ প্ৰদৰ্শন কৰি বিশ্বকাপ বৰ্জনৰ ভাবুকি দি নতুন নাটক আৰম্ভ কৰে । পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে বাংলাদেশৰ সমৰ্থনত আইচিচিক সমালোচনা কৰিবলৈ আৰম্ভ কৰে । কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে কঠোৰভাৱে পাকিস্তানক দমন কৰে ।

উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ স্থান সলনিৰ দাবীয়ে ক্ৰিকেট জগতত তুমুল বিতৰ্কৰ সৃষ্টি কৰিছিল । আনকি পাকিস্তানে এই বিতৰ্ক বৃদ্ধি কৰাৰ অপ-চেষ্টাও কৰিছিল । পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিয়ে আইচিচিক সমালোচনা কৰি বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বাদ দিয়াৰ সিদ্ধান্তক অন্যায় বুলি অভিহিত কৰে ।

আইচিচিৰ ধমক-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহছিন নাকভিৰ এই বক্তব্যত ক্ষুব্ধ হৈ পৰে আইচিচি । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে স্পষ্টকৈ উল্লেখ কৰে যে বাংলাদেশৰ দৰে পাকিস্তানে যদি টি-২০ বিশ্বকাপ ২০২৬ বৰ্জনৰ সিদ্ধান্ত লয় তেন্তে আইচিচিয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সময়ত বিচিচিআই আৰু পিচিবিৰ মাজত নিৰপেক্ষ স্থানত ভাৰত-পাকিস্তানৰ মেচ আয়োজন কৰাৰ চুক্তি হৈছিল । একেটা হাইব্ৰিড মডেলৰ অধীনত টি-২০ বিশ্বকাপ ২০২৬ত পাকিস্তানৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত হ’ব । জানিব পৰা মতে যদি পাকিস্তানে টি-২০ বিশ্বকাপৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয় তেন্তে বিভিন্ন কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে ।

টি-২০ বিশ্বকাপ বৰ্জনৰ বাবে পাকিস্তানক সকলো দেশৰ সৈতে দ্বিপাক্ষিক শৃংখলাৰ পৰা নিষিদ্ধ কৰা, এছিয়া কাপৰ পৰা বাদ দিয়া আৰু বিদেশী খেলুৱৈক পিএছএলত খেলিবলৈ ন’ অবজেশ্যন চাৰ্টিফিকেট (এন অ’ চি) প্ৰদান নকৰাৰ দৰে সিদ্ধান্তবোৰ কাৰ্যকৰী হ’ল হেঁতেন ।

শলঠেকত পাকিস্তান-

আইচিচিৰ এই স্থিতিয়ে পাকিস্তানক শলঠেকত পেলালে  আৰু ঠিক পিছদিনাই ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে । ছলমান আঘাৰ অধিনায়কত্বত ২০২৬ চনৰ টি-২০ বিশ্বকাপ খেলিব পাকিস্তানে । বাবৰ আজম দললৈ ঘূৰি অহাৰ বিপৰীতে বেগী বলাৰ হেৰিছ ৰাউফক বাদ দিয়া হৈছে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান