অৰিজিত সিঙৰ কণ্ঠত ‘অৱসৰ’ৰ সুৰ : ছচিয়েল মিডিয়াত ভাইৰেল অনুৰাগী বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া

অৰিজিত সিঙৰ কণ্ঠত ‘অৱসৰ’ৰ সুৰ : ছচিয়েল মিডিয়াত ভাইৰেল অনুৰাগী বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া

অৰিজিত অবিহনে আধৰুৱা সংগীত ? প্লেবেকৰ পৰা অৱসৰৰ ইংগিত গায়কৰ, স্তম্ভিত আটাইতকৈ ডাঙৰ অনুৰাগী বিৰাট কোহলী । বলীউডৰ কণ্ঠশিল্পী অৰিজিত সিঙে মঙলবাৰে প্লেবেক ছিংগিংঙৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । তেওঁ অৱসৰৰ কথা ঘোষণা কৰি ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, যিয়ে অনুৰাগীসকলক স্তম্ভিত কৰি

অৰিজিত অবিহনে আধৰুৱা সংগীত ? প্লেবেকৰ পৰা অৱসৰৰ ইংগিত গায়কৰ, স্তম্ভিত আটাইতকৈ ডাঙৰ অনুৰাগী বিৰাট কোহলী ।

বলীউডৰ কণ্ঠশিল্পী অৰিজিত সিঙে মঙলবাৰে প্লেবেক ছিংগিংঙৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । তেওঁ অৱসৰৰ কথা ঘোষণা কৰি ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, যিয়ে অনুৰাগীসকলক স্তম্ভিত কৰি তোলে । ইতিমধ্যে অৰিজিতৰ অৱসৰৰ ঘোষণাৰ পিছতে লক্ষ লক্ষ অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ মাজতে কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

তেওঁৰ প্ৰতিক্ৰিয়াত কোহলীয়ে নিজকে অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী বুলি অভিহিত কৰিছে । ভাৰতকে ধৰি বিশ্বজুৰি অৰিজিত সিং জনপ্ৰিয় । গতিকে, অৰিজিতৰ অৱসৰ সন্দৰ্ভত বিৰাট কোহলীয়ে কি ক’লে জানক ।

“মই হয়তো অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী”

উল্লেখ্য যে, বিৰাট কোহলীৰ ভাইৰেল হোৱা এই প্ৰতিক্ৰিয়া ২০১৬ চনৰে । নিজকে অৰিজিতৰ আটাইতকৈ ডাঙৰ অনুৰাগী বুলি অভিহিত কিং কোহলীয়ে ইনষ্টাগ্ৰামত লিখিছে, “মই হয়তো অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী । তেওঁৰ প্ৰতিভা আৰু আত্মাস্পৰ্শী কণ্ঠই মোক মন্ত্ৰমুগ্ধ কৰি তোলে । সঁচা কথা ক’বলৈ গ’লে মই শব্দৰে এই অনুভূতি প্ৰকাশ কৰিব নোৱাৰিম ।”

পোষ্টত কি লিখিলে অৰিজিত সিঙে ?

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অৰিজিৎ সিঙে লিখিছে, “নমস্কাৰ, সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল । বছৰ বছৰ ধৰি মোক ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ । মই ঘোষণা কৰি সুখী যে মই আৰু প্লেবেক ছিংগিং হিচাপে কোনো এচাইনমেণ্ট নলওঁ । মই ইয়াৰ অন্ত পেলাইছো । এয়া এক বহুত সুন্দৰ যাত্ৰা আছিল ।”

লগতে পঢ়ক : মৰ্মাহত অনুৰাগী : চিনেমাৰ পৰ্দাত আৰু শুনা নাযাব নেকি অনুভৱী কণ্ঠৰ যাদু ?

শেহতীয়া প্ৰৱন্ধসমূহ