অৰিজিত সিঙৰ কণ্ঠত ‘অৱসৰ’ৰ সুৰ : ছচিয়েল মিডিয়াত ভাইৰেল অনুৰাগী বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া

অৰিজিত অবিহনে আধৰুৱা সংগীত ? প্লেবেকৰ পৰা অৱসৰৰ ইংগিত গায়কৰ, স্তম্ভিত আটাইতকৈ ডাঙৰ অনুৰাগী বিৰাট কোহলী ।

বলীউডৰ কণ্ঠশিল্পী অৰিজিত সিঙে মঙলবাৰে প্লেবেক ছিংগিংঙৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । তেওঁ অৱসৰৰ কথা ঘোষণা কৰি ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, যিয়ে অনুৰাগীসকলক স্তম্ভিত কৰি তোলে । ইতিমধ্যে অৰিজিতৰ অৱসৰৰ ঘোষণাৰ পিছতে লক্ষ লক্ষ অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইয়াৰ মাজতে কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ প্ৰতিক্ৰিয়া ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।

তেওঁৰ প্ৰতিক্ৰিয়াত কোহলীয়ে নিজকে অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী বুলি অভিহিত কৰিছে । ভাৰতকে ধৰি বিশ্বজুৰি অৰিজিত সিং জনপ্ৰিয় । গতিকে, অৰিজিতৰ অৱসৰ সন্দৰ্ভত বিৰাট কোহলীয়ে কি ক’লে জানক ।

“মই হয়তো অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী”

উল্লেখ্য যে, বিৰাট কোহলীৰ ভাইৰেল হোৱা এই প্ৰতিক্ৰিয়া ২০১৬ চনৰে । নিজকে অৰিজিতৰ আটাইতকৈ ডাঙৰ অনুৰাগী বুলি অভিহিত কিং কোহলীয়ে ইনষ্টাগ্ৰামত লিখিছে, “মই হয়তো অৰিজিত সিঙৰ আটাইতকৈ ডাঙৰ অনুৰাগী । তেওঁৰ প্ৰতিভা আৰু আত্মাস্পৰ্শী কণ্ঠই মোক মন্ত্ৰমুগ্ধ কৰি তোলে । সঁচা কথা ক’বলৈ গ’লে মই শব্দৰে এই অনুভূতি প্ৰকাশ কৰিব নোৱাৰিম ।”

পোষ্টত কি লিখিলে অৰিজিত সিঙে ?

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অৰিজিৎ সিঙে লিখিছে, “নমস্কাৰ, সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল । বছৰ বছৰ ধৰি মোক ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ । মই ঘোষণা কৰি সুখী যে মই আৰু প্লেবেক ছিংগিং হিচাপে কোনো এচাইনমেণ্ট নলওঁ । মই ইয়াৰ অন্ত পেলাইছো । এয়া এক বহুত সুন্দৰ যাত্ৰা আছিল ।”

লগতে পঢ়ক : মৰ্মাহত অনুৰাগী : চিনেমাৰ পৰ্দাত আৰু শুনা নাযাব নেকি অনুভৱী কণ্ঠৰ যাদু ?

মৰ্মাহত অনুৰাগী : চিনেমাৰ পৰ্দাত আৰু শুনা নাযাব নেকি অনুভৱী কণ্ঠৰ যাদু ?

আৰু চিনেমাত গান নাগায় অৰিজিত সিঙে । কোটি কোটি অনুৰাগীৰ বাবে হিয়াভঙা খবৰ…

অনুৰাগীক হতভম্ভ কৰি হঠাতে এক বিশেষ ঘোষণা কৰিছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী, সুৰীয়া কণ্ঠৰ অধিকাৰী শিল্পী অৰিজিত সিঙে । তেওঁৰ এই ঘোষণাই এতিয়া আবেগিক তথা আচৰিত কৰি তুলিছে লক্ষ লক্ষ অনুৰাগীক ।

বলীউডৰ অন্যতম জনপ্ৰিয় আৰু সফল কণ্ঠশিল্পী অৰিজিত সিঙে বছৰৰ প্ৰথম মাহতে এই ঘোষণা কৰি অনুৰাগীক আৱেগিক কৰি তুলিছে । ছ’চিয়েল মিডিয়াত এটা পোষ্টত কণ্ঠশিল্পীগৰাকীয়ে ঘোষণা কৰে যে তেওঁ আৰু প্লেবেক গায়ক হিচাপে নতুন এচাইনমেণ্ট নলয় । অৰ্থাৎ আৰু চিমেনাত গান নাগায় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ।

অৰিজিত সিঙৰ পোষ্ট-

অৰিজিৎ সিঙে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “নমস্কাৰ, আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল । বছৰ বছৰ ধৰি আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো । ঘোষণা কৰি সুখী যে মই আৰু প্লেবেক কণ্ঠশিল্পী হিচাপে কোনো নতুন কাম গ্ৰহণ নকৰো । মই ইয়াতেই শেষ কৰিছো । ই এক সুন্দৰ যাত্ৰা আছিল ।” অৰিজিতৰ এই পোষ্টটো ভাইৰেল হোৱাৰ লগে লগে সংগীত জগত আৰু অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি হৈছে ।

ৰিয়েলিটি শ্ব’ৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা-

অৰিজিত সিঙক আজি ভাৰতীয় সংগীত জগতৰ অন্যতম ডাঙৰ তাৰকা কণ্ঠশিল্পী হিচাপে গণ্য কৰা হয় । তেওঁৰ কণ্ঠই কেৱল ৰোমান্টিক গীতৰ পৰিচয় হৈ পৰাই নহয়, দুখ, চুফী, দেশপ্ৰেমমূলক গীততো তেওঁ নিজৰ নাম উজলাইছে ।

“আশিকী ২” ছবিৰ “তুম হি হো” গীতটো অৰিজিতৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয় । হিন্দী, বাংলা, তামিল, তেলেগু, মাৰাঠী আৰু কানাড়া ভাষাত গীত গোৱাৰ লগতে ৩০০ৰো অধিক ছবিত কণ্ঠদান কৰিছে তেওঁ ।

অৰিজিতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে । স্পটিফাই, ইউটিউব আৰু অন্যান্য সংগীত প্লেটফৰ্মত বিশ্বৰ ভিতৰতে সৰ্বাধিক গীত শুনা ভাৰতীয় শিল্পীসকলৰ ভিতৰত তেওঁ অন্যতম ।

সংগ্ৰামেৰে ভৰা অৰিজিত সিঙৰ যাত্ৰা-

সংগীত জগতত অৰিজিত সিঙৰ যাত্ৰা সহজ নাছিল । তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৰিয়েলিটি শ্ব’ “ফেম গুৰুকুল”ৰ জৰিয়তে । কিন্তু এই শ্বত তেওঁ জয়ী হোৱাত ব্যৰ্থ হয় । ইয়াৰ পিছত তেওঁ উদ্যোগটোত নিজকে প্ৰতিষ্ঠা কৰিবলৈ বহু সময় সংগ্ৰাম কৰিছিল । কিন্তু কঠোৰ পৰিশ্ৰম আৰু নিজৰ অনন্য প্ৰতিভাৰ জৰিয়তে তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয় । তেওঁৰ কণ্ঠৰ এটা গীত প্ৰতিখন ছবিতে অপৰিহাৰ্য বুলি বিবেচিত হৈছিল ।

আজি তেওঁ লাখ লাখ হৃদয়ৰ হৃদস্পন্দন । তেওঁৰ কণ্ঠ শুনিবলৈ সকলোৱে হাহাকাৰ কৰে । এনে পৰিস্থিতিত তেওঁ নতুন প্ৰজেক্ট ল’বলৈ অস্বীকাৰ কৰাটোৱে তেওঁৰ অৱসৰৰ ইংগিত দিছে । এই খবৰত অনুৰাগী স্তম্ভিত হৈ পৰিছে ।

লগতে পঢ়ক : এতিয়া ঘৰতে বহি চাব পাৰিব ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ’ ! কেতিয়া আৰু ক’ত চাব পাৰিব জানক সবিশেষ…