ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৰ পদত্যাগ

সোমবাৰে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী চেবাষ্টিয়ান লেকৰ্ণুৱে পদত্যাগ কৰে । কাৰ্যকালৰ এমাহ সম্পূৰ্ণ নহওতেই পদৰ পৰা পদত্যাগ কৰে লেকৰ্ণুৱে । ইয়াৰ লগে লগে তেওঁ ১৯৫৮ চনৰ পিছত ফ্ৰান্সৰ আটাইতকৈ কম সময়ৰ বাবে কাৰ্যকালত থকা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ।

ইফালে নিযুক্তিৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগে ৰাষ্ট্ৰখনৰ ৰাজনীতিত গভীৰ সংকটৰ ইংগিত দিছে । ৯ ছেপ্টেম্বৰত লেকৰ্ণুক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । মন্ত্ৰীসভা ঘোষণাৰ ঠিক পিছতেই লেকৰ্ণুৱে নিজৰ দল আৰু বিৰোধী শিবিৰৰ সমালোচনাৰ সন্মুখীন হৈছিল । দৰাচলতে লেকৰ্ণুৰ মন্ত্ৰীসভাৰ ১৮টা নামৰ ভিতৰত ১২টা নাম আছিল পূৰ্বৰ চৰকাৰৰ অংশ হোৱা নেতাৰ, তাৰ পিছত লেকৰ্ণুৰ সমালোচনা আৰম্ভ হৈছিল । মঙলবাৰে লেকৰ্ণুৱে নিজৰ চৰকাৰৰ ৰোডমেপ দাখিল কৰিবলৈ ৰাষ্ট্ৰীয় সংসদত ভাষণ দিয়াৰ কথা আছিল যদিও তাৰ পূৰ্বে তেওঁ পদত্যাগ কৰে ।

লেকৰ্ণুৰ পদত্যাগে ফ্ৰান্সৰ ৰাজনৈতিক সংকট গভীৰ কৰাৰ লগতে ৰাষ্ট্ৰপতি মেক্ৰনৰ ওপৰতো হেঁচা বৃদ্ধি কৰিছে । মেক্ৰনে এতিয়ালৈকে তিনিখন ব্যৰ্থ চৰকাৰৰ নেতৃত্ব দিছে । ফ্ৰান্সৰ ক্ৰমবৰ্ধমান ঘাটি হ্ৰাস কৰিবলৈ সংসদত সুষম বাজেট গৃহীত কৰাৰ ৰাজনৈতিকভাৱে প্ৰত্যাহ্বানজনক কাম লেকৰ্ণুক দিয়া হৈছিল । ২০২৪ চনত ফ্ৰান্সৰ ঘাটি আছিল জিডিপিৰ ৫.৮% আৰু ঋণ ১১৩% । এয়া ইউৰোপীয় সংঘৰ নিয়মতকৈ বহু বেছি, যিয়ে ঘাটি ৩ শতাংশলৈ সীমিত ৰাখে ।

লগতে পঢ়ক : ‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

নেপালৰ পিছত এইবাৰ ফ্ৰান্সৰ ৰাজপথত বিদ্ৰোহ; ৰাষ্ট্ৰপতি মেক্ৰনৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ

ৰাষ্ট্ৰপতি মেক্ৰনৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ

নেপালৰ পিছত এতিয়া ফ্ৰান্সৰ ৰাজপথত ভয়ংকৰ প্ৰতিবাদ আৰম্ভ হৈছে।ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ লোক।

ক্ষুব্ধ ৰাইজে ৰাজহুৱা সম্পত্তিত অগ্নিসংযোগ কৰাৰ লগতে ধ্বংস কৰাৰো আৰম্ভ কৰিছে।ফ্ৰান্সত এই হিংসা তেতিয়া বিয়পি পৰিছিল যেতিয়া মেক্ৰনে দেশৰ নতুন প্ৰধানমন্ত্ৰী ঘোষণা কৰিছিল।ইয়াৰ ফলত এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়।

ফ্ৰান্সৰ আভ্যন্তৰীণ মন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে হোৱা এই প্ৰতিবাদৰ প্ৰথম কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ২০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰতিবাদকাৰীয়ে বুধবাৰে পেৰিছ আৰু ফ্ৰান্সৰ অন্যান্য অঞ্চলত পথ অৱৰোধ কৰাৰ লগতে অগ্নিসংযোগ কৰে।আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰে।

তেওঁলোকে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল।যাতে তেওঁ নিযুক্তি দিয়া নতুন প্ৰধানমন্ত্ৰীক “জুইৰ উপহাৰ” দিব পাৰে।

ফ্ৰান্সৰ ৰাজপথত কমেও ৮০ হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।ইয়াৰ পিছতো আন্দোলনে এক ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰথমে এই আন্দোলনটো অনলাইনযোগে আৰম্ভ হৈছিল আৰু দ্ৰুতগতিত বিয়পি পৰিছিল।

ইয়াৰ ফলত সমগ্ৰ দেশতে ব্যাপক বিশৃংখলতাৰ সৃষ্টি হয় আৰু ৮০ হাজাৰ আৰক্ষীৰ অসাধাৰণ নিয়োগক প্ৰত্যাহ্বান জনায়।কেইবাঠাইতো ৰাইজে বেৰিকেড আঁতৰাই পেলায়। ইয়াৰ পিছতে আৰক্ষীয়ে ২০০ লোকক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: প্ৰতিবাদত উত্তাল নেপালত ভয়াৱহ পৰিস্থিতি… প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

ৰাজহুৱা স্থানত চিগাৰেট খোৱাটো হ’ব ব্যয়বহুল; ধূমপান কৰাক লৈ জাৰি নিষেধাজ্ঞা

ধূমপান কৰাক লৈ জাৰি নিষেধাজ্ঞা

ফ্ৰান্সে এটা ডাঙৰ পদক্ষেপ লৈ উদ্যান, বিদ্যালয়, বিল আৰু অন্যান্য ৰাজহুৱা স্থানত ধূমপানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

ফ্ৰান্সত ৰাজহুৱা স্থানত ধূমপান কৰাটো আৰু বিপদমুক্ত নহ’ব আৰু তেনে কৰি ধৰা পৰিলে সকলোকে শাস্তি দিয়া হ’ব।

এই নিষেধাজ্ঞাৰ বিষয়ে তথ্য দি ফ্ৰান্সৰ স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰী কেথেৰিন ভ’ট্ৰিনে এই কথা কয় ফ্ৰান্সত শিশুৰ সঘনাই অহা-যোৱা কৰা ৰাজহুৱা স্থানত চিগাৰেট খোৱাটো নিষিদ্ধ কৰা হৈছে।

মন্ত্ৰী কেথেৰিন ভ’ট্ৰিনে কয় যে ১ জুলাইৰ পৰা ধুম্ৰ্পান নিষেধাজ্ঞা কাৰ্যকৰী হ’ব।এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ পিছত বিল, পাৰ্ক, বাহিৰৰ বিদ্যালয়, বাছ ষ্টপ আৰু ক্ৰীড়া স্থানত চিগাৰেট খোৱাৰ শাস্তি থাকিব।

তেওঁ কয় যে এই নিষেধাজ্ঞা বলবৎ কৰাৰ বাবে আৰক্ষী দায়বদ্ধ হ’ব।মন্ত্ৰীগৰাকীয়ে এই স্থানসমূহত চিগাৰেট খোৱাৰ ওপৰত নিষেধাজ্ঞাৰ নিয়ম মানুহে নিজেই মানি চলিব বুলি আশা প্ৰকাশ কৰে।অৱশ্যে কেফে আৰু বাৰৰ বাহিৰৰ অঞ্চলত ধূমপানৰ অনুমতি থাকিব।

ফ্ৰান্সৰ এখন স্থানীয় বাতৰি কাকতৰ সৈতে হোৱা কথা-বতৰাত ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে কয় যে ‘শিশু থকা ঠাইৰ পৰা ধঁপাত সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগে।

ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে কয় যে ‘শিশু থকা ঠাইৰ পৰা ধঁপাত সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগে । শিশুৱে বিশুদ্ধ বতাহ উশাহ লোৱাৰ কথা আহিলে চিগাৰেট কৰাৰ স্বাধীনতাৰ অন্ত পৰিব ।’

এই নিষেধাজ্ঞাৰ কথা কওঁতে ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে কয় যে যদি কোনোবাই ধূমপান নিষেধাজ্ঞাৰ নিয়ম উলংঘা কৰে তেন্তে তেওঁক ১৫৩ ডলাৰ (১৩ হাজাৰ টকা) জৰিমনা বিহা হ’ব।

লগতে পঢ়ক: বলীউডত প্ৰৱেশ অনন্যা পাণ্ডেৰ ভাতৃ আহানৰ; মুকলি হ’ল টিজাৰ

ফ্ৰান্সৰ পৰা ভাৰতৰ শক্তি প্ৰত্যক্ষ কৰিলে সমগ্ৰ বিশ্বই; এডাল কাড়েৰে কেইবাটাও লক্ষ্য প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সোমবাৰে তিনিদিনীয়া ভ্ৰমণৰ বাবে ফ্ৰান্সত উপস্থিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আন্তৰিকতাৰে আদৰণি জনাইছিল যেতিয়া তেওঁ এলিজ পেলেচত নৈশ ভোজনৰ বাবে পেৰিছত উপস্থিত হৈছিল।

স্থানীয় সময় অনুসৰি সন্ধিয়া মোদীয়ে ৰাষ্ট্ৰপতি মেক্ৰ’নৰ দ্বাৰা চৰকাৰৰ মুৰব্বী আৰু ৰাষ্ট্ৰপ্ৰধানসকলৰ সন্মানত এলিচি পেলেচত আয়োজিত এক নৈশ ভোজত অংশগ্ৰহণ কৰে।

প্ৰযুক্তি খণ্ডৰ বহুতো মুখ্য কাৰ্যবাহী বিষয়া আৰু সন্মিলনলৈ আমন্ত্ৰণ জনোৱা আন কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই নৈশ ভোজত অংশগ্ৰহণ কৰিছিল।

মোদীৰ আগমনৰ পিছত, মেক্ৰ’নে তেওঁক আদৰণি জনায় আৰু আলোচনা আৰম্ভ কৰাৰ পূৰ্বে, দুয়োগৰাকী নেতাই ইজনে সিজনৰ সৈতে মুকলি বাৰ্তালাপ কৰে।

তেওঁলোকৰ বৈঠকত ভাৰত আৰু ফ্ৰান্সৰ মাজত শক্তিশালী সম্পৰ্ক প্ৰতিফলিত হয়।  এই বৈঠকত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা আশা কৰা হৈছে।

এই ভ্ৰমণৰ প্ৰতি উৎসাহ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত পোষ্ট কৰি কয়, “পেৰিছত মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক লগ পাই আনন্দিত হৈছো”।

ইফালে, মেক্ৰ’নৰ নৈশ ভোজৰ বাবে বিশিষ্ট ব্যক্তিসকলৰ আগমন হৈছে, যাৰ ভিতৰত আছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে.ডি. ভেন্স।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী কাৰ্যালয়ে এক্সত লিখিছিল যে প্ৰধানমন্ত্ৰী মোডীয়ে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ সৈতে বাৰ্তালাপ কৰিছিল।

ইয়াৰ পূৰ্বে, বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ‘এক্স’ সন্দৰ্ভত এক পোষ্টত কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পেৰিছত উপস্থিত হৈছে, য’ত তেওঁক বিশেষ আদৰণি জনোৱা হৈছিল।

ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী চেবাষ্টিয়েন লেকৰ্ণুৱে বিমানবন্দৰত তেওঁলোকক উষ্ম আদৰণি জনাইছিল। সশস্ত্ৰ বাহিনীৰ মন্ত্ৰীজনে মোডীক ফ্ৰান্সলৈ স্বাগতম জনাই ‘এক্স’ত পোষ্ট কৰিছিল।

মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মেক্ৰ’নৰ সৈতে ‘এআই একচন ছামিট’ৰ সহ-সভাপতিত্ব কৰিব।ফ্ৰান্সলৈ ৰাওনা হোৱাৰ পূৰ্বে মোদীয়ে তেওঁৰ বিবৃতিত কয়, “মই এআই একচন ছামিটৰ সহ-সভাপতিত্ব কৰিবলৈ আগ্ৰহী, যি হৈছে বিশ্বৰ নেতা আৰু গোলকীয় প্ৰযুক্তিৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ এখন সন্মিলন।

“য’ত আমি সামগ্ৰিক, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য উদ্ভাৱন আৰু বিস্তৃত ৰাজহুৱা কল্যাণৰ বাবে এআই প্ৰযুক্তিৰ প্ৰতি সহযোগিতামূলক দৃষ্টিভংগীৰ ওপৰত চিন্তা-ভাবনা ভাগ বতৰা কৰিম”।মোদী আৰু মেক্ৰ’নে প্ৰতিনিধি পৰ্যায়ৰ আলোচনা কৰিব।  

অহা ১২ ফেব্ৰুৱাৰীলৈকে ফ্ৰান্সত কটোৱাৰ পিছত আমেৰিকালৈ ৰাওনা হ’ব মোদী। দুয়োখন দেশৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে উভয় দেশৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা আৰু বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাক লৈও বৈঠকত মিলিত হ’ব।

৬০ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে…মাত্ৰ ৩ মাহৰ ভিতৰতে পতন ঘটিল  দেশৰ চৰকাৰ

বুধবাৰে (৪ ডিচেম্বৰ) ফ্ৰান্সৰ ৰাজনৈতিক ইতিহাসত এক বৃহৎ পৰিৱৰ্তন ঘটে । এই গুৰুত্বপূৰ্ণ পৰিঘটনাত বিৰোধী সাংসদে দেশখনৰ মিচেল বাৰ্নিয়াৰৰ চৰকাৰক উফৰাই দিয়ে । বাৰ্নিয়াৰ চৰকাৰে সংসদত অনাস্থা প্ৰস্তাৱ হেৰুৱাই । বিগত ৬০ বছৰৰ ভিতৰত এইবাৰ এনেদৰে কোনো চৰকাৰক দেশখনৰ ক্ষমতাৰ পৰা অপসাৰণ কৰা হৈছে ।

বাওঁপন্থী দ্য নিউ পপুলাৰ ফ্ৰণ্ট (এন এফ পি) মিত্ৰজোঁটে উত্থাপন কৰা এই অনাস্থা প্ৰস্তাৱৰ সপক্ষে ৩৩১ জন সাংসদে ভোটদান কৰে, আনহাতে চৰকাৰক উফৰাই পেলাবলৈ মাত্ৰ ২৮৮ টা ভোটৰ প্ৰয়োজন আছিল । উল্লেখ্য যে, বাৰ্নিয়েৰ চৰকাৰ মাত্ৰ তিনিমাহহে ক্ষমতাত আছিল । এতিয়া মিচেল বাৰ্নিয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব লাগিব ।

বাৰ্নিয়াৰ চৰকাৰ সংখ্যাগৰিষ্ঠতা নাছিল-

জুলাই মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে । ৰাষ্ট্ৰপতি মেক্ৰনে ছেপ্টেম্বৰ মাহত মিচেল বাৰ্নিয়াৰৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল । ৭৩ বছৰীয়া বাৰ্নিয়াৰে সংখ্যাগৰিষ্ঠতা নথকা সত্ত্বেও মিত্ৰতাৰে চৰকাৰ চলাবলৈ চেষ্টা কৰিছিল ।

কিয় চৰকাৰৰ বিৰোধিতা কৰিলে সাংসদসকলে ?

বাৰ্নিয়াৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ মূল কাৰণ আছিল শেহতীয়াকৈ দাখিল কৰা সামাজিক সুৰক্ষাৰ বাজেট । এই বাজেটত কৰ বৃদ্ধি আৰু খৰচ কৰ্তনৰ সিদ্ধান্ত লোৱা হৈছিল, যাৰ তীব্ৰ বিৰোধিতা কৰিছিল বাওঁ আৰু সোঁপন্থীয়ে । সংসদৰ ভোটদান অবিহনে চৰকাৰে এই বাজেট গৃহীত কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত পৰিস্থিতি অধিক উত্তেজিত হৈ পৰে । ইয়াৰ পিছত বিৰোধী দলসমূহে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ ঘোষণা কৰে, যাৰ বাবে অৱশেষত বাৰ্নিয়েৰ চৰকাৰে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

মেক্ৰনৰ কৌশলক লৈ উত্থাপিত প্ৰশ্ন-

তিনিমাহৰ ভিতৰত ফ্ৰান্সৰ ক্ষমতাৰ পৰা মিচেল বাৰ্নিয়াৰ চৰকাৰক উৎখাত কৰিলে ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পাব পাৰে । বৰ্তমান সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰপতি মেক্ৰনৰ কৌশলক লৈ প্ৰশ্ন উত্থাপন হৈছে ।