প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়া অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে । কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে ।
সংসদৰ চলিত বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰা লোকসভাত সৃষ্টি হৈছে তীব্ৰ হুলস্থূলীয়া পৰিস্থিতিৰ । প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়া অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে । কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰিছে । এই জাননীখন লোকসভা সচিবালয় আৰু লোকসভাৰ মহাসচিবলৈ দাখিল কৰিছে দলসমূহে ।
জানিব পৰা মতে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনাৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক কথা ক’বলৈ নিদিয়াটোৱেই বিৰোধীয়ে অনাস্থা প্ৰস্তাৱৰ ভিত্তি হিচাপে উল্লেখ কৰিছে । লোকসভাৰ অধ্যক্ষৰ বিৰুদ্ধে এই অনাস্থা প্ৰস্তাৱ ৯৪চি অনুচ্ছেদৰ অধীনত দাখিল কৰা হৈছে ।
লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে এই অনাস্থা প্ৰস্তাৱ নিশ্চিত কৰে । তেওঁ উল্লেখ কৰে যে মুঠ ১১৯ জন সাংসদে এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছে । দিনৰ ১:১৪ বজাত লোকসভাৰ মহাসচিবক এই জাননী দাখিল কৰা হয় । বিৰোধীয়ে লোকসভা সচিবালয়ত অনাস্থা প্রস্তাৱৰ জাননী দাখিল কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই সদনৰ কাম-কাজৰ অধ্যক্ষতা কৰিব নোৱাৰিব ৷
ইফালে লোকসভাত চলি থকা অচলাৱস্থা সমাধানৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হয় । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে অধ্যক্ষৰ কক্ষত অনুষ্ঠিত বৈঠকত দুপৰীয়া ২ বজাৰ পৰা সদন পুনৰ আহ্বান কৰাৰ বাবে সিদ্ধান্ত হয় ।
লগতে পঢ়ক : মহাৰাষ্ট্ৰ জিলা পৰিষদ নিৰ্বাচনত মহাযুতিৰ আধিপত্য; ৭৩১খন আসনৰ ভিতৰত ৫৫২খন দখল









