অধ্যক্ষলৈ কাগজ নিক্ষেপ, উত্তপ্ত পৰিস্থিতিৰ মাজতে ৮ বিৰোধী সাংসদক নিলম্বন

অধ্যক্ষলৈ কাগজ নিক্ষেপ, উত্তপ্ত পৰিস্থিতিৰ মাজতে ৮ বিৰোধী সাংসদক নিলম্বন

লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ ফালে কাগজ নিক্ষেপ কৰে । লগে লগে সংশ্লিষ্ট সাংসদসকলক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয় । মঙলবাৰে সংসদৰ কাৰ্যবিধিৰ সময়ত সদনত মৰ্যাদা ভংগৰ এক ঘটনা পোহৰলৈ আহে । লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ

লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ ফালে কাগজ নিক্ষেপ কৰে । লগে লগে সংশ্লিষ্ট সাংসদসকলক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয় ।

মঙলবাৰে সংসদৰ কাৰ্যবিধিৰ সময়ত সদনত মৰ্যাদা ভংগৰ এক ঘটনা পোহৰলৈ আহে । লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনৰ ফালে কাগজ নিক্ষেপ কৰে । লগে লগে এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি সংশ্লিষ্ট সাংসদসকলক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয় । আঠজন সাংসদৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় । তীব্ৰ কোলাহল আৰু প্ৰতিবাদৰ বাবে কেইবাবাৰো সদনৰ কাৰ্যবিধি বন্ধ কৰিবলগীয়া হয় । কাইলৈ ​​অৰ্থাৎ বুধবাৰলৈ স্থগিত ৰখা হৈছে কাৰ্যবিধি ।

বিয়লি ৩ বজাত চতুৰ্থবাৰৰ বাবে লোকসভা পুনৰ আৰম্ভ হোৱাত অধ্যক্ষৰ ওপৰত কাগজ নিক্ষেপ কৰা সদস্যসকলৰ নাম লিপিবদ্ধ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰে অধ্যক্ষই । ইয়াৰ পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এনে সাংসদক নিলম্বন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । সদনে ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱত অনুমোদন জনায় । ইয়াৰ পিছতো হুলস্থুলীয়া পৰিৱেশৰ অন্ত পৰা নাছিল ।

কোন কোন সাংসদক নিলম্বিত কৰা হয় ?

-ডিন কুৰিয়াকোছে

-কিৰণ ৰেড্ডী

-অমৰিন্দৰ সিং ৰাজা ৱাৰিদ

-মানিকম ঠাকুৰ

-গুৰজীত আউজলা

-হিবি ইডেন

-ভেংকট ৰমন

-প্ৰশান্ত পাডোলে

ইয়াৰ পিছতে বিৰোধী দলপতি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সদস্যসকলে সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি দলৰ সদস্যসকলক লোকসভাৰ পৰা নিলম্বন কৰাৰ বিৰোধিতা কৰে । মঙলবাৰে বিয়লিৰ পৰাই সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক : নিৰ্বাচনী বিজয়তে সন্তুষ্ট নহ’বলৈ সাংসদক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য