"আমি এতিয়া ৰিফৰ্ম এক্সপ্ৰেছত আছো…", বাজেটৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

“আমি এতিয়া ৰিফৰ্ম এক্সপ্ৰেছত আছো…”, অৰ্থনৈতিক সমীক্ষাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱন কমপ্লেক্সত সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ বাজেটৰ পূৰ্বে এক ইংগিতপূৰ্ণ মন্তব্য কৰে । আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন । ২৮ জানুৱাৰী বুধবাৰে কেন্দ্ৰীয় প্ৰেক্ষাগৃহত দুয়োখন সদনক যৌথভাৱে সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী

অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱন কমপ্লেক্সত সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ বাজেটৰ পূৰ্বে এক ইংগিতপূৰ্ণ মন্তব্য কৰে ।

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন । ২৮ জানুৱাৰী বুধবাৰে কেন্দ্ৰীয় প্ৰেক্ষাগৃহত দুয়োখন সদনক যৌথভাৱে সম্বোধন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদ ভৱন কমপ্লেক্সত সংবাদ মাধ্যমক সম্বোধন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰৰ পৰিচয় হৈছে সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ । এতিয়া আমি ৰিফৰ্ম এক্সপ্ৰেছত আছো ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ আগত যি আশা প্ৰকাশ কৰিছিল, সেই আশা সাংসদসকলে গুৰুত্বসহকাৰে ল’ব বুলি মই নিশ্চিত । তেওঁ লগতে কয়, “এই অধিবেশন অতি গুৰুত্বপূৰ্ণ । একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গ’ল । এয়া দ্বিতীয় ত্ৰৈমাসিকৰ আৰম্ভণি । ‘২০৪৭ বিকশিত ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ আৰম্ভ হৈছে ।”

উল্লেখ্য যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত ভাৰতৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰিব । অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনীতিৰ বিস্তৃত মূল্যায়ন দাঙি ধৰা হয় আৰু বাজেট দাখিলৰ পূৰ্বে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰা হয় ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত লোকসভাত ২০২৬ চনৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব । এইখন তেওঁৰ একেৰাহে নৱম বাজেট হ’ব আৰু বিশ্বৰ অনিশ্চয়তাৰ মাজত অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ বাবে সংস্কাৰৰ ব্যৱস্থাও এই বাজেটত অন্তৰ্ভুক্ত হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : কিমান শক্তিশালী ভাৰতীয় অৰ্থনীতি ? আজি দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন