আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

নিশা ৮.৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত ৰাষ্ট্ৰক সম্বোধন কৰিব শনিবাৰে নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । নিশা ৮.৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত ৰাষ্ট্ৰক সম্বোধন কৰিব । এই সম্বোধনত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সংৰক্ষণকে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো চৰ্চা কৰাৰ সম্ভাৱনা আছে । এই এতিয়া

নিশা ৮.৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত ৰাষ্ট্ৰক সম্বোধন কৰিব

শনিবাৰে নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । নিশা ৮.৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত ৰাষ্ট্ৰক সম্বোধন কৰিব । এই সম্বোধনত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সংৰক্ষণকে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো চৰ্চা কৰাৰ সম্ভাৱনা আছে । এই এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি প্ৰধানমন্ত্ৰীৰ এই সম্বোধনৰ ওপৰত নিবদ্ধ হৈ আছে ।

উল্লেখ্য য়ে, শুকুৰবাৰে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাৰ পিছতে দলসমূহৰ মাজত ৰাজনৈতিক বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে । এনে সময়তে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰিব । এই সম্বোধন টেলিভিছন আৰু ডিজিটেল প্লেটফৰ্মত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । সকলোৰে দৃষ্টি এতিয়া আজি নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণৰ ওপৰত আছে । এই বিষয়ত চৰকাৰৰ স্থিতি আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে তেওঁ ৰাষ্ট্ৰক অৱগত কৰিব বুলি আশা কৰা হৈছে ।

শেহতীয়াকৈ সংখ্যাগৰিষ্ঠতাৰ অভাৱত মহিলা সংৰক্ষণ বিধেয়ক সংসদত গৃহীত কৰাত ব্যৰ্থ হয় বিজেপি চৰকাৰ । এই বিষয়টোক লৈ ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে । শাসকীয় দল আৰু বিৰোধীয়ে এই বিষয়ক লৈ ইজনে সিজনক দোষাৰোপ কৰিছে । বিজেপিয়ে দাবী কৰিছে যে বিৰোধীয়ে এই ঐতিহাসিক সুযোগ স্তব্ধ কৰিবলৈ চেষ্টা কৰিছিল, আনহাতে বিৰোধীয়ে ইয়াক সীমা নিৰ্ধাৰণৰ সৈতে সংযোগ কৰাত আপত্তি কৰিছে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২১ ছেপ্টেম্বৰত, সন্ধিয়া ৫ বজাত দেশবাসীক সম্বোধন কৰিছিল ।

লগতে পঢ়ক : “বিৰোধীয়ে ডাঙৰ ভুল কৰিলে,ইয়াৰ পৰিণাম ভূগিব লাগিব”;মহিলা সংৰক্ষণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া