“বিৰোধীয়ে ডাঙৰ ভুল কৰিলে,ইয়াৰ পৰিণাম ভূগিব লাগিব”; মহিলা সংৰক্ষণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

“বিৰোধীয়ে ডাঙৰ ভুল কৰিলে,ইয়াৰ পৰিণাম ভূগিব লাগিব”;মহিলা সংৰক্ষণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

সংসদ ভৱনত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংৰক্ষণ সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত নোহোৱাত হতাশা প্ৰকাশ কৰিছে। মহিলা সংৰক্ষণ বিধেয়কক লৈ সংসদত চলি থকা ৰাজনৈতিক সংঘাতৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকৰ সময়ত বিৰোধী পক্ষৰ ওপৰত তীব্ৰ আক্ৰমণ

সংসদ ভৱনত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংৰক্ষণ সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত নোহোৱাত হতাশা প্ৰকাশ কৰিছে।

মহিলা সংৰক্ষণ বিধেয়কক লৈ সংসদত চলি থকা ৰাজনৈতিক সংঘাতৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকৰ সময়ত বিৰোধী পক্ষৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৈছে যে, মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰাটো বিৰোধীৰ এক “বৃহৎ ৰাজনৈতিক ভুল” আৰু ভৱিষ্যতে ইয়াৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।

জানিব পৰা মতে, সংসদ ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰীয়ে মহিলা সংৰক্ষণ সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত নোহোৱাত হতাশা প্ৰকাশ কৰে। তেওঁ কয় যে, বিৰোধী দলসমূহে ‘এই সিদ্ধান্তৰ বাবে আজীৱন অনুশোচনা কৰিব লাগিব’ আৰু আগন্তুক সময়ত ইয়াৰ মূল্য দিব লাগিব।

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই বাৰ্তা দেশৰ প্ৰতিখন গাঁৱলৈ প্ৰেৰণ কৰিব লাগে যে বিৰোধীৰ নাৰীৰ প্ৰতি থকা মানসিকতা নেতিবাচক।এই বিষয়টো কেৱল সংসদতে আবদ্ধ হৈ থাকিব নালাগে, বৰঞ্চ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাটো অতি প্ৰয়োজনীয়।

লগতে পঢ়ক: ১৭ এপ্ৰিলৰ দিনটোক “ক’লা দিন” বুলি অভিহিত কৰি বিৰোধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ