অনিৰ্দিষ্ট কালৰ বাবে স্থগিত লোকসভা আৰু ৰাজ্যসভা; বাজেট অধিবেশনৰ সামৰণি

অনিৰ্দিষ্ট কালৰ বাবে স্থগিত লোকসভা আৰু ৰাজ্যসভা; বাজেট অধিবেশনৰ সামৰণি

বাজেট অধিবেশনৰ সময়ত লোকসভাত উৎপাদনশীলতা ৯৩ শতাংশ আৰু ৰাজ্যসভাত ১১০ শতাংশ আছিল ২৮ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিবেশনৰ সামৰণি পৰিল । ১৮ এপ্ৰিলত কাৰ্য্যবিধিৰ আৰম্ভণিতে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে অধিবেশনৰ কাৰ্যসূচীৰ ওপৰত এক আভাস

বাজেট অধিবেশনৰ সময়ত লোকসভাত উৎপাদনশীলতা ৯৩ শতাংশ আৰু ৰাজ্যসভাত ১১০ শতাংশ আছিল

২৮ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিবেশনৰ সামৰণি পৰিল । ১৮ এপ্ৰিলত কাৰ্য্যবিধিৰ আৰম্ভণিতে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে অধিবেশনৰ কাৰ্যসূচীৰ ওপৰত এক আভাস দিয়ে আৰু তাৰ পিছত স্থগিত ৰখাৰ কথা ঘোষণা কৰে । বাজেট অধিবেশনৰ সময়ত লোকসভাত উৎপাদনশীলতা ৯৩ শতাংশ আৰু ৰাজ্যসভাত ১১০ শতাংশ আছিল ।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনৰ কাৰ্যবিধি স্থগিত ৰখাৰ কথা ঘোষণা কৰি কয় যে সদন ১৫১ ঘণ্টা ৪২ মিনিট ধৰি কাৰ্যবিধি চলে । ৰাজ্যসভাৰ অধ্যক্ষ চি.পি. ৰাধাকৃষ্ণনে উল্লেখ কৰে যে সদনে ১৫৭ ঘণ্টা ৪০ মিনিট কাম কৰিছিল । বাজেট অধিবেশনৰ সময়ত উৎপাদনশীলতা আছিল ১০৯.৮৭ শতাংশ । এই অধিবেশনত ১১৭টা প্ৰশ্ন কৰা হৈছিল, ৪৪৬টা শূন্য ঘন্টা অনুষ্ঠিত কৰা হৈছিল আৰু বিশেষ উল্লেখৰ অধীনত ২০৭টা বিষয় উত্থাপন কৰা হৈছিল ।

ৰাজ্যসভাৰ অধ্যক্ষই এই অধিৱেশনত তৃতীয়বাৰৰ বাবে হৰিবংশক উপাধ্যক্ষ নিৰ্বাচিত হোৱা বুলিও ঘোষণা কৰে । প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দলৰ নেতা-সদস্যৰ লগতে হৰিবংশক অভিনন্দন জনায় । সদনৰ কাম-কাজ চলোৱাৰ ক্ষেত্ৰত সকলো সদস্য, উপাধ্যক্ষ, উপাঅধ্যক্ষৰ পেনেলৰ প্ৰতি সহযোগিতাৰ বাবে অধ্যক্ষই কৃতজ্ঞতা জ্ঞাপন কৰে । ইয়াৰ পিছতে অধ্যক্ষই সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক : আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে